ডিজিটেল সেৱা: সমগ্ৰ বিশ্বৰ লগতে অহা ২১ জুনত নগাঁও জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে আয়োজন কৰা হৈছে। সেই অনুসৰি বিগত বছৰ সমূহৰ দৰে এইবেলিও নগাঁও আৰক্ষী ছাউনীত জিলা প্ৰশাসনৰ মূল অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানত স্থানীয় বিধায়ক, জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক আদিৰ লগতে আন আন বিশিষ্ট অতিথি, স্থানীয় স্বেচ্ছাসেৱী সংগঠনৰ লোক, ছাত্ৰ-ছাত্ৰী আৰু জিলা প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ৰাজ্যৰ এগৰাকী মন্ত্ৰীয়েও অংশ লোৱাৰ সম্ভাৱনা আছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। যোগ দিৱসৰ প্ৰস্তুতি পৰ্বক লৈ কালি আবেলি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত আয়ুক্ত কমলজিৎ শৰ্মাৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়, য’ত স্বাস্থ্য, শিক্ষা, ক্ৰীড়া, সংস্কৃতি, জনসংযোগ, জনস্বাস্থ্য কাৰিকৰী, আৰক্ষী আদি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। সভাৰ সিদ্ধান্ত অনুসৰি, অহা ১৬ জুনৰ দিনা নুৰুল আমিন ক্ৰীড়া প্ৰকল্পৰ ইন্দোৰ ষ্টেডিয়ামত চাৰিটা শাখা যোগাসনৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰথম গ্ৰুপত ১০ বছৰৰ অনুৰ্দ্ধ, দ্বিতীয় গোটত ১০-১৮ বছৰ বয়সৰ সকল, তৃতীয় গ্ৰুপত ১৮-৩৫ বছৰ আৰু চতুৰ্থ গ্ৰুপত ৩৫ উৰ্দ্ধৰ সকলৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। আগ্ৰহী সকলক উক্ত ইন্দোৰ ষ্টেডিয়ামত পুৱা ১০ বজাৰ পূৰ্বে হাজিৰ হ’বলৈ আহ্বান জনোৱা হৈছে। বিজয়ীসকলক ২১ জুনৰ মূল অনুষ্ঠানত ট্ৰফী আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে। ইয়াৰ পূৰ্বে এইবেলি যোগ দিৱস উপলক্ষে কাইলৈ অৰ্থাৎ ১৪ জুনৰ দিনা অন লাইন যোগে যোগাসনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ গীনিজ বুকৰ বিশ্ব অভিলেখ গঢ়াৰ এক অভিনৱ প্ৰক্ৰিয়া হাতত লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই অনলাইন যোগ অনুষ্ঠানত সকলোকে ভাগ ল’বলৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আহ্বান জনাইছে। তেওঁ কয় যে, প্ৰাচীন ভাৰতীয় মহৎ উদ্ভাৱন এই যোগাসনক লৈ এইবেলি বিশ্ব অভিলেখ গঢ়াৰ যি প্ৰক্ৰিয়া হাতত লোৱা হৈছে, সেই গৌৰৱময় ইতিহাসৰ নগাঁও জিলাৰ প্ৰতিজন নাগৰিকে অংশগ্ৰহণ কৰা উচিত। তাৰ বাবে ১৮০০-৩১৫-৭০০৮ নং মাছুল বিহীন ফোন নম্বৰত মিছ কল দি পঞ্জীয়ন কৰি ল’ব লাগিব। তাৰ পিছতে অহা ১৪ জুন অৰ্থাৎ কাইলৈ পুৱা ৬.৩০ বজাৰ পৰা ৮.৩০ বজাৰ ভিতৰত হ’বলগীয়া যোগ শিক্ষাৰ তিনিটা এঘন্টীয়া কাৰ্যসূচীৰ যিকোনো এটাত নিজৰ সুবিধা অনুসৰি অংশগ্ৰহণ কৰিলেই হ’ল। অতি সহজ এই প্ৰক্ৰিয়াৰ জৰিয়তে যোগৰ বিশ্ব অভিলেখৰ অংশীদাৰ হ’বলৈ সকলো শ্ৰেণীৰ লোকৰ প্ৰতি জিলা আয়ুক্তই আহ্বান জনাইছে।
সমগ্ৰ বিশ্বৰ লগতে নগাঁও জিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি