●ৰেজাউল কৰিম
২০০৫ চনৰ ডিচেম্বৰ মাহত লাহৰিঘাটৰ ওচৰৰ চুতীয়া গাঁও, পামবৰী, ধেকেৰামাৰী, শিয়ালমাৰী কছাৰী গাঁও, ধুমকুৰা, চেনীমাৰী, এক নং টেঙাগুৰি আদি কৰি কেইবাখনো চৰ ভ্ৰমণ কৰিছিলো। ১৯৮০ চনৰ আগত এই আটাইকেইখন গাঁও আছিল, চৰ নাছিল। অঞ্চলটোৰ ভিতৰত ধুমকুৰা এখন বেপাৰ বাণিজ্যৰ বাবে প্ৰসিদ্ধ গাঁও আছিল। ইয়াত এখন ডাঙৰ বজাৰ আছিল। এইখন বজাৰৰ পৰা মৰাপাট জাহাজেৰে পশ্চিমবংগ লৈ নিয়া হৈছিল। ধুমকুৰাৰ ওচৰৰ গাঁও পানীকণ্ট , আমগুৰি, বৰিগাঁও পথাৰ, টুপলুংবৰি, গৰখীয়া সুঁতি আদি আছিল বড়ো অধ্যুষিত অঞ্চল। চুতীয়া গাঁও, আমতলা আৰু জটীয়াবৰি আছিল অসমীয়া হিন্দু লোকৰ বসতি অঞ্চল। শিয়ালমাৰী কৈৱৰ্ত গাঁওখন আছিল অনুসূচীত জাতিৰ লোক। ধুমকুৰাৰ লগতে এই সমগ্ৰ অঞ্চলটো তেতিয়া হয় চৰ হৈ পৰিছিল নতুবা সম্পূৰ্ণ নদীৰ গৰ্ভত আছিল। আমাক লৈ যোৱা নাৱৰীয়া জনে সুবিস্তীৰ্ণ বলুকাৰাশি দেখুৱাই কৈছিল সেয়াই ধুমকুৰা। অতীতৰ সমৃদ্ধিশালী অঞ্চলটো চাহাৰাৰ ৰূপ লৈছে। এই অঞ্চলটোত ১৯৮৫ চনৰ পৰা গৰাখহনীয়া আৰম্ভ হৈ ১৯৮৭ চনত সম্পূৰ্ণৰূপে জাহ গৈছিল ।১৯৮৭ চনৰ পৰা মানুহবোৰে অসমৰ বিভিন্ন ঠাইত, মথাউৰিত,ৰেল লাইনৰ দাঁতিত বাস কৰি মাটিবোৰ চৰ হিচাপে ওলোৱাৰ বাবে অপেক্ষা কৰি আছিল। ১নং টেঙাগুৰি গাঁওখন ১৯৮২ চনত গৰাখহনীয়াত পৰে আৰু ১৯৮৪ চনত সম্পূৰ্ণ ৰূপে নদীৰ গৰ্ভত সোমায়। ১৯৯৫ চনৰ পৰা গাঁওখন চৰ ৰূপে উঠিবলৈ আৰম্ভ কৰে। এই সুদীৰ্ঘ সময়ত অঞ্চলটোৰ মুছলমান মানুহবোৰে শিৱসাগৰ, গোলাঘাট, অৰুণাচল প্ৰদেশ, জোনাই, ডিমাপুৰ, জাগীৰোড কাগজ কল আদিত বনুৱা হিচাপে কাম কৰিছিল। এক নং টেঙাগুৰি গাঁৱৰ আমিৰুদ্দিনে ১৪ বছৰ শ্ৰমিক হিচাপে কাম কৰি আছিল। আব্দুল হামিদে নিশাটোৰ ভিতৰতে ভিক্ষাৰীত পৰিণত হৈছিল। তেওঁ কৈছিল যে জীয়াই থাকিবলৈ তেওঁ চুৰি কৰাৰ বাহিৰে সকলো কামেই কৰিছে। অথচ তেখেতসকল আছিল ধনী পৰিয়াল। অনেক লোকে বিভিন্ন ঠাইত চৰকাৰী মাটিত বসবাস কৰিছিল। কিছু সংখ্যক লোক বছৰ বছৰ ধৰি মথাউৰিত আছিল। টেঙাগুৰি গাঁৱৰ কাষত আছিল নাঙলী চৰ। ইয়াত নেপালী মানুহৰ বসতি আছিল। ইংৰাজ চৰকাৰৰ দিনত এই অঞ্চলটোত কলনাইজেচন আঁচনিৰ আধাৰত বঙ্গৰ পৰা অহা মুছলমান লোকক মাটি আবণ্টন দি স্থাপিত কৰিছিল। তেতিয়া ব্ৰহ্মপুত্ৰ নদীখন ওচৰে পাজৰে নাছিলেই। সমগ্ৰ অঞ্চলটো চৰ হৈ যোৱাত অসমীয়া, কছাৰী, নেপালী মানুহখিনি চৰলৈ উভতি নাহিল। মুছলমানৰ অনেকেই থকাৰ সুচল নোহোৱাত বেলেগ ঠাইলৈ গৈ চৰকাৰী মাটিত বহিল।