●ৰাহুল দেৱ বৰদলৈ
“য়া দেৱী সৰ্বভূতেষু আত্মাৰূপেন সংহিতা।
নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নম:॥”
যি দেৱী মহামায়াই সমস্ত ভূততে আত্মাৰূপে বিদ্যমান হয় তেওঁ হৈছে দশভূজা দুৰ্গা। বৃহদাৰণ্যক উপনিষদত পৰম ব্ৰহ্মই কৈছে – ‘একোহহং বহুস্যাম’। অৰ্থাৎ – ‘মই এক হৈ আছোঁ, এতিয়া বহু বিভক্ত হওঁ।’ পৰমব্ৰহ্মৰ ইচ্ছাশক্তিৰ পৰাই সৃষ্টি হয় আদ্যশক্তি দুৰ্গাৰ। আচলতে আদ্যশক্তি দুৰ্গা আৰু পৰমব্ৰহ্মৰ ইচ্ছাশক্তি একেই সত্ত্বা। দুৰ্গা পূজা মানেই শক্তি পূজা। সেয়েহে দুৰ্গাদেৱীৰ আন এটা নাম হৈছে ‘মহিৰ্ষমৰ্দিনী’ দেৱী দুৰ্গা।মেষধ ঋষিৰ নিৰ্দেশমতে ৰাজ্যহাৰা ‘সুৰথ ৰজা’ আৰু ‘সমাধি বৈশ্য’ই পুলিন নদীৰ পাৰত তিনিবছৰ ধৰি আৰাধনা কৰাৰ ফলত দুৰ্গা দেৱীয়ে প্ৰত্যক্ষভাৱে দেখা দিয়ে আৰু বৰ দান দিয়ে।
আমি যদি ধৰ্মজ্ঞান উপলব্ধিৰে চাওঁ এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰে পৰা এটা কথাই শুদ্ধ আৰু সত্য যে ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। এই বিশ্বব্ৰহ্মাণ্ডত ধৰ্মক ৰক্ষাৰহেতু সৃষ্টিকৰ্তাই নানান ক্ৰিয়া-কৰ্ম কৰি, নানান ৰূপ ধাৰণেৰে সমষ্ট জীৱকুলক ৰক্ষা কৰি আহিছে। যুগে যুগে যুগধৰ্ম ৰক্ষা কৰি অনন্তকৌটি ব্ৰহ্মাণ্ডৰ সৃষ্টি-স্থিতি-প্ৰলয়ৰ বাবে নানা অৱতাৰ গ্ৰহণেৰে অধৰ্মক বিনাশ ঘটাই ধৰ্মক স্থাপন কৰি এক ঈশ্বৰ সৰ্বস্ব জ্ঞানৰ আধাৰ প্ৰচাৰ কৰি কলি যুগৰ মানৱক মহাজ্ঞান দিবলৈ চেষ্টা কৰা হৈছে। বেদ, উপনিষদ, মহাভাৰত, ৰামায়ণ আৰু নানান ধৰ্মশাস্ত্রই এই কথাই প্ৰমাণ কৰি আহিছে যুগ যুগ ধৰি।
এই কথা তেনেই সহজ ভাৱে উপলব্ধি কৰিব পাৰি যে আমি যাক ভগৱান বুলি বা ঈশ্বৰ বুলি বিশ্বাস কৰো, সেয়া বিশ্বৰ যি কোনো জাতি-সম্প্ৰদায়েই নহওঁক কিয়, সকলোৰে ক্ষেত্রত অন্যায়-অনীতি, দুৰ্নিতী-ভ্ৰষ্ট্ৰাচাৰ, হত্যা-লুণ্ঠণ যি কোনো অপৰাধ জনিত সমস্যাই যেতিয়াই চৰম সীমা অতিক্ৰম কৰে