ডিজিটেল সেৱা, নগাঁও: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা নগাওঁ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁৱৰ ধিঙত আয়োজিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত ২২,৮১৮ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে।

কাইলৈ ২১ জুলাই তাৰিখে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত উক্ত আঁচনিৰ চেক বিতৰণ কৰিব নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ।

কাইলৈ অনুষ্ঠিত হ’বলগীয়া এই গুৰুত্বপূৰ্ণ চেক বিতৰণ অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত আজি ২০ জুলাই তাৰিখে ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ অনুষ্ঠানস্থলীত উপস্থিত হয় জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। জিলা আয়ুক্তই সমগ্ৰ স্থান পৰিদৰ্শন কৰাৰ লগতে কাইলৈৰ কাৰ্যসূচী যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাৰ বাবে সামগ্ৰীক প্ৰস্তুতি আৰু পৰিবেশৰ বুজ লয়।