JEE ত স্থান দখলেৰে পুণৰ উজলি উঠিল আজমল ছুপাৰ ৪০

ডিজিটেল সেৱা, হোজাই: পুণৰ উজলি উঠিল আজমল ছুপাৰ ৪০। সদ্য ঘোষিত ২০২৬ বৰ্ষত JEE (MAINS চেচন ২) পৰীক্ষাত চমকপ্ৰদ সফলতাৰে ৰাজ্যত সুনাম কঢ়িয়াই আনিলে আজমল ছুপাৰ ৪০য়ে।

JEE MAINS পৰীক্ষাত ৱাদুদ বাহাৰে ৯৯.২৯ পাৰ্চেন্টাইল নম্বৰেৰে সৰ্বভাৰতীয় পৰ্যায়ত আজমল ছুপাৰ ৪০ বাবে সুনাম কঢ়িয়াই অনাৰ লগতে আৰিফ উদ্দিন ৯৯.১৫ পাৰ্চেন্টাইল, জুমিদ বৰ্মা ৯৯.০৮ পাৰ্চেন্টাইল আৰু মাৰ্জান আলমে ৯৮.২৪ পোৱাৰ উপৰিও ১৩ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে ৯৮ পাৰ্চেন্টাইল আৰু

৩৪ গৰাকীয়ে ৯৭পাৰ্চেন্টাইল,৬১গৰাকীয়ে ৯৬ পাৰ্চেন্টাইল, ৭৭ গৰাকীয়ে ৯৫ পাৰ্চেন্টাইল আৰু ১৩২ গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে ৯০ পাৰ্চেন্টাইলৰ লাভ কৰি আজমল ছুপাৰ ৪০ৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। এই সফলতাত উৎফুল্লিত হৈ পৰিছে আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমল।

আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ছুপাৰ ৪০ৰ মুখ্য কাৰ্যালয়ত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীক আজি উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম, মহা প্ৰবন্ধক ড° এম আৰ এইচ আজাদ আৰু আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে।

Related Articles