মণিপুৰত ৭,৩০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

ডিজিটেল সেৱা:মণিপুৰত জাতিগত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমবাৰলৈ মণিপুৰলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ৷ দুপৰীয়াৰ ভাগত ইম্ফলত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ধাৰাসাৰ বৰষুণৰ বাবে পথেৰে পোনে পোনে কুকি অধ্যুষিত চুৰাচান্দপুৰলৈ যায় ৷মণিপুৰৰ জাতিগত হিংসাৰ বাবে স্থানচ্যুত হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে বুলি বিষয়াসকলে জনায় ৷ তাৰ পিছত তেওঁ মণিপুৰ নগৰীয়া পথ, নিষ্কাশন আৰু সম্পত্তি ব্যৱস্থাপনা উন্নয়ন প্ৰকল্পকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷ এই উন্নয়নমূলক প্ৰকল্প সমূহৰ ভিতৰত ৩,৬০০ কোটি টকাৰো অধিক মূল্যৰ মণিপুৰ নগৰীয়া পথ, নিষ্কাশন আৰু সম্পত্তি ব্যৱস্থাপনা উন্নয়ন প্ৰকল্প; ২৫০০ কোটি টকাৰো অধিক মূল্যৰ পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প; ৫৫০ কোটি টকাৰ মণিপুৰ ইনফ’টেক ডেভেলপমেণ্ট (MIND) প্ৰকল্প আৰু ৯টা স্থানত কৰ্মৰত মহিলাৰ হোষ্টেল অন্যতম ।প্ৰকল্পসমূহ উন্মোচন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি উন্মোচন কৰা প্ৰকল্পসমূহে আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত মণিপুৰবাসীৰ জীৱন উন্নত কৰিব ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ কয়, “এই ভূমি এসময়ত আশা আৰু সপোনৰ ভঁৰাল আছিল, কিন্তু এতিয়া ই হিংসাৰ কবলত পৰিছে ৷ যিকোনো ঠাইতে উন্নয়নৰ বাবে সত্য আৰু ন্যায়ৰ লগতে শান্তি অতি প্ৰয়োজনীয় ৷ কেন্দ্ৰৰ লগতে মইয়ো মণিপুৰৰ সৈতে সংহতিৰে থিয় দিছো ৷ মণিপুৰ সংঘাতৰ ফলত স্থানচ্যুত হোৱা লোকসকলৰ বাবে প্ৰায় ৭০০০ নতুন ঘৰ নিৰ্মাণ কৰা হৈছে ৷”২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰত জাতিগত হিংসাৰ ফলত ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হয় ৷কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে ‘তাত (মণিপুৰত) যি ঘটি আছে সেয়া ইমান দিনে চলি থাকিবলৈ দিলে আৰু ইমানবোৰ মানুহক হত্যা কৰিবলৈ দিলে’, আৰু কয় যে সেই ৰাজ্যত ব্যাপক হিংসাৰ দুবছৰৰ পাছত প্ৰধানমন্ত্ৰীয়ে সেই স্থান ভ্ৰমণ কৰাৰ সিদ্ধান্ত লোৱাত তেওঁ ‘আনন্দিত’ ৷

Related Articles