ডিজিটেল সেৱা,নগাঁও : নগাঁও লোকসভা সমষ্টিৰ
উপ-নিৰ্বাচনৰ বাবে এই নিৰ্বাচনৰ ৰিৰ্টানিং বিষয়া তথা নগাঁও জিলা নিৰ্বাচন বিষয়া আৰণ্যক শইকীয়াই আজি আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিছে। সেই অনুসৰি আজিৰে পৰাই মনোনয়ন দাখিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মনোনয়ন পত্ৰ গ্ৰহণৰ বাবে সহকাৰী ৰিটাৰ্ণিং বিষয়া হিচাপে অতিৰিক্ত আয়ুক্ত পল্লৱী গগৈক দায়িত্ব অৰ্পন কৰা হৈছে। অহা ১৬ ছেপ্টেম্বৰৰ ভিতৰত দিনৰ ১১ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। পিছদিনা মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব আৰু ১৯ ছেপ্টেম্বৰৰ আবেলি ৩ বজাৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। ইফালে আন এক আদেশ যোগে জিলা আয়ুক্ত গৰাকীয়ে জনাইছে যে, মনোনয়ন দাখিলৰ বাবে আহিব লগীয়া ব্যক্তিৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সৰ্বাধিক তিনিখন গাড়ীহে প্ৰৱেশ কৰিব পাৰিব। এজন প্ৰাৰ্থীৰ হকে মনোনয়ন পত্ৰ দাখিলৰ বাবে সৰ্বাধিক পাঁচজন ব্যক্তিহে জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰিব পাৰিব। সুকলমে মনোনয়ন পত্ৰ দাখিলৰ সুবিধাৰ্থে আৰু নিৰাপত্তা জনিত কাৰণত অহা ১৪ ছেপ্টেম্বৰৰ পৰা ১৭ ছেপ্টেম্বৰলৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত ব্যক্তিগত যানবাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। নগাঁও জিলা প্ৰশাসনে নিৰ্বাচনৰ প্ৰস্তুতি তীব্রতৰ কৰি তুলিছে। এই প্ৰস্তুতিৰ অংশস্বৰূপে কালি সন্ধিয়া জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ নিৰ্বাচনী পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত, জিলা আয়ুক্তই গণতান্ত্ৰিক মৰ্যাদা অক্ষুণ্ণ ৰাখি নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ স্বচ্ছ, অন্তৰ্ভুক্তিমূলক, শান্তিপূৰ্ণ আৰু ভোটাৰ অনুকূল কৰি তোলাটোৱে মূল লক্ষ্য বুলি প্ৰকাশ কৰে। নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি অহা ৬ অক্টোবৰত ভোটগ্ৰহণ আৰু ৯ অক্টোবৰত ভোটগণনা সম্পন্ন হ’ব।সভাত নিৰ্বাচনী বিধি অনুসৰি ল’বলগীয়া আটাইবোৰ কাৰ্যৰ বিষয়ে আলোকপাত কৰা হয়। বৈঠকত জিলা আয়ুক্তই আগন্তুক উপ-নিৰ্বাচনৰ বাবে নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধি কঠোৰভাৱে পালন কৰিবলৈ সকলো প্ৰশাসনিক, আৰক্ষী আৰু বিভাগীয় বিষয়াক স্পষ্ট নিৰ্দেশ দিয়ে। লগতে নিৰ্বাচনৰ লগত জড়িত প্ৰতিটো বিভাগক নিজৰ দায়িত্বসমূহ সঠিকভাৱে পালন কৰি আগতীয়াকৈ যাৱতীয় ব্যৱস্থা সুনিশ্চিত কৰিবলৈ আয়ুক্তগৰাকীয়ে নির্দেশ প্ৰদান কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক ভি. ভি. ৰাকেশ ৰেড্ডীয়ে সমাগত উপ-নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হ’ব বুলি উল্লেখ কৰি সকলো স্তৰতে আইন-শৃংখলা পৰিস্থিতি অক্ষুণ্ণ ৰাখিবলৈ আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে সাজু আছে বুলি অৱগত কৰে। তেওঁ লগতে ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ নিৰাপত্তা আৰু সংবেদনশীল অঞ্চলসমূহত অতিৰিক্ত বাহিনী নিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকত, ৰহা সম-জিলাৰ আয়ুক্ত, ড৹ অংকিতা বৰা, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে পল্লৱী গগৈ, কমল জিৎ শৰ্মা, গোপাল শৰ্মা, মৃদুল বড়ো, দিপাংকৰ বৰ্মন, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ, নিৰ্বাচন বিষয়া প্ৰতিশা দত্ত, সহকাৰী আয়ুক্ত শেখৰণ ফুকন প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, চি. আৰ.পি.এফ., চক্ৰ বিষয়াসকল, খণ্ড উন্নয়ন বিষয়াসকল আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে।নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ লগে লগে কালিৰে পৰা নগাঁও জিলাৰ অন্তৰ্গত গুৰুত্বপূৰ্ণ পাঁচটা বিধানসভা সমষ্টিত অবৈধ বিজ্ঞাপন তথা প্ৰচাৰ সামগ্ৰী অপসাৰণৰ এক ব্যাপক অভিযান আৰম্ভ কৰা হৈছে। এই নিৰ্দিষ্ট সমষ্টিকেইটা হৈছে ক্ৰমে ৫৫নং ধিং, ৫৬নং ৰূপহীহাট, ৫৮নং চামগুৰি, ৬০নং নগাঁও -বটদ্ৰৱা আৰু ৬১নং ৰহা (অনুসূচীত জাতি) সমষ্টি। নিৰ্বাচনী আইন আৰু নিৰ্দেশনাৱলী কঠোৰভাৱে পালন কৰাৰ উদ্দেশ্যে প্ৰশাসনৰ তৰফৰ পৰা এই অভিযানৰ অংশস্বৰূপে ৰাজনৈতিক ব্যক্তি আৰু বিভিন্ন ৰাজনৈতিক দলৰ দ্বাৰা প্ৰদৰ্শিত বেনাৰ, প’ষ্টাৰ, হোৰ্ডিং আৰু ফ্লেগসমূহ তৎপৰতাৰে আঁতৰাই পেলোৱা হয়।
নগাঁও উপ-নিৰ্বাচনৰ আনুষ্ঠানিক অধিসূচনা জাৰি