নগাঁৱত ডাক বেলট যোগে ভোট দিলে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই

ডিজিটেল সেৱা: নগাঁও জিলাত আজিৰে পৰা নিৰ্বাচনী কৰ্তব্যত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ বাবে ডাক বেলটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলৰ লগতে নিজৰ গৃহ সমষ্টিৰ বাহিৰত কৰ্তব্যত নিয়োজিত ভোটাৰসকলৰ সুবিধাৰ্থে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা পোষ্টেল বেলট কোষত আজি প্ৰথম দিনা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ডাক বেলটযোগে প্ৰথমটো ভোট প্ৰদান কৰি এই প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে। তেওঁ লগতে নিৰ্বাচনৰ কৰ্তব্যত নিয়োজিত সকলোকে এই সুবিধা গ্ৰহণ কৰি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনায়। নিৰ্বাচনী কৰ্তব্যত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ উপৰিও নিৰ্বাচন আয়োগে অধিসূচিত কৰা বিভিন্ন অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত অসামৰিক কৰ্মচাৰী ভোটাৰসকলৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত স্থাপন কৰা এই বিশেষ ভোটগ্ৰহণ কেন্দ্ৰটো আগন্তুক ৮ এপ্ৰিল পৰ্যন্ত অব্যাহত থাকিব।ইয়াৰ সমান্তৰালকৈ আৰক্ষী বাহিনীৰ লোকসকলৰ বাবে নগাঁও আৰক্ষী চাউনীত স্থাপন কৰা আন এখন ভোটদান কেন্দ্ৰত জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে ডাক যোগে ভোট প্ৰদান কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। তেওঁৰ লগতে আৰক্ষী প্ৰশাসনৰ অন্যান্য বিষয়া আৰু কনিষ্টবলসকলেও ইয়াৰ শাৰীপাতি ভোটদান কৰে। উক্ত ভোটদান কেন্দ্ৰতো আৰক্ষী কৰ্মীসকলে আগন্তুক ৮ এপ্ৰিল পৰ্যন্ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। চৰকাৰী কৰ্তব্য পালনৰ মাজতো যাতে কোনো এজনো কৰ্মচাৰী নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলা প্ৰশাসনে এই সুব্যৱস্থা গ্ৰহণ কৰিছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। তেওঁ জনোৱা মতে, জিলাখনত নিৰ্বাচনৰ দায়িত্বত নিয়োজিত প্ৰায় ন হাজাৰ বিষয়া-কৰ্মচাৰীয়ে এই সুবিধা গ্ৰহণ কৰিব।

Related Articles