কেৱল যুদ্ধবিৰতিয়েই যথেষ্ট নহয়, শান্তি চুক্তিৰ প্ৰয়োজন

অদিতি ডেস্ক: শীৰ্ষ সন্মিলনৰ পূৰ্বে ট্ৰাম্পে স্পষ্টভাৱে সকীয়াই দিছিল যে যদি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে ৰাছিয়াই ‘গুৰুতৰ পৰিণতি’ৰ সন্মুখীন হ’ব লাগিব আলাস্কা শীৰ্ষ সন্মিলনৰ পাছত হঠাতে সলনি হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্থিতি। শীৰ্ষ সন্মিলনৰ পূৰ্বে তেওঁ স্পষ্টভাৱে সকীয়াই দিছিল যে যদি ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ বাবে সন্মতি নিদিয়ে তেন্তে ৰাছিয়াই ‘গুৰুতৰ পৰিণতি’ৰ সন্মুখীন হ’ব লাগিব। কিন্তু, আলোচনাৰ অন্তত তেওঁৰ ভাষা সম্পূৰ্ণৰূপে সলনি হ’ল। এতিয়া ট্ৰাম্পে কৈছে যে ইউক্ৰেইন যুদ্ধ সাময়িক যুদ্ধবিৰতি নহয়, ‘শান্তি চুক্তি’ৰ দ্বাৰাহে শেষ হ’ব পাৰে। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত লিখিছে, ‘‘সকলো নেতাই এই কথাত একমত হৈছিল যে এই ভয়ংকৰ যুদ্ধৰ অন্ত পেলোৱাৰ সৰ্বোত্তম উপায় হ’ল কেৱল যুদ্ধবিৰতি নহয়, প্ৰত্যক্ষ শান্তি চুক্তি, যিটো প্ৰায়ে স্থায়ী নহয়।’’ এই বক্তব্য তেওঁৰ পূৰ্বৰ বক্তব্যৰ সম্পূৰ্ণ বিপৰীত, পূৰ্বে পুটিনৰ পৰা শীঘ্ৰে যুদ্ধবিৰতিৰ দাবী জনাই আহিছিল ট্ৰাম্পে।সোমবাৰে হোৱাইট হাউছৰ অভাল অফিচত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক সাক্ষাৎ কৰিব বুলিও ট্ৰাম্পে নিশ্চিত কৰে। আনকি তেওঁ ইংগিত দিছে যে যদিহে পৰিস্থিতি অনুকূল হৈ থাকে তেন্তে পুটিনৰ সৈতে দ্বিতীয়খন বৈঠকৰ দিনো ধাৰ্য কৰা হ’ব পাৰে। কেৱল এয়াই নহয়, ‘ফক্স নিউজ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ আনকি ত্ৰিপাক্ষিক বৈঠকৰ সম্ভাৱনাও প্ৰকাশ কৰিছিল যদিও ক্ৰেমলিনৰ এজন জ্যেষ্ঠ বিষয়াই এই ধাৰণাক নস্যাৎ কৰিছিল।
ট্ৰাম্প-পুটিনৰ বৈঠকত ‘যুদ্ধবিৰতি’ৰ কোনো উল্লেখ নাই
আমোদজনক কথাটো হ’ল আলাস্কাত এই ছঘণ্টীয়া বৈঠকত ‘যুদ্ধবিৰতি’ৰ কথা উল্লেখ কৰা হোৱা নাছিল। আনহাতে আলোচনাৰ পূৰ্বে ট্ৰাম্পে কেইবাবাৰো কৈছিল যে যদি পুটিনে সন্মতি নিদিয়ে তেন্তে ৰাছিয়াই ‘অতি গুৰুতৰ অৰ্থনৈতিক পৰিণতি’ৰ সন্মুখীন হ’ব লাগিব। কিন্তু কোনো নতুন নিষেধাজ্ঞা ঘোষণা কৰা নহ’ল, কোনোধৰণৰ ব্যৱস্থা লোৱাৰ ইংগিতো দেখা নগ’ল। ইয়াৰ বিপৰীতে পৰিবেশটো আছিল বন্ধুত্বপূৰ্ণ। পুটিনে এই বৈঠকক ‘ইতিবাচক আৰু আন্তৰিক’ বুলি অভিহিত কৰাৰ লগতে ট্ৰাম্পেও হাঁহি হাঁহি একেই কথাই আওৰাইছে।

Related Articles