৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

অদিতি সেৱা:অভিনয়, পৰিচালনা, সংগীত, আৰু প্ৰডাকচন আদি বিভিন্ন শাখাত আগবঢ়োৱা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ১ আগষ্টত ঘোষণা কৰা হয়। নতুন দিল্লীৰ নেছনেল মিডিয়া চেণ্টাৰত সংবাদ মেলৰ জৰিয়তে জুৰীৰ সদস্যসকলে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ঘোষণা অনুসৰি এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছিয়ে। শ্বাহৰুখ খানক ‘জৱান’ ছবিত কৰা অভিনয়ৰ বাবে এই বঁটা প্ৰদান কৰাৰ লগতে বিক্ৰান্ত মেছিক ‘12th Fail’ ছবিত কৰা অনবদ্য অভিনয়ৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। ৰাণী মুখাৰ্জীয়ে ‘Mrs Chatterjee Vs Norway’ ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। হিন্দী ভাষাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে ‘Katthal’এ। মহিলা শাখাত শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ বঁটা লাভ কৰিছে জৱান আৰু পুৰুষ শাখাত শ্ৰেষ্ঠ নেপথ্য গায়কৰ বঁটা লাভ কৰিছে বেবী ছবিয়ে। সেইদৰে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে উল্লোঝোক্কু ছবিৰ বাবে উৰ্বশীয়ে আৰু ভাস ছবিৰ বাবে জানকিয়ে। শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ কৰিছে পাৰ্কিং ছবিৰ বাবে মুথুপেট্টাই আৰু পুকালাম ছবিৰ বাবে বিজয়ৰাঘৱনে।

Related Articles