কিছুমানে চৰত বহিল।অসমীয়া, বড়ো, কছাৰী, নেপালী লোক সকলেও নিজৰ সুবিধা অনুসৰি স্থানান্তৰিত হল। কৰবাত চৰকাৰী মাটিত বা ফৰেষ্টৰ মাটিত গৈ বহিল। কাৰণ চৰকাৰে এই গৰাখহনীয়াত পৰা লোকসকলক আজিলৈ সংস্থাপিত কৰা নাই।পামবৰী, চুতীয়া গাঁও, শিয়ালমাৰী গাঁও সম্পৰ্কে মোৰ পূৰ্বৰ অভিজ্ঞতা আছে। ২০০২ চনমানত এই গাঁওবোৰলৈ চৰকাৰী কামত গাঁওসভা পাতিবলৈ গৈছিলো। তেতিয়া গাঁওবাসীয়ে এটা পথ নিৰ্মাণৰ দাবী জনাইছিল। তিনিবছৰ পাছত যেতিয়া পুনৰ সেই ঠাইলৈ গৈছিলো তেতিয়া সমগ্ৰ অঞ্চলটো নদীৰ বুকুত সোমাই আছিল। কি যে এক হৃদয়বিদাৰক দৃশ্য। মানুহবোৰ কলৈ গৈছে নাজানো।পামবৰী গাঁৱৰ প্ৰায় দুহেজাৰ মানুহৰ ভিতৰত কুৰিটা পৰিয়াল আছিল জনজাতি লোকৰ। বাকীবোৰ মুছলমান। পামবৰি গাঁৱৰ গাঁওবুঢ়াৰ নাম আছিল গজেন্দ্ৰ সেনাপতি। চুতীয়া গাঁও, ধেকেৰামাৰী, শিয়ালমাৰী কছাৰি গাঁও আৰু ধুমকুৰা গাঁৱৰ গাঁওবুঢ়া আছিল দণ্ডিৰাম শইকীয়া। দুয়োজনকে বাটৰ ওপৰত জুপুৰি এটা সাজি তাতে থকা অৱস্থাত লগ পাইছিলো। দুয়োজনে দুপৰীয়া সময়খিনি ধৰ্মপুথি পঢ়ি কটাইছিল। পৰিয়ালৰ আন লোকসকলক আত্মীয়ৰ ঘৰলৈ পঠিয়াই দিছিল। তেওঁলোকৰ সৈতে কথা পাতোতে কৈছিল যে এই গাঁও সমূহত থকা সকলো লোককে আমি চিনি পাও। একেলগে উমলি জামলি ডাঙৰ হৈছো।ইয়াত বিদেশী মানুহ নাই।অসমীয়া মানুহে চৰত থাকিব নোৱাৰে। চৰৰ বিপদসংকুল জীৱনটোত তেওঁলোক অভ্যস্ত নহয়। মুছলমান লোকসকল দুভাগ হৈ গৈছিল। এচামে বছৰ বছৰ ধৰি অপেক্ষা কৰি নিৰ্জন দ্বীপ সদৃশ চৰত থাকিবলৈ উভতি আহে। আন এচামে কৰবাত চৰকাৰী মাটি দখল কৰি বসতি কৰি থাকে। একেদৰে অসমীয়া মানুহে সাধ্যানুসৰি বিকল্প হিচাপত কৰবাত মাটি এটুকুৰা কিনি থাকিবলৈ লয়। নহলে তেওঁলোকেও কোনো চৰকাৰী মাটিত বসতি কৰিবলৈ ধৰে। হিন্দু কি মুছলমান সকলো দৰিদ্ৰ লোকৰ একেই দুৰ্দশা।