তেতিয়াই ভূক্তভূগিয়ে আশ্ৰয় গ্ৰহণ কৰে ভগৱানৰ। ই এক সৃষ্টি-স্থিতি-প্ৰলয়ৰ ধাৰাবাহিক পৰিক্ৰমা। তেতিয়াই যুগধৰ্ম ৰক্ষাৰহেতু ঈশ্বৰে ভিন্ন ৰূপ গ্ৰহণ কৰে। কেতিয়াবা পুৰুষ, কেতিয়াবা নাৰী, কেতিয়াবা মৎস্য, কেতিয়াবা বৰাহ, কেতিয়াবা সিংহ ইত্যাদি ইত্যাদি।
অহংকাৰেই পতনৰ মূল- এইকথা সৰ্বজনবিদিত। মাহাকাব্য ৰামায়ণৰ কাহিনীত ৰাৱনৰ পতনৰ মূল কাৰণ অহংকাৰ আৰু মহাকাব্য মহাভাৰতত দুৰ্যোধনৰ অহংকাৰৰ বাবেই কৌৰৱ বংশ নাশ হৈছিল। এয়াও এক ধৰ্ম সংস্থাপনৰ বাবেই ভগৱানৰ লীলা বুলি বিশ্বাস কৰা হয়। উপনিষদ আৰু পুৰাণৰ কাহিনী সমূহত সচৰাচৰ দৈত্য-দানৱৰ অত্যাচাৰ, উৎপীৰণত দেৱলোকৰ নগুৰ-না-গতিৰ কাহিনী বিদ্যমান। প্ৰায়বোৰ কাহিনীতে দৈত্য-দানৱৰ অত্যাচাৰত দেৱতা সমষ্টৰ বিলৈ-বিপত্তিৰ কাৰণে স্বৰ্গৰাজ্য এৰি দেৱতা সকল পলাই ফুৰা আৰু অৱশেষত ভগৱান ব্ৰহ্মা, বিষ্ণু, ৰূদ্ৰৰ শৰণাপন্ন হোৱাত, অত্যাচাৰী-অহংকাৰী দৈত্যৰ সংহাৰৰ উপায় হিচাবে ভগৱানে স্বয়ং নিৰূপন কৰি সত্য প্ৰতিস্থাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে।
প্ৰজাপতি ব্ৰহ্মাৰ পৰা কঠোৰ তপস্যাৰ যোগেদি বৰ লাভ কৰি মহাশক্তিমান হৈ যেতিয়া ‘মহিষ’ নামৰ অসুৰে স্বৰ্গৰ ৰজা ইন্দ্ৰৰাজ্যত অত্যাচাৰ চলাই ইন্দ্ৰত্ব কাঢ়ি ললে, তেতিয়া স্বৰ্গৰ দেৱতা সকলৰ বিলৈ-বিপত্তি নোহোৱা হ’ল। কোনো প্ৰকাৰে অসুৰৰাজ ‘মহিষ’ক পৰাস্ত কৰিব নোৱাৰি দেৱৰাজ ইন্দ্ৰ আৰু অন্য দেৱতা সকল প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত গৈ কাকুতি-মিনতি কৰি দেৱৰাজ্য উদ্ধাৰৰ বাবে আহ্বান জনালে। কিন্তু ব্ৰহ্মাই নিজেই ‘মহিষ’ক বৰ দি থৈছে যে কোনেও তেওঁক বধ কৰিব নোৱাৰে, সেইবাবে ব্ৰহ্মাই দেৱতা সকলক দেৱাদিদেৱ শিৱ আৰু ভগৱান বিষ্ণুৰ ওচৰলৈ লৈ গ’ল। যাতে তিনিওৰে কৃপাত মহিষাসুৰক বধ কৰি দেৱৰাজ্য ঘুৰাই আনিব পাৰে। ব্ৰহ্মা, বিষ্ণু আৰু শিৱ তিনিও চিন্তাম্বিত আৰু ক্ৰোধিত হৈ পৰিল। ব্ৰহ্মা, বিষ্ণু, শিৱৰ লগতে সকলো দেৱতাৰ ক্ৰোধৰ প্ৰকোপত দেৱতা সকলৰ শৰীৰৰ পৰা একবিন্দু তেজ নিৰ্গত হৈ তাৰে একত্রিত হৈ অপৰূপ এক নাৰীমূৰ্তিৰ সৃষ্টি হয়। সেয়ে দেৱী ‘দূৰ্গা’।