ডিজিটেল সেৱা,গেলেকী : নাজিৰা-শিমলুগুৰি সংযোগী দিখৌ নদীৰ ৰেল দলঙৰ ওপৰত আজি এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। ৰেলৰ খুন্দাত এজন ব্যক্তি নদীৰ বুকুলৈ ছিটকি পৰি সন্ধানহীন হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, আজি পুৱা নাজিৰা-শিমলুগুৰি সংযোগী ৰেল দলঙৰ ওপৰেদি পাৰ হৈ থকাৰ সময়তে উজনিমুৱা এখন এক্সপ্ৰেছ ৰেলে ব্যক্তিজনক খুন্দা মাৰে। ইয়াৰ ফলত তেওঁ দলঙৰ ওপৰৰ পৰা পোনপটীয়াকৈ তলৰ দিখৌ নদীত পৰি যায়। নদীৰ প্ৰবল সোঁতত ব্যক্তিজন তৎক্ষণাত উটি যায়।ঘটনাৰ খবৰ পোৱাৰ লগে লগে শিমলুগুৰি জিআৰপিএফ (GRPF) আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ৰেল দলঙৰ ওপৰত পৰি থকা এটা কাপোৰৰ বেগ উদ্ধাৰ কৰে। বেগটোৰ ভিতৰত থকা আধাৰ কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰৰ পৰা ব্যক্তিজন বিহাৰৰ মুজাফৰপুৰ জিলাৰ তপেশ্বৰ ৰায় বুলি চিনাক্ত কৰা হৈছে।দুৰ্ঘটনাৰ পিছৰে পৰা নদীৰ প্ৰবল সোঁতত ব্যক্তিজন সন্ধানহীন হৈ আছে। বাতৰি লিখা পৰলৈকে আৰক্ষী আৰু স্থানীয় লোকে ব্যক্তিজনক উদ্ধাৰৰ বাবে অভিযান চলাই আছে যদিও কোনো সন্ধান পোৱা হোৱা নাই। এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰিছে।
নাজিৰাত ৰেলৰ খুন্দাত দিখৌ নদীত পৰি সন্ধানহীন বিহাৰৰ এজন ব্যক্তি