সমগ্ৰ অসমৰ ভূমিহীন, উদ্বাস্তু, গৰাখহনীয়াগ্ৰস্ত লোকৰ একেই দুৰ্দশা। কোনো চৰকাৰেই আজিলৈকে এনেলোকক উপযুক্ত সংস্থাপন দিব পৰা নাই। ইমান বৃহত সংখ্যক লোকক সংস্থাপন কৰাটো সহজ কথা নহয়। আনহাতে জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ মাটি থাকিও নথকাৰ দৰে। কাৰণ মাটিৰ কোনো পট্টা নাই। অৰ্থাত তেওঁলোকৰ অধিকাংশ লোক চৰকাৰী মাটিতেই বসবাস কৰে। তেওঁলোকৰ অভিযোগ বৰ্তমানৰ চৰকাৰে তেওঁলোকৰ ভূমি নথিভুক্ত কৰি সকলোকে পট্টা দিয়াৰ সলনি সেইবোৰ ভূমিবেঙ্ক হিচাপে নথিভুক্ত কৰি চৰকাৰীভাৱে সংৰক্ষণ হে কৰিছে যাতে সময়ত ভূমিপুত্ৰৰ ভূমি পুজিপতি সকলক বাধাহীনভাৱে আবন্টিত কৰিব পাৰে।গৰাখহনীয়াত পৰি ভূমিহীন হৈ চৰকাৰী মাটিত বসবাস কৰা লোকসকল বিদেশী নহয়। ভাৰতীয় নাগৰিক। আমি যোৱা গাঁওসমূহত হোৱা ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত এই কথা কব পাৰো।সেই যে ৰাস্তাৰ ওপৰত জুপুৰি সাজি থকা গজেন্দ্ৰ সেনাপতি আৰু দণ্ডিৰাম শইকীয়া নামৰ গাঁওবুঢ়া দুজনৰ জীৱনৰ দুৰ্দশা আৰু আমিৰুদ্দীন আৰু আব্দুল হামিদৰ জীৱনৰ দুৰ্দশাৰ মাজত কোনো পাৰ্থক্য নাই।গণতান্ত্ৰিক দেশৰ চৰকাৰে প্ৰকৃতিয়ে উদ্বাস্তু কৰা লোক, ভূমিহীন লোক, আভ্যন্তৰীণ ভাৱে স্থানান্তৰিত হোৱা লোক আৰু দৰিদ্ৰ লোকক সংস্থাপিত কৰিব লাগে। চৰকাৰৰ প্ৰয়োজন হলেও বিকল্প ব্যৱস্থা নকৰালৈকে মাটিৰ পৰা উচ্ছেদ কৰিব নালাগে। উচ্ছেদ অগণতান্ত্ৰিক, অমানৱীয় আৰু সংবিধান বিৰোধী কথা। বৰ্তমানে চলি থকা উচ্ছেদ সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত। এচাম লোক মুছলমান হোৱা বাবেই বলপূৰ্বক উচ্ছেদ কৰা, উচ্ছেদিত লোকক পুনৰসংস্থাপন নকৰা আৰু আন এচামক পুনৰসংস্থাপনৰ কথা কোৱাৰ দৰে ঘৃণনীয় সাম্প্ৰদায়িকতা অসমৰ ইতিহাসত চাগে এয়ে প্ৰথম। এনে কাৰ্য্যক সমৰ্থন কৰিব পৰাটোও কম অমানৱীয়তা নহয়।প্ৰশ্ন হৈছে বিকল্প ব্যৱস্থা নকৰিলে এখেতসকলে পুনৰ আন কোনো ঠাইত থাকিবলৈ ধৰিব। কাৰণ ভাৰতীয় এজনক দেশৰ বাহিৰলৈ খেদি পঠিয়াবতো নোৱাৰি।এনেদৰে নিৰ্য্যাতিত হোৱা লোকৰ ঘৰত কেনেকুৱা মানসিকতাৰ নতুন প্ৰজন্মৰ জন্ম হব ভাবকচোন এবাৰ। ই এটা ভয়লগা ভৱিষ্যতৰ আগজাননী।সেয়ে আমি কব খোজো বিকল্প ব্যৱস্থা নকৰালৈ যিকোনো ভাৰতীয় নাগৰিকক কৰা সকলো প্ৰকাৰৰ উচ্ছেদ বন্ধ কৰিব লাগে। ইতিমধ্যেই যি সকলক উচ্ছেদ কৰা হ’ল তেখেতসকলক উপযুক্ত ক্ষতিপূৰণসহ পুনৰসংস্থাপন দিব লাগে। সকলোৱে মানুহক মানৱীয় দৃষ্টিভঙ্গীৰে চাব লাগে।