নগাঁও বিশ্ববিদ্যালয়ত জিলা আয়ুক্ত আৰণ্যক শইকীয়া

ডিজিটেল সেৱা: নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচন উপলক্ষ্যে ভোটাৰ শিক্ষা আৰু সজাগতা কাৰ্যসূচীৰ (ছুইপ)ৰ অংশ হিচাপে আজি নগাঁও বিশ্ববিদ্যালয়ৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও জিলাৰ আয়ুক্ত আৰণ্যক শইকীয়াই ১৮ বছৰৰ উৰ্ধৰ নতুন তথা যুৱ শিক্ষাৰ্থীসকলক দেশৰ ৰাজনৈতিক ক্ষেত্ৰত সতৰ্ক আৰু ভোটদানৰ অধিকাৰৰ ক্ষেত্ৰত সক্ৰিয় হ’বলৈ আহ্বান জনায়। আয়ুক্তগৰাকীয়ে নিজৰ ভাষণত আগন্তুক ৬ অক্টোবৰ তাৰিখে অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিষয়ে সকলোকে অৱগত কৰোৱাৰ লগতে, প্ৰতিজন যোগ্য নাগৰিকে নিজ নিজ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি নিৰ্বাচনৰ এই মহোৎসৱত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণ অপৰিহাৰ্য। তেওঁ ছাত্ৰ -ছাত্ৰীসকলক উদ্দেশ্যি কিছু প্ৰেৰণাদায়ক মন্তব্য আগবঢ়ায়। এই কাৰ্যসূচীত নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাৰ লগতে বিশ্ববিদ্যালয়খনৰ শিক্ষাগুৰুসকল আৰু জিলাখনৰ বিভিন্ন মহাবিদ্যালয় তথা নগাঁও বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী উপস্থিত থাকে। উক্ত কাৰ্যসূচীৰ পিছতে জিলা আয়ুক্ত‌ই উপাচাৰ্যৰ সৈতে এখন বৈঠকতো মিলিত হয়।

Related Articles