ডিজিটেল সেৱা : সদ্য ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত নগাঁৱৰ নালনছ কোচিং ক্লাছেচে বিশেষ সফলতা লাভ কৰিছে। এইবাৰৰ নীট পৰীক্ষাত শিক্ষানুষ্ঠানটোৰ পৰা পৰীক্ষাত অৱতীৰ্ণ মুঠ ৩৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত বৰ্তমানলৈকে ১১ গৰাকী শিক্ষাৰ্থীয়ে নীট পৰীক্ষাত সফলতা লাভ কৰি মেডিকেলত নাম ভৰ্তি কৰাৰ যোগ্যতা অৰ্জন কৰাৰ কৰাৰ খবৰে শিক্ষানুষ্ঠানখনৰ লগতে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। ইয়াৰে আতাউৰ ৰহমান(প্ৰাপ্ত নম্বৰ-৫৮৭), মমিতা দাস(প্ৰাপ্ত নম্বৰ-৫৪৪), প্ৰতিশ্ৰুতি বৰা(প্ৰাপ্ত নম্বৰ-৫১৫), তাজুদ্দিন আনচাৰী(প্ৰাপ্ত নম্বৰ-৫১৪), আলফাজ আছতাৰ আহমেদ(প্ৰাপ্ত নম্বৰ-৫০৩), হেলিনা চুলতানা আহমেদ(প্ৰাপ্ত নম্বৰ-৪৮৭), তনুশ্ৰী মণ্ডল(প্ৰাপ্ত নম্বৰ-৪৭৭,এচ চি), জেনিফা ইছলাম(প্ৰাপ্ত নম্বৰ-৪৬৬, পি ডব্লিউ বি ডি) আৰু কীছতিমা শইকীয়া(প্ৰাপ্ত নম্বৰ-৩৬৯,এচ টি)য়ে এম বি বি এচ পাঠ্যক্ৰমত নাম ভৰ্তি কৰাৰ যোগ্যতা লাভ কৰাটো নিশ্চিত হৈছে। আনহাতে, মামন চহৰীয়াই ৪৭০ নম্বৰ আৰু ৰিমী কলিতাই ৪২০ নম্বৰ লাভ কৰি আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত নাম ভৰ্তিৰ যোগ্যতা অৰ্জন কৰিছে। আজি শিক্ষানুষ্ঠানখনত অনুষ্ঠিত এক সভাত কৃতী ছাত্ৰ-ছাত্ৰী সকলৰ লগতে তেওঁলোকৰ সুযোগ্য অভিভাৱকসকলকো গামোচা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত বৰ্তমানৰ অধ্যায়নৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক ক্ৰমে ইমতিয়াজ আহমেদ, আশীষ পাণ্ডে, মমপী মণ্ডলকে ধৰি বহু কেইগৰাকী শিক্ষক কৰ্মচাৰী উপস্থিত থাকে। শিক্ষানুষ্ঠানৰ পৰিচালন সঞ্চালক ৰাজশ্ৰী ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে, মেডিকেলৰ লগতে চিকিৎসা বিজ্ঞানৰ অন্যান্য পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে কাউঞ্চিলিং কাৰ্য অব্যাহত আছে। সেয়েহে নগাঁৱৰ লালনচ কোচিং চেন্টাৰৰ পৰা আৰু অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰাৰ সম্ভাৱনা আছে।
নীটত ১১ গৰাকীয়ে মেডিকেলত স্থান লাভ নগাঁৱৰ লালনচ কোচিং ক্লাছেচৰ