অদিতি সেৱা: ৮.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পই চুই গ’ল ৰাছিয়াৰ কামচাটকাৰ দ্বীপপুঞ্জৰ পূব উপকূল অঞ্চল। বুধবাৰে পুৱাই ৰাছিয়াত ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি।ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই দেশৰ জনগণৰ লগতে ইয়াৰ উপকন্ঠ অঞ্চলৰ লোকসকলক ছুনামিৰ সতৰ্কবাণী শুনাইছে। জাপান, গুৱাম, হাৱাই, প্ৰশান্ত মহাসাগৰত ৰাছিয়া আৰু আলাস্কাত ছুনামিৰ আশংকা প্ৰকাশ কৰা হৈছে ।ভূমিকম্পটোৰ অভিকেন্দ্ৰ কামচাটকাৰ পূব উপকূলৰ ওচৰত ৫২.৫৬ ডিগ্ৰী উত্তৰে আৰু ১৬০.১০ ডিগ্ৰী পূবে আৰু ইয়াৰ গভীৰতা আছিল ৫৫ কিলোমিটাৰ । লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বতৰ সেৱাই ছুনামিৰ সতৰ্কতা জাৰি কৰিছে । হাৱাই, গুৱাম আৰু উত্তৰ মাৰিয়ানা দ্বীপসমূহৰ বাবেও ছুনামি হোৱাৰ সতৰ্কতা জাৰি কৰা হৈছে ।
ৰাছিয়াত ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি