◆জমিৰ উদ্দিন তালুকদাৰ◆
উজনি অসমৰ পিছত এইবাৰ বানৰ সংহাৰী ৰূপ মধ্য অসমত৷ বিশেষকৈ পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ জিলাখনৰ প্ৰকৃতিৰ অনুপম সৌন্দৰ্যৰ আকৰ কান্তিলাংছ আৰু ভিৰবাৰ পাহাৰৰ পৰা বৈ অহা মুষলধাৰ বৰষুণৰ পানীয়ে বুৰাই পেলাইছে দেনগাওঁ, ডকমকা সহ কাষৰীয়া প্ৰায় ২৭ খনৰো অধিক কাৰ্বি গাওঁ৷ যোৱা নিশাৰে পৰা গাঁৱকেইখনত আৱদ্ধ হৈ পৰে শতাধিক লোক৷ জলবন্দী হৈ পৰে পোহনীয়া জীৱ-জন্তু৷ পূৰ্বে কোনোদিনে ভয়ংকৰ বান বিভীষিকা দেখা নাই কাৰ্বি আংলংবাসীয়ে। হঠাৎ পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীয়ে অস্বাভাৱিক বান-বিভীষিকাৰ সৃষ্টি কৰে৷ বানত এজন যুৱক নিখোঁজ হৈ পৰাত আজি পুৱাৰ ভাগত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়৷ কালি দুপৰীয়া বানৰ পানীত মাছ ধৰিবলৈ যোৱাৰ সময়ত বানে উটুৱাই নিছিল যুৱকজনক৷ কাৰ্বি আংলং জিলাৰ ডকমকাত বানত উটি যোৱা যুৱকজনৰ মৃতদেহ আজি পুৱাৰ ভাগত এচডিআৰএফে উদ্ধাৰ কৰিছে৷ যুৱকজনৰ নাম ৰাহুল এক্কা বুলি জানিব পৰা গৈছে৷ কাৰ্বি আংলং জিলাত হঠাৎ বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত স্থানীয় প্ৰশাসনৰ ভূমিকাক লৈ সৰৱ হৈ পৰে স্থানীয় ৰাইজ৷ ৰাইজৰ অভিযোগ মতে, বানৰ সময়ত প্ৰশাসনে কোনো ধৰণৰ তৎপৰতা দেখুৱা নাই৷ ইপিনে ভয়ংকৰ বানৰ কৱলত পৰা ডবকা-ডিফু সংযোগী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত একঁকাল পানী হোৱাৰ ফলত পথছোৱাদে যাতায়াত বন্ধ হৈ পৰিছে৷ ভয়ংকৰ বানে ডকমকাত ডিফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ এছোৱা উটুৱাই লৈ যোৱাত সম্প্ৰতি পথছোৱাৰে সকলো ধৰণৰ যাতায়াত বন্ধ হৈ পৰে৷ হোজাই জিলা প্ৰশাসন আৰু কাৰ্বি আংলং জিলা প্ৰশাসনে পথছোৱা বন্ধ কৰি দিছে৷ ফলত ডিমাপুৰ, নাগালেণ্ড, মনিপুৰ অভিমুখী সকলো ধৰণৰ যাতায়াত ব্যাহত হৈ পৰিছে৷ ইপিনে ডবকাতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ ডবকাৰ বুঢ়ীগংগা পাহাৰৰ পৰা বৈ অহা দেউৰীজান আৰু বোকাজান নৈৰ পানীত সূতাৰগাওঁ পঞ্চায়তৰ এক বিস্তৃৰ্ণ অঞ্চল বানত ডুব গৈছে৷ বিশেষকৈ ডবকা পৌৰসভা এলেকাৰ দুই নম্বৰ ৱাৰ্ড, সূতাৰগাওঁ পঞ্চায়তৰ কেবাখনো গাঁৱৰ ঘৰ-দুৱাৰ বানৰ কৱলত পৰিছে৷ বিশেষকৈ ডবকা পৌৰসভা এলেকাত দেউৰীজান নৈৰ সোঁতত কোনো লোকে মাটি দি ভেটা দিয়াৰ ফলত পানী নামি অহাৰ সকলো পথ বন্ধ হৈ পৰিছে৷ প্ৰতি বছৰ বাৰিষাৰ সময়ত এই অঞ্চলৰ ৰাইজে বানত ককবকাই থাকিবলগীয়া হয়৷ আজি ডবকা ৰাজহ চক্ৰ বিষয়াই বিভিন্ন বিভাগৰ বিষয়া সকলক লৈ পৰিস্থিতি নিৰীক্ষণ কৰিছে৷ যোৱা দুদিনৰ পৰা হোৱা মুষলধাৰ বৰষুণৰ ফলত যমুনা নৈৰ পানী ফেনে ফুটুকাৰে বাঢ়িছে৷ ইপিনে কাৰ্বি আংলঙত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাত সেই পানীখিনিও আহি যমুনা নৈত পৰিছে৷ ফলত যমুনাৰ বানে যিকোনো সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে৷ ফলত ডবকা চহৰৰ পৰা নাহৰগাওঁ সংযোগী যমুনা নৈৰ ওপৰত থকা শতিকা প্ৰাচীন দলংখনৰ ওপৰেদি সকলো ধৰণৰ যাতায়াত বন্ধ কৰা হৈছে৷ বান পৰিস্থিতি উন্নত হলে পুনৰ দলংখন মুকলি কৰি দিয়া হব।