ডিজিটেল সেৱা:আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অতিৰিক্ত শুল্ক আৰোপৰ পিছতে ভাৰত আৰু আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ কিছু অৱনতি হোৱা দেখা গৈছিল । শেহতীয়াকৈ ভাৰতৰ সৈতে আমেৰিকাই বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখাৰ ইংগিত দিছে ট্ৰাম্পে । তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ট্ৰাম্পৰ সুৰতে সুৰ মিলোৱা দেখা গ’ল । ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত একপ্ৰকাৰ অচলাৱস্থা অব্যাহত আছিল যদিও দুয়োগৰাকী নেতাৰ প্ৰতিক্ৰিয়াই দুয়োখন দেশৰ সম্পৰ্ক পুনৰ সুস্থিৰ হোৱাৰ ইংগিত প্ৰদান কৰিছে । শুকুৰবাৰে হোৱাইট হাউচত ট্ৰাম্পে কৈছিল যে তেওঁ মোদীৰ সৈতে সদায় বন্ধুত্ব বজাই ৰাখিব । এই মন্তব্যৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ পোষ্টত লিখিছে, “ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ গভীৰ শলাগ লওঁ আৰু সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ । ভাৰত আৰু আমেৰিকাৰ এক অতি ইতিবাচক আৰু আগন্তুক দৃষ্টিকোণী কম্প্ৰেইহেন্সিভ এণ্ড গ্ল’বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ আছে ।”হোৱাইট হাউচত ট্ৰাম্পে এক প্ৰশ্নৰ উত্তৰত কৈছিল,”মোদীৰ সৈতে মোৰ বন্ধুত্ব সদায় থাকিব, তেওঁ এজন মহান প্ৰধানমন্ত্ৰী ভাৰত আৰু আমেৰিকাৰ মাজত এক বিশেষ সম্পৰ্ক আছে । চিন্তাৰ কোনো কাৰণ নাই আমি নাভাবো । “মোদীৰ লগত মোৰ বহুত ভাল মিল আছে আপোনালোকে জানে, দুমাহমান আগতে তেওঁ ইয়ালৈ আহিছিল, আমি ৰোজ গাৰ্ডেনলৈ গৈছিলো।ট্ৰাম্পে আৰু কয় “মই অতি হতাশ হৈছো যে ভাৰতে ৰাছিয়াৰ পৰা ইমান তেল ক্ৰয় কৰিব আৰু মই তেওঁলোকক সেই কথা জনাই দিছো । আমি ভাৰতৰ ওপৰত অতি বেছি শুল্ক, ৫০ শতাংশ শুল্ক আৰোপ কৰিছো ।”চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত মোদী, ঝি আৰু পুটিনৰ মাজত হোৱা সাক্ষাৎকাৰে ইতিমধ্যে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ।
ভাৰতৰ সৈতে আমেৰিকাই বন্ধুত্বপূৰ্ণ সম্পৰ্ক অব্যাহত ৰখাৰ ইংগিত