৭ উইকেটত পৰাস্ত পাকিস্তান: ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান

ডিজিটেল সেৱা:এছিয়া কাপত ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান । ভাৰতে পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে । ভাৰতীয় দলটোৱে ১৬ নং অভাৰত ৩টা উইকেট হেৰুৱাই ১২৮ ৰাণৰ লক্ষ্যত উপনীত হয় । ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত টছত জয়লাভ কৰি পাকিস্তানে বেটিং কৰিবলৈ বাছি লৈ ৯ টা উইকেট হেৰুৱাই ১২৭ ৰাণ সংগ্ৰহ কৰে । এই গ্ৰুপ-এ মেচখনত ভাৰতীয় বলাৰসকলে পাৱাৰপ্লে’ৰ পৰাই হেঁচা সৃষ্টি কৰি শেষলৈকে পাকিস্তানী বেটছমেনসকলক ওপৰলৈ উঠিবলৈ সুযোগ নিদিলে । ছাহিবজাদা ফাৰহান (৪০ ৰাণ) আৰু শ্বাহীন আফ্ৰিদি (৩৩ ৰাণ)ৰ বাহিৰে কোনো বেটছমেনে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ।কুলদীপ যাদৱে ৩টা উইকেট দখল কৰে । যশপ্ৰীত বুমৰাহ আৰু অক্ষৰ পেটেলে ২-২কৈ উইকেট লাভ কৰে । হাৰ্দিক পাণ্ডিয়া আৰু বৰুণ চক্ৰৱৰ্তীয়ে এটাকৈ উইকেট লাভ কৰে ।ভাৰতীয় দলৰ হৈ অ’পেনাৰ অভিষেক শৰ্মা আৰু তিলক ভাৰ্মাই ৩১ ৰাণকৈ সংগ্ৰহ কৰে । আনহাতে অধিনায়ক সূৰ্যকুমাৰ যাদৱে অপৰাজিত ৪৭ ৰাণ সংগ্ৰহ কৰে । তৃতীয় উইকেটৰ বাবে ৫৬ ৰাণৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব ভাগ কৰে সূৰ্য-তিলক । পাকিস্তানৰ ছাইম আয়ুবে তিনিওটা উইকেট দখল কৰে ।এই জয়ৰ লগে লগে ভাৰত পইণ্ট তালিকাৰ শীৰ্ষত আছে আৰু দলটোৰ ছুপাৰ-৪ত প্ৰৱেশৰ সম্ভাৱনাও বৃদ্ধি পাইছে । খেলখনত জয়লাভ কৰাৰ পাছত ভাৰতীয় খেলুৱৈসকলে পাকিস্তানী খেলুৱৈৰ সৈতে হেণ্ডচেকো নকৰিলে । ইয়াৰ পূৰ্বে টছৰ পাছতো অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাকিস্তানৰ অধিনায়ক ছলমান আলীক হেণ্ডচেক কৰা নাছিল ।

Related Articles