অদিতি সেৱা, নগাঁও: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী হিচাপে দেৱাশীষ শৰ্মাই জয়লাভ কৰাক লৈ উৎফুল্লিত শাসকীয় দলটো ।এইবাৰ বিজেপিৰ বিজয়োৎসৱত শিল্পীৰ ৰূপত দেখা গ’ল গেৰুৱা দলটোৰ সাংসদ-বিধায়কক । পূৰ্বে দুবাৰকৈ কংগ্ৰেছৰ দখলত থকা লোকসভা সমষ্টিটো বিজেপিয়ে পুনৰুদ্ধাৰ কৰাৰ পাছতে বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা মুখ্যমন্ত্ৰীলৈ সকলো উৎফুল্লিত হৈ আছে ।সেয়ে নগাঁৱৰ কলঙৰ বাকৰিৰ নেহৰুবালিত বুধবাৰে সন্ধিয়া বিজয় উৎসৱৰ আয়োজন কৰে । সন্ধিয়া নেহৰুবালিত আতচবাজীৰে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰাৰ উপৰিও এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে দলটোৱে ।বিজেপিৰ এই বিজয় উৎসৱ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত শিল্পীৰ ৰূপত দেখা গ’ল সাংসদ-বিধায়কক । পূৰ্বৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰৰ সৈতে জড়িত বিধায়ক ৰূপক শৰ্মাক ড্ৰামবাদকৰ ৰূপত দেখা গ’ল ।এফালে বিধায়ক ৰূপক শৰ্মাই বজাইছে ড্ৰাম, আনফালে নৱনিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাই গাই গৈছে এটাৰ পিছত আন এটা জনপ্ৰিয় গান । নিৰ্বাচনৰ পূৰ্বে প্ৰায়ে নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত দেৱাশী শৰ্মাই গোৱাৰ জনপ্ৰিয় বাংলা গীত সাদেৰ লাউ গাই সমৰ্থক তথা দৰ্শকক আপ্লুত কৰে ।বিজেপিৰ বিজয় উৎসৱ উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীকো গায়কৰ ৰূপত দেখা গ’ল । বিজয় উৎসৱ উপলক্ষে মঞ্চত বিধায়ক ৰমাকান্ত দেউৰীয়ে গালে তেওঁৰ বহু চৰ্চিত ‘মানসী’ গীতটি ।উল্লেখযোগ্য যে, বিজেপিৰ নিজৰ পাছত ধন্যবাদ যাত্ৰালৈ গৈ থকা অৱস্থাত চামগুৰি সমষ্টিৰ আৰহান নামৰ এজন যুৱকে এটি গান গাই আপ্লুত সাংসদ দেৱাশীষ শৰ্মাক কৰিছিল । আৰহানৰ প্ৰতিভাত আপ্লুত হৈ সাংসদ দেৱাশীষ শৰ্মাই আৰহানকো দিলে মঞ্চ । য’ত গীত পৰিৱেশন কৰি আৰহানেও শ্ৰোতাক মুগ্ধ কৰে ।কলঙৰ বাকৰিত অনুষ্ঠিত হোৱা বিজেপিৰ বিজয় উৎসৱত মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ দেৱাশীষ শৰ্মা, বিধায়ক ৰূপক শৰ্মা, বিধায়ক শশীকান্ত দাস, বিধায়ক ৰমাকান্ত দেউৰীকে আদি কৰি বিজেপিৰ বহুকেইগৰাকী নেতা উপস্থিত থাকে ।
সাংসদ-বিধায়কৰ গীত-মাতেৰে নগাঁৱত বিজেপিৰ বিজয় উৎসৱ