প্ৰসংগ:অসমৰ বান গৰাখহনীয়া সমস্যা

মুৰুলী বৰুৱা

অসমৰ বহুকেইটা জটিল সমস্যাৰ ভিতৰত এক অন্যতম গুৰুত্বপূৰ্ণ সমস্যা হৈছে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা । বিশেষকৈ অসমত যুগ যুগ ধৰি অব্যাহত থকা গৰাখহনীয়াৰ ভয়াবহ পৰিস্থিতিয়ে অসমৰ বাসোপযোগী তথা বহু কৃষি ভূমি ইতিমধ্যেই ধ্বংস কৰি পেলাইছে । একপ্ৰকাৰ ক্ৰমান্বয়ে যেন সংকোচিত হৈ পৰিছে সামগ্ৰিক অসমৰ ভূমি খণ্ড । কিন্তু অতি পৰিতাপৰ কথা অসমৰ কৃষিভিত্তিক অৰ্থনীতিৰ ককাল ভাঙি পেলোৱা এই ভয়াবহ সমস্যাটোৰ সমাধানৰ স্থায়ী কোনো সমাধানসূত্ৰ আজিলৈকে নোলাল । যিটো সময়ত আজি মহাকাশত গাওঁ পতাৰ কথা মানুহে ভাবিব পৰা হৈছে সেই একেখিনি সময়ত নদীৰ গৰাখহনীয়া ৰোধৰ এক স্থায়ী সমাধানসূত্ৰ উলিয়াব নোৱাৰা কথাটো ভাবিবলৈ টান লাগে । অপ্ৰিয় হলেও সত্য যে অসমৰ যুগ যুগ ধৰি অব্যাহত থকা এই সমস্যাটো স্থায়ী সমাধানৰ ক্ষেত্ৰত বিফল হোৱাৰ মূল কাৰণটোৱেই ৰজাঘৰৰ সদিচ্ছাৰ অভাৱ । কাৰণ এই সমস্যাটোৰ মাধ্যমেৰে একাংশই ৰাজনৈতিক মুনাফা লাভ কৰাৰ লগতে ধনী হোৱাৰো বাট মুকলি হৈ থাকে ।প্ৰতি বছৰেই অসমত ভয়াবহ সংহাৰ চলোৱা অসমৰ বানপানী আৰু গৰাখহনীয়া কাৰণ বিশ্লেষণ কৰিবলৈ গৈ একাংশ গৱেষকে আগবঢ়োৱা কেইটামান কাৰণ হৈছে অসমৰ নদী সমূহৰ ধাল ভাৰতবৰ্ষৰ অন্যান্য নদী সমূহতকৈ কিছু সুকীয়া । প্ৰাকৃতিক কাৰণত ঠাই বিশেষে এখন নৈৰ সোত যদি তীব্ৰ হয় কোনো অঞ্চলত আকৌ তাৰ গতি একেবাৰে কমি যায় । ইয়াৰ উপৰিও মূল নৈ আৰু উপনৈবোৰে কঢ়িয়াই অনা গেদ, ভূমিকম্প, অসমত হোৱা উচ্চ হাৰৰ বৃষ্টিপাত, তাপমাত্ৰাৰ বৃদ্ধি , বনাঞ্চল ধ্বংসকৰণ , অপৰিকল্পিত মথাউৰি নিৰ্মাণ বুলি চিহ্নিত কৰা হৈছে। ১৯৩০ চনমানৰ পৰাই আৰম্ভ হোৱা গৰাখহনীয়াৰ তাণ্ডৱ আমাৰ ৰাজ্যখনত এতিয়াও অব্যাহত আছে। ১৯৫১ চনৰ পৰা ২০০০ চনলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে অসমৰ ৪,২৯,৬৯৭ হেক্টৰ কৃষিভূমি খহাই নিছে। ২০১৮ চনত তদানীন্তন জলসম্পদ মন্ত্ৰীয়ে অসম বিধানসভাত দাঙি ধৰা তথ্যমতে ১৯৫৪ চনৰ পৰা সেই বছৰলৈকে ৪.২৭ লাখ হেক্টৰ ভূমি গৰাখহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰৰ বুকুত জাহ যায়। ইয়াৰ ফলত ৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছিল, ১.২৫ লাখ পৰিয়ালক স্থানান্তৰ কৰিবলগীয়া হৈছিল। তদুপৰি ১ লাখ ৩০ হেজাৰ লোক গৃহহীন হৈ মথাউৰি বা চৰকাৰী ভূমিত বাস কৰিবলগীয়া হৈছিল। এই তথ্য চৰকাৰী ভাৱে দিয়াহে । অসমত ইয়াতকৈ বহু গুণে বেছি ক্ষতি কৰিছে এই দুৰ্যোগে ।
ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াই সমগ্ৰ অসমত এতিয়ালৈকে কিমান ক্ষতি কৰিছে তাৰ সঠিক
