ইয়াহইয়া আহমদ বৰভূঞাৰ ‘সৰ্বক্ষেত্ৰত কুৰআনৰ প্ৰাসংগিকতা’ উন্মোচন

◆জমিৰ উদ্দিন তালুকদাৰ◆

গ্ৰন্থ কেৱল জ্ঞান আহৰণৰ মাধ্যমেই নহয়, ই প্ৰজন্মৰ পৰা প্ৰজন্মলৈ জ্ঞান, অভিজ্ঞতা আৰু প্ৰজ্ঞাৰ সেঁতু হিচাপে কাম কৰে। গুহাবাসী মানুহৰ যুগৰ পৰা আধুনিক সভ্যতালৈ আৰু শিলালিপিৰ পৰা মুদ্ৰিত গ্ৰন্থ তথা ডিজিটেল যুগলৈ মানৱ সভ্যতাৰ উত্তৰণৰ প্ৰতিটো পৰ্যায়তে গ্ৰন্থৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এই মন্তব্য বিশিষ্ট লেখক-কবি দিলাল আহমেদৰ। নীলবাগানস্থিত জলিলীয়া মাদ্ৰাছাৰ সভাগৃহত আজি বিশিষ্ট লেখক ইয়াহইয়া আহমদ বৰভূঞাৰ বহু চৰ্চিত গ্ৰন্থ ‘সৰ্বক্ষেত্ৰত কুৰআনৰ প্ৰাসংগিকতা’ উন্মোচন উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি দিলাল আহমেদে এই মন্তব্য কৰে। তেওঁ কয় যে আজিৰ প্ৰজন্মক মোবাইল ফোনৰ অত্যধিক আসক্তিৰ পৰা আঁতৰাই কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। কিতাপ পঢ়াৰ সংস্কৃতিয়ে জ্ঞান, চিন্তা আৰু মূল্যবোধৰ বিকাশ ঘটাই এখন সমাজ তথা জাতিৰ সুস্থ আৰু শুদ্ধ ভৱিষ্যৎ নিৰ্মাণত সহায় কৰে বুলিও তেওঁ উল্লেখ কৰে। ডবকা হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক নজৰুল হক বৰভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম ৰাজ্যিক তালিমী তৰক্কী ব’ৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা মুজাহিদুল ইছলাম কাছিমীয়ে। গ্ৰন্থ উন্মোচন কৰি মৌলানা মুজাহিদুল ইছলাম কাছিমীয়ে কুৰআন অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু আধুনিক সমাজ-জীৱনত কুৰআন শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়। মানুহৰ ব্যক্তিগত জীৱনৰ পৰা সামাজিক আচৰণ আৰু নৈতিক জীৱনলৈ ধৰ্মীয় মূল্যবোধৰ প্ৰভাৱ সম্পৰ্কেও তেওঁ আলোকপাত কৰে। সভাত অতিথি হিচাপে উপস্থিত থাকে ডবকাৰ বিশিষ্ট চিকিৎসক ডাঃ খালিকুজ্জামান চৌধুৰী, ডাঃ আনোৱাৰ হুছেইন চৌধুৰী, মৌলানা গিয়াছ উদ্দিন কাছিমী, শ্বেখ আব্দুল লতিফ চাহাব, নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মোহাম্মদ বৰভূঞা, ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বদৰুল ইছলাম বেগ, হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰশীদ আহমদ, বিশিষ্ট লেখক-কবি দিলাল আহমেদ, মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আশ্বিক ৰব্বানী, লেখক আব্দুছ ছামাদ গণি আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানৰ আৰম্ভণিতে নীলবাগান জলিলীয়া মাদ্ৰাছাৰ একাংশ ছাত্ৰই ইংৰাজী, উৰ্দু আৰু অসমীয়া ভাষাত বক্তব্য প্ৰদান কৰে। ছাত্ৰসকলৰ বক্তব্যই অনুষ্ঠানটোক অধিক অৰ্থৱহ কৰি তোলে। গ্ৰন্থ উন্মোচনী সভাত বক্তাসকলে নতুন প্ৰজন্মৰ মাজত গ্ৰন্থপাঠৰ পৰিৱেশ গঢ়ি তোলাৰ লগতে জ্ঞান, নৈতিকতা আৰু মূল্যবোধভিত্তিক শিক্ষা প্ৰসাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অঞ্চলটোৰ বহুকেইগৰাকী শিক্ষাবিদ, লেখক, শিক্ষক, সমাজকৰ্মী আৰু বিশিষ্ট নাগৰিক অনুষ্ঠানটোত উপস্থিত থাকে।

Related Articles