হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰক শুভেচ্ছা অসম বাৰ্তাজীৱী সংঘৰ

অদিতি সেৱা,গুৱাহাটী : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ নতুন চৰকাৰখনক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে অসম বাৰ্তাজীৱী সংঘই৷ আজি এক বিবৃতিত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধি আৰু সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মাই একেৰাহে দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ চৰকাৰক শুভেচ্ছা জনাই নতুন চৰকাৰখনে ৰাজ্যৰ জনসাধাৰণৰ মৌলিক সমস্যাৰাজি সমাধানত সফল হ’ব বুলি আশা প্ৰকাশ কৰিছে৷ বিবৃতিটোত নতুন চৰকাৰখনে ৰাজ্যখনৰ সাংবাদিক-সংবাদকৰ্মীসকলৰ সমস্যাসমূহ সমাধান কৰিব বুলিও আশা প্ৰকাশ কৰে অসম বাৰ্তাজীৱী সংঘৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে৷ তেওঁলোকে কয় যে চৰকাৰৰ জনহিতকৰ আঁচনি-কাৰ্যসূচীসমূহ ৰাইজৰ মাজলৈ নিয়াৰ ক্ষেত্ৰত সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷ একেদৰে ৰাইজৰ অভাৱ-অভিযোগ তথা সমস্যাসমূহো সাংবাদিকসকলে চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে৷ প্ৰতিনিয়ত ৰাইজৰ হকে কাম কৰি অহা সাংবাদিকসকল অসমত কিন্তু আজিও বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে৷ অসমত সাংবাদিকৰ বাবে প্ৰস্তাৱিত স্বাস্থ্য বীমা আঁচনি আজিও বাস্তৱত ৰূপায়ণ নহ’ল৷ সাংবাদিক নিগ্ৰহৰ ঘটনাও সম্পূৰ্ণৰূপে বন্ধ নহ’ল৷ বিভিন্ন সময়ত গঠন কৰা আয়োগে সাংবাদিকৰ দা-দৰমহাকে ধৰি অন্যান্য বিষয়ত দিয়া পৰামৰ্শৰ ভিত্তিত সুবিধা ৰাজ্যখনৰ দুই-এটা সংবাদ গোষ্ঠীৰ বাহিৰে বহু সাংবাদিকে আজিও লাভ নকৰিলে৷ নিৰ্দিষ্ট একাংশক বাদ দি ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক সাংবাদিক-সংবাদকৰ্মীৰ জীৱন ধাৰণৰ মান আজিও উন্নত নহ’ল৷ ধনৰ অভাৱত উপযুক্ত চিকিৎসা লাভৰ পৰা আজিও বহু সাংবাদিক বঞ্চিত হৈ আছে৷ এনে পৰিস্থিতিত ৰাজ্যখনৰ সাংবাদিক-সংবাদকৰ্মীসকলৰ সমস্যাসমূহ সমাধানৰ লগতে তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ নতুন চৰকাৰখনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসুধন মেধি আৰু সাধাৰণ সম্পাদক অঞ্জন কুমাৰ শৰ্মাই আশা প্ৰকাশ কৰিছে৷

Related Articles