ছাত্র-যুৱৰ সংসদ যাত্ৰাৰ প্রতি সংহতি নগাঁৱত কেইবাটাও সংগঠনৰ বিক্ষোভ 

ডিজিটেল সেৱা, নগাঁও: দিল্লীৰ যন্তৰ মন্তৰত ছাত্র-যুৱৰ সংসদ যাত্ৰাৰ প্রতি সংহতি আৰু কৃষক নেতা আদিত্য ৰাভা আৰু প্রণৱ দলে সহ গ্ৰেপ্তাৰ কৰা সকলক বিনাচর্তে মুক্তিৰ দাবীত আজি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, নিখিল ভাৰত কৃষক সভা, অসম ৰাজ্যিক কৃষক সভা, চি. আই. টি. ইউ., সদৌ অসম প্ৰগতিশীল নাৰী সন্থা , নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, ভাৰতীয় গণনাট্য সংঘ, মানৱ একতা মঞ্চ আৰু গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ শতাধিক নেতা কর্মীয়ে নগাঁও মতিৰাম বৰা ক্ষেত্ৰত গণ অৱস্থান বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰে।  বৰষুণকো নেওচি প্রতিবাদ কাৰী সকলে দিনৰ ১১ বজাৰ পৰা ১২ বজালৈ এক ঘণ্টা ধৰি ধর্মেন্দ্র প্রধানে তাৎক্ষণিক পদত্যাগ কৰক , এন. টি. এ. বাতিল কৰক, ধাৰাবাহিক ভাৱে প্রশ্ন কাকত বাতিল হৈছে কিয় বিজেপি চৰকাৰ জৱাব দিয়ক , কুৰি জনতকৈ অধিক ছাত্ৰই আত্মহত্যা কৰিব লগা হ’ল কিয় মোডী তুমি জৱাব দিয়া, আদিত্য ৰাভা – প্রণৱ দলে সহ গ্ৰেপ্তাৰ কৰা সকলো কৃষক নেতাক বিনাচর্তে মুক্তি দিয়ক আদি শ্ল’গানেৰে বিক্ষোভ স্থলীৰ লগতে নগাঁওৰ ৰাজপথ উত্তাল কৰি তোলে।সংস্কৃতি কৰ্মী বাহিনীয়ে প্রতিবাদী কবিতা আবৃত্তি আৰু বিপ্লৱী গীত পৰিৱেশনৰে বিক্ষোভ কাৰী  সকলক অধিক অনুপ্ৰাণিত কৰি তোলে। বিক্ষোভত অংশগ্ৰহণ কৰা সংগঠন কেইটাৰ নেতৃবৃন্দই নতুন দিল্লীৰ যন্তৰ মন্তৰত ন্যায়ৰ দাবীত ছাত্র-যুৱ সকলে চলাই থকা আন্দোলনৰ ওপৰত পুৱতি নিশা পুলিচে চলোৱা অত্যাচাৰৰ তীব্ৰ নিন্দা কৰে। ২১ দিন ধৰি অনশন কৰি থকা জলবায়ু কৰ্মী সোনম ৱাংচুকৰ অপহৰণ আৰু আইছাৰ অনশনকাৰীসকলক বলপূৰ্বক আঁতৰোৱাৰ ঘটনাই মোদী-বিজেপি চৰকাৰৰ ছাত্র আৰু যুৱ সমাজৰ প্ৰতি থকা গভীৰ শত্ৰুতাক পুনৰ উন্মোচিত কৰিছে বুলিও গণ বিক্ষোভকাৰী সকলে মত প্ৰকাশ কৰে। গণ বিক্ষোভত অংশগ্ৰহণ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চূড়ান্ত স্বৈৰাচাৰী নীতি বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰু দেশজুৰি জনগণ সংগঠিত হৈছে বুলি মন্তব্য কৰে। তেওঁ কয় যে মোদী চৰকাৰে অত্যাচাৰৰ আশ্ৰয় লব লগাৰ কাৰণ হৈছে দুৰ্নীতি, পেপাৰ লিক আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ পদ্ধতিগত ধ্বংসৰ বিৰুদ্ধে বৃদ্ধি পোৱা ক্ষোভৰ কোনো উত্তৰ চৰকাৰৰ ওচৰত নাই। প্ৰতিবাদকাৰীসকলৰ ন্যায্য দাবীৰ সমাধান নকৰি চৰকাৰে ভীতি প্ৰদৰ্শন কৰি গণতান্ত্ৰিক সংগ্ৰামক দমনৰ দিশে আগবাঢ়িছে।