বহেমিয়ান অসমীয়া এজন আৰু কোনোকালেই নোলাব

কুমাৰ বিভূতি

আমাৰ শৈশৱৰ পৰা বৰ্তমানলৈকে সুৰৰ মায়াজালেৰে আন্দোলিত কৰি ৰখা এটা নাম জুবিন গাৰ্গ। এই মানুহজনে সমগ্ৰ পৃথিৱীখনকে সামৰি লৈছে নিজস্ব শিশুসুলভ মানসিকতাৰে আৰু সেই কৰ্মৰ ফলত যোৱা চাৰিনিশা অসমে বৰকৈ কান্দিছে। মানুহজনৰ চুলিৰ ষ্টাইল, কথা কোৱা ধৰণ, গীতৰ সুৰে ক’ব নোৱাৰাকৈয়ে মানুহবোৰৰ মনবোৰ বান্ধি পেলালে। ক’ৰবাত পঢ়া মনত পৰে যে মানুহৰ জীৱনটো বোলে জিভাৰ অধীন। মৰমৰ জুবিন দায়ো গীতৰ মাজেৰে যিবোৰ কথা ক’লে বা লিখিলে সেইবোৰ যেন তেওঁৰ ক্ষেত্ৰত বাৰুকৈয়ে অসমবাসীয়ে দেখিলে, বুজিলে আৰু কান্দিছে। সাগৰ তলিত শুভ বিচাৰি নিঠৰ দেহটো হৈ যেতিয়া হিয়াৰ আমঠু জুবিন দা মাজনিশা অসম পালেহি তেতিয়া সমগ্ৰ অসমতে গুঞ্জৰিত হৈছে ” মায়াবিনী তোমাৰ চকুত ধৰা দিলোঁ গোপনে আহি।” সঁচাকৈয়ে যেন মায়াবিনী ৰূপত অসমী আইক ধৰা দিলেহি তেওঁ। তেওঁ গায় যোৱা এই গীতৰ প্ৰতিটো শব্দ‌ই যেন বাৰুকৈয়ে চুই গৈছে প্ৰতিজন মানুহক। বিগত চাৰিদিন সমগ্ৰ অসম নিস্তব্ধ কৰি দিব পাৰিলে জুবিন দাই। একেখিনি সময়তে একেজন মানুহক মন্দিৰ মছজিদ, সত্ৰ, নামঘৰ, তিনিআলি, চাৰিআলিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত নিঃস্বাৰ্থভাৱে অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি যচা পৰিবেশটোৱে আমাৰ মনত বেলেগ ধৰণেৰে ৰেখাপাত কৰিলে। গীতৰ, সুৰৰ, শব্দৰ কি আচৰিত শক্তি। কোনো ৰাজনৈতিক নেতা, পালিনেতা নোহোৱাৰ পাছতো কেৱল শব্দৰ মায়াজালেৰে সমন্বয়ৰ ভেটি গঢ়ি, সাম্প্ৰদায়িকতাক উফৰাই দিয়া জুবিন দাৰ দৰে বহেমিয়ান ব্যক্তি এজন অসমে আৰু অনাগত দিনত কোনোকালেই নাপাব। চাৰিটা দিনত অসমৰ ৰাইজে সমগ্ৰ বিশ্বক দেখুৱাই দিলে কেনেকৈ এজন মানুহৰ বাবে নিস্বাৰ্থভাৱে সকলো একগোট হ’ব পাৰে, কাকো কতো অনুৰোধ নকৰাকৈ ৰাজ্যখন স্তব্ধ হ’ব পাৰে, কেনেকৈ এজন মানুহ সপোনে দিঠকে লিখাৰ বিষয় হ’ব পাৰে, চৰ্চাৰ বিষয় হ’ব পাৰে। জুবিন দাৰ বাহিৰে আন কোনো ব্যক্তিৰেই এই কলিজা নাই আৰু নাথাকিব কোনোকাল। বহেমিয়ান মানুহজনৰ চিতাৰ জুইত যেন উজ্জ্বল হৈ উঠিছে শতিকাটোৰ শ্ৰেষ্ঠ মানুহজনৰ ছবি। সাধাৰণ জনতাৰ পৰা উচ্চ ক্ষমতাশালীজনলৈকে যেন চকুলোৰে নৈ বোৱাই দিলে। হয়তো জুবিন দা ভগৱানৰ এক অংশ স্বৰূপেই আছিল। নহলেনো তেওঁ সঘনাই এনেই কৈছিল নে যে মই বেলেগতকৈ বেলেগ ধৰণেৰে কথাবোৰ ভাবোঁ। এনে এজন সংগীতসূৰ্যৰ মহাপ্ৰয়াণে সমগ্ৰ অসমবাসীক চিৰকাললৈ আধৰুৱা কৰি গ’ল।৩৮ হাজাৰ গান গোৱা, ৪৪খন চিনেমাত সংগীত পৰিচালনা কৰা, ৪০টা বিভিন্ন ভাষাত স্পষ্ট উচ্চাৰণেৰে গান গোৱা মানুহটোৱে জীৱিতকালত পদ্মশ্ৰী, পদ্মভূষণ, সংগীত নাটক একাডেমী আদিৰ স্বীকৃতি নোপোৱাতো সমগ্ৰ ৰাজ্যখনৰ বাবেই অতি দুৰ্ভাগ্যজনক। জীৱিতকালত মানুহে মানুহক উপযুক্ত সন্মান প্ৰদৰ্শন নকৰে বুলি থকা অভিযোগ যেন এইবাৰো খণ্ডন নহ’ল। অৱশ্যে সাধাৰণ জনতাই জুবিন দাৰ মৃত্যুৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতেই যি স্বৰূপ প্ৰকাশ কৰি দেখুৱালে সেয়া যেন সকলো স্বীকৃতিৰ উৰ্দ্ধত গলগৈ। মানুহে মানুহক কিমান ভাল পালে এনেদৰে অনিদ্ৰা অনাহাৰে প্ৰিয় শিল্পীৰ বিয়োগৰ বেলাত সমবেত হ’ব পাৰে সেয়া আৰু বহলাই কাকো বুজোৱা বা শুনোৱাৰ প্ৰয়োজন নাই। ইতিমধ্যে গুগুলে বিশ্বৰ একমাত্ৰ হামিং কিংৰূপে স্বীকৃতি দিয়া জুবিন দাৰ গীতবোৰ তেওঁৰ ধৰণেৰে অনাগত দিনবোৰত শত সহস্ৰজনে গাই থাকিব, তেওঁৰ জুনিয়ৰ অনেক চৰিত্ৰ‌ই সময়ে সময়ে মিমিক্ৰি কৰি থাকিব কিন্তু সঁচা অন্তৰৰ সেই নিভাঁজ শিশুসুলভ বহেমিয়ান , বিশুদ্ধ অসমীয়া জুবিন গাৰ্গজনক অসমবাসীয়ে কোনোকালে আৰু বিচাৰি নাপাব।জুবিন দাৰ মৃত্যুৰ পাছত উত্তৰ পুৰুষৰ দায়িত্ব বাঢ়িল। আমাৰ পূৰ্ব প্ৰজন্মৰ লোকসকলতকৈ উত্তৰ প্ৰজন্মৰ দায়িত্ববোৰৰ সম্পৰ্কে আমাৰ মনলৈ আহিছে এনেধৰণেঃ জুবিন দাই মুকলি ভাৱেই ঘোষণা কৰিছিল ‘ মোৰ কোনো জাত নাই, মোৰ কোনো ধৰ্ম নাই।’ এই প্ৰগতিশীল চিন্তাৰে আমি দেখা পাওঁ জুবিন দা কেৱল মানুহ হিচাপে জীয়াই থাকিব বিচাৰিছিল। সাম্প্ৰদায়িক বিভাজনৰ বিৰুদ্ধে তেওঁৰ স্থিতি আছিল প্ৰৱল। উত্তৰ পুৰুষে এখন বিভাজনহীন সমাজ গঢ়াৰ পণ ল’ব লাগিব। দ্বিতীয়তে জুবিন দা এগৰাকী প্ৰকৃতিপ্ৰেমী। ৰ’দৰ ফুল চিঙি আনি খোপাত গুজিলে ফুলৰ সৌন্দৰ্য নষ্ট হোৱা বুলি অনুভৱ কৰা জুবিনদাই গছপুলি ৰোপণত অধিক গুৰুত্ব দিছিল। জুবিনদাক ভালপোৱা প্ৰতিগৰাকী অসমীয়াই এখন সেউজ অসম গঢ়াৰ সংকল্প ল’ব লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল তেওঁ এজন নিভাজ অসমীয়া। অসমৰ সামাজিক সাংস্কৃতিক ৰাজনৈতিক সকলো ক্ষেত্ৰতে অসমীয়া জাতিটোৰ প্ৰতি, ভাষাটোৰ প্ৰতি অহা ভাবুকিক স্পষ্ট ভাষাৰে প্ৰতিবাদ সাব্যস্ত কৰি স্বদেশ স্বজাতিৰ মংগলৰ কাৰণে যেন মাত মাতি আহিছিল । সেই উদাত্ত কণ্ঠ ৰুদ্ধ হ’বলৈ দিয়া মানেই জুবিনদা আমাৰ মাজৰ পৰা চিৰকাললৈ হেৰাই যোৱাৰ লেখীয়া হ’ব।তেনে এগৰাকী মহান পুৰুষ পঞ্চভূতত বিলীন হোৱাৰ পৰত অশ্ৰুসিক্ত অঞ্জলিৰে জনালোঁ শ্ৰদ্ধাঞ্জলি।

Related Articles