এই অপৰূপ নাৰীমূৰ্তি অৰ্থাৎ দেৱী দূৰ্গাক অধিক শক্তিশালী কৰি মহিষাসুৰক বধ কৰিবৰ বাবে দেৱতাসকলে প্ৰত্যেকেই তেওঁলোকৰ শক্তি প্ৰদান কৰিলে। মহাদেৱৰ শক্তিৰে মুখ, বিষ্ণুৰ শক্তিৰে বাহু, ইন্দ্ৰৰ শক্তিৰে মধ্যাংশ, যমৰ শক্তিৰে কেশ, চন্দ্ৰৰ শক্তিৰে স্তনযুগল, বৰুণৰ শক্তিৰে জংঘা আৰু উৰু, পৃথিৱীৰ তেজেৰে ভৰিৰ আঙুলি, বসুৰ শক্তিৰে হাতৰ আঙুলি, কুবেৰৰ পৰা নাক, প্ৰজাপতিৰ পৰা দাঁত, অগ্নিৰ পৰা তিনিতা নয়ন, বায়ুৰ পৰা কাণ আৰু অন্যান্য দেৱতা সকলৰ শক্তিৰে ‘শিৱা’ মূৰ্তিৰ ৰূপলৈ দেৱী দূৰ্গাৰ অপৰাজেয় ৰূপৰ সৃষ্টি হ’ল।দেৱীক অদ্বিতীয় ঐশ্বৰিক শক্তি প্ৰদান কৰি সৰ্বাংগসুন্দৰ কৰি তুলিবৰ বাবে দেৱতা সকলে নিজৰ নিজৰ শক্তিৰে অস্ত্র প্ৰদান কৰিলে। মহাদেৱে দিলে ত্রিশূল, বিষ্ণুৱে দিলে নিজৰ সুদৰ্শন চক্ৰৰ পৰা সৃষ্ট চক্ৰ, বৰুণে দিলে শংখ, অগ্নিয়ে দিলে শক্তি, বায়ুৱে দিলে ধনু আৰু তুণ, ইন্দ্ৰদেৱে দিলে বজ্ৰ আৰু গজঘণ্টা, যমে দিলে কালদণ্ড, বৰুণে দিলে পাশ অস্ত্র, প্ৰজাপতি ব্ৰহ্মাই দিলে কমণ্ডলু আৰু ৰুদ্ৰাক্ষৰ মালা, সূৰ্য দেৱে দিলে উজ্জ্বল আৱৰণ, বিশ্বকৰ্মাই দিলে কুঠাৰ আৰু অভেদ্য বৰ্ম, সমুদ্ৰই দিলে পদ্মৰ মালা, হিমালয়ে দিলে সিংহবাহন আৰু নানাবিধ ৰত্ন, কুবেৰে দিলে এটা অক্ষয় সুৰাপাত্র আৰু বাসুকী নাগে দিলে মহামণি শোভিত এক নাগহাৰ।ত্রেতাযুগত শ্ৰীৰামচন্দ্ৰই লংকাৰ ৰজা ৰাৱণক বধ কৰিবলৈ অকালতে বোধন কৰি দূৰ্গা পূজা কৰিছিল আৰু ৰাৱণক বধ কৰি জগতজননী সীতাক উদ্ধাৰ কৰিছিল। সেয়া আছিল শৰৎ কাল। তেতিয়াৰে পৰাই শৰৎ কালত দূৰ্গা দেৱীৰ পূজা প্ৰচলন হৈ আহিছে। মহিষাসুৰক বধ কৰি স্বৰ্গৰাজ্য ঘুৰাই অনাৰ মূলতেই দূৰ্গা দেৱীৰ সৃষ্টি যদিও, আধ্যাত্মিক দৰ্শনৰ পৰা চাবলৈ গলে দুষ্টক দমন আৰু সন্তক পালন কৰাই দূৰ্গা পূজাৰ মূল মহত্ব।