বলপূৰ্বকভাৱে সোনম ৱাংচুকক আঁতৰোৱাৰ চেষ্টা কৰি  আন্দোলনক বিফল কৰাবৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰা প্ৰচেষ্টা ছাত্র- ছাত্ৰী সকলে ব্যৰ্থ কৰিছে । মহন্তই কয়, ” আমি সোনম ৱাংচুকৰ সৈতে থিয় দিছো আৰু তেওঁৰ সাহস আৰু সংকল্পক সন্মান জনাইছো। নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সভাপতি ৰাতুল বৰাই কয় বি জে পিৰ চৰকাৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছৰ পৰাই দেশৰ সাধাৰণ জনতাই উশাহ-নিশাহ ল’ব নোৱাৰা এক পৰিস্থিতি উদ্ভৱ হৈছে । পৰীক্ষাৰ প্ৰশ্ন কাকত লীক , ই-২০ , আমাৰ ৰাজ্যখনৰ দৰিদ্ৰ লোকসকলে পুৰুষানুক্ৰমে যুগ যুগ ধৰি ভোগ দখল কৰি অহা কৃষিভূমিবোৰ আৰক্ষী মিলিটেৰী লগাই জোৰজৱদস্তি দখল কৰি কৰ্প’ৰেট গোষ্ঠীক গতাই দিয়া , ৰাজহুৱা শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থা ভাঙি পেলোৱা আৰু নিবনুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ ইত্যাদি অনেক জ্বলন্ত সমস্যাই সমগ্ৰ দেশখনকেই দুৰ্গন্ধময় কৰি তুলিছে ।  সেয়ে আজি দেশৰ ৰাজধানী দিল্লীত যি সংসদ মাৰ্চৰ আহ্বান জনাইছিল তাৰ সমৰ্থন আৰু ভূমি আন্দোলনৰ নেতাসকলৰ মুক্তি দাবীত নগাঁও চহৰৰ মাজমজিয়াত এই গণ অৱস্থান বিক্ষোভ সংগঠিত কৰিছোঁ আৰু অনাগত দিনত এই আন্দোলনত ব্যাপক অংশগ্ৰহণ কৰাৰ বাবে ৰাইজক বিনম্ৰ আহ্বান জনাইছো । অসম ৰাজ্যিক কৃষক সভাৰ নগাঁও জিলা সভাপতি গোবিন নাথে কয় বি জে পিৰ শাসনকালত প্ৰশ্ন কাকত পৰীক্ষাৰ আগতে বাহিৰ হোৱাতো এক নিয়মত পৰিণত হৈছে। ইয়াৰ বিৰুদ্ধে অনশন আৰম্ভ কৰা সকলৰ প্ৰতি বাবে ফেচিষ্ট চৰকাৰখনে কোনো ধৰণৰ সঁহাৰি প্ৰদৰ্শন নকৰি গণতান্ত্ৰিক পৰম্পৰাক জলাঞ্জলি দিছে । কাৰ্যসূচীত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ জিলা সভানেত্ৰী মনোৱাৰা বেগম, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ জিলা সম্পাদিকা আয়েফা বেগম, চিটুৰ জিলা সভাপতি মধু মণ্ডল, গণনাট্য সংঘৰ মোলান লস্কৰ, প্রাক্তন বিধায়ক মজিবুৰ ৰহমান আৰু গণতন্ত্ৰ সুৰক্ষা মঞ্চৰ মৃদুপৱন বৰা আৰু ডাঃ লক্ষীধৰ দাস, মনোজ সিংহ ৰাজাকে ধৰি বহু বাওঁ মতাদৰ্শৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে। 

Related Articles