এফ জি আই ছিনিয়ৰ চেকাণ্ডৰী স্কুলৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ

ডিজিটেল সেৱা, নগাঁও : আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁও জিলাৰ ভিতৰত উন্নত ফলাফল প্ৰদৰ্শন কৰি উজলি উঠিছে নগাঁও চহৰৰ এখন অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান এফ জি আই ছিনিয়ৰ চেকাণ্ডৰী স্কুল।

পূৰ্বৰ ধাৰাবাহিকতা অব্যাহত ৰাখি বিজ্ঞান আৰু কলা দুয়োটা শাখাত উত্তীৰ্ণৰ হাৰ এশ শতাংশ। এইবাৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিদ্যালয়খনৰ অৱতীৰ্ণ মুঠ ১০০ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত সকলোৱে প্ৰথম বিভাগ সহ উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ইয়াৰে বিজ্ঞান শাখাত ৮১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। তাৰে ৩৪ গৰাকীয়ে আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ডিষ্টিংচন লাভ কৰাৰ লগতে ৫১ গৰাকীয়ে একাধিক বিষয়ত লেটাৰ ষ্টাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে।

বিজ্ঞান শাখাৰ মেহবিজ আহমেদ নামৰ এগৰাকী ছাত্ৰীয়ে অংক বিষয়ত ১০০ নম্বৰৰ ভিতৰত সৰ্বোচ্চ ৯৯ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

একেদৰে কলা শাখাত পৰীক্ষাত অৱতীৰ্ণ মুঠ ১৯ গৰাকীয়ে একাধিক বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। আনহাতে, জান্নাতুল ফেৰদৌছ নামৰ এগৰাকী ছাত্ৰীয়ে ৯৩ শতাংশ নম্বৰ সহ ডিষ্টিংচন লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে আজিৰ ফলাফল লাভ কৰাৰ পিছত বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ মাজত এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয়।

ছাত্ৰ-ছাত্ৰীয়ে আৱতৰীয়া আতজ-বাজিৰে আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। সাফল্যত অত্যন্ত সন্তুষ্টি ব্যক্ত কৰে বিদ্যালয়খনৰ সঞ্চালক চিৰাজ উদ্দিন আহমেদ আৰু অধ্যক্ষ মোশ্বাৰফ হুছেইন কবিৰে।

Related Articles