বৰ্তমান আধুনিক সমাজতো মহিষাসুৰ ৰূপী দানৱ বিদ্যমান। এই মহিষাসুৰ এতিয়া শ শ, হাজাৰ হাজাৰ। ধন, দৌলত, ঘৰ-সম্পত্তি, গাড়ী আদিৰ অহংকাৰত মত্ত হৈ আজিৰ সমাজত নানান অপকৰ্মেৰে সমাজখন কলুষিত কৰাৰ লগতে হত্যা-লুণ্ঠণ, ধৰ্ষণ-নিৰ্যাতন, অন্যায়-অনিতিৰ প্ৰকোপত ত্রস্তমান আজিৰ পৃথিৱী। বিশ্বত চলিছে এতিয়া শক্তি প্ৰদৰ্শনৰ ঘোষিত প্ৰতিযোগিতা। সাধাৰণ জনতা ত্রস্তমান, হিংসা-হত্যাৰ লগতে বিজ্ঞান-প্ৰযুক্তিৰ প্ৰদৰ্শন।যিয়েই নহওঁক দূৰ্গা পূজা আহে প্ৰতি বছৰে। গোটেই ভাৰতবৰ্ষৰে ই এক আন্ত:জাতিক আনন্দৰ উৎসৱ। আনৰ কথা নকলেও অসমত দুৰ্গা পূজাৰ প্ৰচাৰ-প্ৰসাৰ দিনক-দিনে যে অতিকে বৃদ্ধি পাব ধৰিছে সেয়া নকলেও হ’ব। আমি সৰু থাকোতে আমাৰ গাঁও সমূহৰ লোক সকলৰ ক্ষেত্রত বিশেষ দূৰ্গা পূজাৰ আনন্দই ক্ৰিয়া কৰা নাছিল বুলিয়েই কব পাৰি যদিও শেহতীয়াকৈ যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ দূত উন্নয়নৰ ফলতে হওঁক অথবা অন্যান্য কাৰণতে হওঁক চহৰৰ দূৰ্গা পূজা গাঁৱৰ নদাই-ভদাইৰ পদূলিমূখ পালেহি। গাঁৱৰ পিঠাগুৰি, সান্দহ, কৰাইগুৰী, কোমলচাউল আৰু নানান থলুৱা পিঠা-পনাৰ ঠাইত দখল কৰিছে নানা বিধ ৰহণ সনা মিঠায়ে। আধুনিকতাৰ পোচাক পিন্ধা অসমীয়াই এতিয়া এইবোৰ থলুৱা খাদ্য সম্ভাৰক পাহৰি বিদেশী খাদ্যৰ সোৱাদ লবলৈহে ভালপোৱা হৈছে। এই কথাও সঁচা যে বজাৰসমূহটো জনতাক আকৰ্ষিত কৰিবপৰা ৰং-চঙীয়া বিদেশী বস্তুৰে ভৰপুৰ হৈ উঠিব।
যিয়েই নহওঁক কিয় পূজা আহিলেই অসমীয়া ৰাইজৰ মন থৌকি-বাথৌ হৈ উঠে। এইবাৰ ক’ত পূজা চাব, কোনখন পূজা সমিতিয়ে কি আকৰ্ষণীয় পূজা মণ্ডপ তৈয়াৰ কৰিছে তাৰ যেন বিৰাট প্ৰতিযোগিতা। আমাৰ আশা দুৰ্গতিনাশীনী মা দূৰ্গাৰ কৃপাদৃষ্টিত সকলোৰে মংগল হওঁক। সমাজৰ মহিষাসুৰ ৰূপী দানৱবোৰক অহংকাৰ চূৰ্নকৰি শান্তিৰ এজাক পাৰ চৰাই উৰিবনে ??