নগাঁও জিলাৰ মাধ্যমিক বিদ্যালয়সমূহৰ নতুন শিক্ষাবৰ্ষৰ প্ৰস্তুতিমূলক পৰ্যালোচনা

ডিজিটেল সেৱা: নগাঁও জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত আজি নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাধ্যমিক স্তৰৰ বিদ্যালয়সমূহৰ প্ৰধানসকলক লৈ এক গুৰুত্বপূৰ্ণ শৈক্ষিক পৰ্য্যালোচনা সভা সফলতাৰে অনুষ্ঠিত হয়। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিতে জিলাখনৰ শিক্ষা ব্যৱস্থাটোক অধিক গতিশীল আৰু সময়োপযোগী কৰি তোলাৰ লক্ষ্যৰে আয়োজিত এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আগন্তুক সময়ছোৱাত জিলাখনৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ সফল ৰূপায়ণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। বিশেষকৈ নতুন শিক্ষানীতিৰ আধাৰত প্ৰশ্নকাকতৰ যি নতুন আৰ্হি প্ৰস্তুত কৰা হৈছে, সেই সন্দৰ্ভত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলক কেনেধৰণে প্ৰস্তুত কৰি তুলিব লাগিব আৰু শ্ৰেণীকোঠাত পাঠদান প্ৰক্ৰিয়া কেনেকৈ অধিক ফলপ্ৰসূ কৰিব পৰা যাব, সেই সম্পৰ্কে তেওঁ বিস্তৃত ব্যাখ্যা আগবঢ়ায়। এই পৰ্য্যালোচনা সভাখনত উপস্থিত থকা বিভিন্ন বিদ্যালয়ৰ প্ৰধানসকলে নিজ নিজ শিক্ষানুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত সন্মুখীন হোৱা ব্যৱহাৰিক সমস্যা আৰু শৈক্ষিক প্ৰত্যাহ্বানসমূহ জিলা প্ৰশাসন তথা শিক্ষা বিভাগৰ কৰ্তৃপক্ষৰ আগত স্পষ্টকৈ ডাঙি ধৰে। সভাখনত নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, জিলা প্ৰাথমিক শিক্ষা বিষয়া বিভূতিভূষণ বৰুৱা, জিলা প্ৰকল্প বিষয়া প্ৰশান্ত কোঁৱৰ, জিলা অধিবিদ্যা পৰিষদৰ সচিব পাৰুল গায়ন আৰু সাধাৰণ সম্পাদক যজ্ঞেশ্বৰ ৰাজখোৱাকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়াসকল উপস্থিত থাকে। সভাই জিলাখনৰ শিক্ষক আৰু শিক্ষা প্ৰশাসনৰ মাজত এক যোগাত্মক সমন্বয় স্থাপন কৰাৰ লগতে আধুনিক শিক্ষা পদ্ধতিৰ সৈতে খোজ মিলাই আগবাঢ়ি যোৱাত গুৰুত্ব আৰোপ কৰে।

Related Articles