তথ্য পাবলৈ নাই যদিও ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণ ব’ৰ্ডে ১৯৫৪ চনৰ পৰা ১৯৬৯ চনলৈ সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত জনা যায় যে এই কালছোৱাত প্ৰতিবছৰে গড়ে ২৫৩খন আৰু ৮,০৯১ হেক্টৰ ভূমি গৰাখহনীয়াৰ কবলত পৰে। এই তথ্যৰ পৰাই ৰাজ্যখনত গৰাখহনীয়াৰ ভয়াৱহতাৰ উমান পাব পাৰি আৰু কি হাৰত অসমৰ ভূমি সংকোচিত হৈ আহিছে তাৰ ধাৰণা কৰিব পাৰি ।গৰাখহনীয়াৰ কবলত পৰি ১৯৫০ চনৰ পিচত ডিব্ৰুগড়ৰ একাংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। একালৰ বাণিজ্যিক ঠাই আৰু নদীবন্দৰ পলাশবাৰী ১৯৫৪ চনতেই জাহ গৈছে। ১৯৫০ চনৰ পৰা ১৯৬৪ চনৰ ভিতৰত গোৱালপাৰা চহৰৰ পুৰণি কাছাৰীৰ পৰা গান্ধী ময়দানসহ ভাটিফালৰ সমৃদ্ধ বাণিজ্যিক এলেকা ব্ৰহ্মপুত্ৰৰ বুকুত লীন হৈ গৈছে। ধুবুৰী চহৰৰ একাংশও ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি বিলুপ্ত হৈছে। দক্ষিণ শালমাৰা নগৰখনো কিছু বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে। সত্ৰ নগৰী অসমৰ সাংস্কৃতিক প্ৰাণ কেন্দ্ৰ মাজুলীৰ প্ৰায় আধা অংশই ইতিমধ্যে লুইতৰ বুকুত বিলীন হ’ল ।ভাৰতীয় মহাকাশ সংস্থা আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডে যুটীয়াভাৱে চলোৱা এক অধ্যয়ন মতে ১৯৬৯–৭৪ চনৰ কালছোৱাত মাজুলীত ৫০.০৭ বৰ্গ কিলোমিটাৰ ভূমি খহনীয়াত জাহ গৈছিল। মাজুলীৰ ২৪৪খন গাঁৱৰ ৬৪খন সম্পূৰ্ণৰূপে আৰু ৩০খন গাঁও আংশিকভাৱে আক্ৰান্ত হৈছিল। ২০০৩ চনৰ ৩১ ডিচেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসম বিধানসভাত ঘোষণা কৰা মতে উজনিৰ ডিব্ৰুগড়ৰ ২৯৮ হেক্টৰ, মাজুলীৰ ৪২ হেজাৰ হেক্টৰ আৰু মাতমৰা বালিঘাটৰ ১০ হেজাৰ হেক্টৰ ভূমি খহনীয়াৰ ফলত ধ্বংসপ্ৰাপ্ত হৈছিল। সেইদৰে মৈৰাবাৰী, ভূৰাগাঁও আৰু লাহৰীঘাটত ১৫ হেজাৰ হেক্টৰ, চুণাৰী–হাজীৰহাটত ৪০ হেজাৰ হেক্টৰ আৰু পাটামাৰীত ২,৫০০ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে খহাই নিছে। বৰপেটা জিলাত ১৯৫০ চনৰ পৰা ১৯৮৮ চনলৈকে ১৫০খন গাঁও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে খহাই নিছে। এয়া উদাহৰণহে মাত্ৰ । এনেকুৱা অলেখ তথ্য এই প্ৰসংগত উল্লেখ কৰিব পাৰি ।এতিয়া প্ৰশ্ন হৈছে অসমৰ মাথাউৰি ৰক্ষনাবেক্ষন আৰু নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ দায়িত্ব প্ৰকৃততে কাৰ ? আজি অসমৰ জনসাধাৰণৰ বাবে বান আৰু গৰাখহনীয়া বিভীষিকা নতুন কথা নহয় । প্ৰতি বছৰে বিহু অহাৰ দৰে বান আহে গৰাখহনীয়া হয় । বিগত সাতটা দশকৰ ভিতৰত ১৯৯১,১৯৬৮,১৯৭২,১৯৮৭, ১৯৮৮,১৯৮৯,২০০৪,২০০৮,২০১২,২০১৯,২০২২ বছৰ কেইটাতেই অসমত আটাইতকৈ বেছি বানপানীৰ ধ্বংসলীলা হ’ল । অতি দুখৰ কথা অসমৰ মুঠ মাতিকালিৰ প্ৰায় ৪০শতাংশ অঞ্চলত (৩২ লাখ হেক্টৰ মাটিত ) বানৰ সংহাৰ চলে । ১৯৫০ চনৰ বৰভূইকপৰ পিচৰে পৰা অসমত হ’বলৈ ধৰা বানে প্ৰতিবছৰে ব্যাপক ৰূপত অসমৰ কৃষি ভূমি তথা ধাননি পথাৰত সংহাৰ চলাবলৈ আৰম্ভ কৰে । ইয়াক প্ৰতিৰোধ কৰিবলৈ ১৯৫৪ চনৰ পৰা অসমৰ বানপানী অধ্যুষিত নদীপাৰ অঞ্চল সমূহত মাথাউৰি নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ হয় । পৰৱৰ্তী সময়ত বিশেষকৈ ষাঠিৰ দশকৰ পৰা এই মাথাউৰি নিৰ্মাণৰ প্ৰক্ৰিয়া ক্ৰমান্বয়ে সম্প্ৰসাৰিত হয় আৰু আৰু আজিও এই প্ৰক্ৰিয়া অব্যাহত আছে । কিন্তু দুৰ্ভাগ্যজনক কথা যে এই মাথাউৰি সমূহৰ নিয়মিত ৰক্ষনাবেক্ষন ,সংবৰ্দ্ধন আৰু আপদালৰ অভাৱৰ বাবেই বহু সময়ত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰি ধ্বংসলীলা আৰম্ভ কৰে । এতিয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে অসমত প্ৰতিবছৰে প্ৰায় তিনিবাৰ পৰ্যন্ত বান হয় । বৰষুণৰ পৰিমাণ কমিলে সপ্তাহ দহদিনত সেই বান ক্ৰমান্বয়ে জামৰিবলৈ ধৰে যদিও গৰাখহনীয়াৰ প্ৰকোপ সমগ্ৰ বছৰটো ধৰিয়ে অব্যাহত থাকে । যাৰ পৰিণতিত অসমৰ আৰ্থ- সামাজিক দিশটোত ব্যাপক প্ৰভাৱ পৰে । নদীৰ গৰাখহনীয়াৰ বাবেই অসমতা প্ৰতিবছৰে প্ৰায় আঠ হাজাৰ হেক্টৰৰো অধিক মাটিত থকা খেতি পথাৰ মানুহৰ ঘৰ , বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান নদীৰ বুকুত জাহ গৈছে । সেয়ে অসমৰ দীৰ্ঘকালিন বান গৰাখহনীয়া সমস্যাক ভাৰত চৰকাৰে অতি গুৰুত্বসহকাৰে লৈ বিজ্ঞানসন্মত ভাৱে সমাধানসূত্ৰ উলিয়াই সমাধান কৰাটো নিতান্তই বাঞ্ছনীয় । আজি কেন্দ্ৰ আৰু ৰাজ্যত একেদলৰে চৰকাৰ থকাৰ পাছত এই কাম কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক কথা ।অসমক জুৰুলা কৰি অহা অসমৰ বানপানী আৰু গৰাখহনীয়া বিষয়কেইটা সংবিধানৰ সমবৰ্তি সূচিলৈ (Concurrent list) লৈ নিশ্চিত ভাৱে আনিব পৰে । অসমৰ বান আৰু গৰাখহনীয়া প্ৰৱন্ধন বিষয়ক সংবিধানৰ সপ্তম সূচীত অংকিত কৰি এই সমস্যা কেইটা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ দায়বদ্ধ হ’ব পাৰে । এই সম্পৰ্কে কিছু দিনৰ আগতে বৰ্তমানৰ নগাঁৱৰ সাংসদ প্ৰদুৎ বৰদলৈয়ে এক পৰামৰ্শও আগবঢ়াইছিল । তেওঁ নদী উপত্যকাত জলসম্পদৰ বহুখলপীয়া ব্যৱহাৰ সুনিশ্চিত কৰিবলৈ অৰুণাচলকো সামৰি বহু চৰ্চিত ‘Brahmaputra River Valley Authority’ গঠনৰো পোষকতা কৰিছিল । ইয়াৰ উপৰিও অসমৰ জলসম্পদ বিভাগৰ আয়ত্বাধীন অনুষ্ঠান হিচাপে অসমত এক Riverine Erosion & Embankment Management Authority গঠন কৰিব পাৰে । যাতে এই Authority এ একানপতীয়াকৈ অসমৰ মাথাউৰি সমূহৰ ৰক্ষনাবেক্ষন , সংবৰ্ধন আৰু মেৰামতি তথা যত্ন কৰাৰ লগতে বছৰটো ধৰি চলি থকা নদী গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ।

Related Articles