অসমৰ আকাশৰ পৰা হঠাৎ খহি পৰিল এটি নক্ষত্ৰ

মহিব উল্লাহ

মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা” ৰীল লাইফৰ দৰে বাস্তৱ জীৱনতো যেন মুক্ত আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ । বহুতৰে দৰে মুখাৰ আঁৰত আন এখন মুখ লুকুৱাই ৰখা নাছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে । ইয়াৰ প্ৰমাণ তেওঁ দি থৈ গ’ল অন্তিম শয়নতো । বিশ্ববাসীয়ে দেখিলে। সোণাপুৰৰ কমাৰকুছি গাঁৱৰ হাতীমূৰা টিলাত অন্তিম আশ্ৰয় ল’লে শিল্পীগৰাকীয়ে ।পঞ্চভূতত বিলীন হৈ গ’ল অসমবাসীৰ অতিকৈ আদৰৰ-মৰমৰ শিল্পী জুবিন গাৰ্গৰ নশ্বৰ দেহ । শিল্পীগৰাকীক মুখাগ্নি কৰে ভগ্নী পামী বৰঠাকুৰৰ লগতে আন তিনিজনে । তেওঁলোক হৈছে জুবিন গাৰ্গৰ অতিকৈ মৰমৰ ৰাহুল গৌতম শৰ্মা, অৰুণ গাৰ্গ আৰু ৰিতু প্ৰয়াগ গাৰ্গ । মুখাগ্নি কৰাসকলৰ ভিতৰত বিশেষভাৱে চৰ্চালৈ আহিছে অৰুণ গাৰ্গ । কোন এই অৰুণ গাৰ্গ । জুবিন গাৰ্গৰ ঘৰত সুদীৰ্ঘ দিন ধৰি থকা অৰুণ গাৰ্গৰ আচল নাম হৈছে অৰুণ চাচনী। আগতে এখন বাছত কাম কৰিছিল আৰু তাৰ পাছত গুৱাহাটীলৈ আহি জুবিন গাৰ্গৰ পৰিয়ালত এজন কৰ্মচাৰী হিচাপে নিয়োজিত হৈছিল যদিও জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য হৈ পৰে । জুবিন গাৰ্গৰ মৰমৰ আছিল অৰুণ চাচনী । যাৰ ফলত অৰুণ চাচনী হৈ পৰিল অৰুণ গাৰ্গ । বিগত দুদিন ধৰি সৰুসজাইত জুবিন গাৰ্গক ৰখা গ্লাচৰ ক’ফিন দিনে ৰাতিয়ে মচি থকা যুৱকজনেই আছিল অৰুণ গাৰ্গ । জুবিন গাৰ্গ যে সাগৰৰ দৰে বিশাল মনৰ গৰাকী আছিল সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই । মুখাগ্নিৰ পাছতে চৰ্চালৈ অহা অৰুণ গাৰ্গক লৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । মুখ্যমন্ত্রীয়ে কয়,”জুবিন গাৰ্গ কি আছিল, সেয়া প্ৰত্যেকেই অনুধাৱন কৰিব পাৰিছে ৷ জুবিন আছিল প্ৰকৃত শিল্পী, যিয়ে মাটি আৰু মানুহৰ কথা কৈছিল ৷ খাঁটি খোৱা, দুখীয়া-নিছলা সকলোৰে কথা চিন্তা কৰিছিল ৷ জানিব পাৰিলোঁ, আজি জুবিন গাৰ্গৰ মুখাগ্নি কৰাসকলৰ ভিতৰত আছিল এজন যুৱক ৷ সেই ল’ৰাটিক জুবিনে দান কৰিছিল এটি নতুন জীৱন, দান কৰিছিল জুবিনৰ উপাধিটোও ৷ আদিবাসী চাহ জনগোষ্ঠীৰ ল’ৰাটোৰ নাম আছিল অৰুণ চাচনী ৷ এতিয়া তেওঁৰ নাম অৰুণ গাৰ্গ ।”এদিন জুবিনে ল’ৰাটিক লৈ আহিছিল গুৱাহাটীলৈ ৷ জুবিনৰ পৰিয়ালৰ এজন সদস্য হৈ পৰিছিল ৷ কাহিলিপাৰাত একেলগে ৰাখিছিল জুবিন পৰিয়ালে ৷ জুবিনে অৰুণক কিমান মৰম কৰিছিল সেই ‘গাৰ্গ’ উপাধিটো উপহাৰ হিচাপে প্ৰদান কৰোঁতেই পৰিস্ফুট হৈছিল ৷ তেওঁ জুবিনৰ এক হিয়াৰ টুকুৰা । আজি ল’ৰাজনে মুখাগ্নি কৰোঁতে তেওঁৰ ফালে চাই ৰৈছিলোঁ এপলক । এনেধৰণৰ কৰ্মৰ বাবেও বন্দিত হৈ থাকিব আমাৰ মৰমৰ জুবিন ।”তেওঁ গীতৰ মাজেৰে বিচৰা মতেই ” সাগৰৰ তলিত শুবৰে মন ” চিংগাপুৰৰ সাগৰৰ বুকুত সাঁতুৰিবলৈ গৈ অনন্ত শয্যাত শায়িত হ’ল। তেওঁ এদিন ষ্টেজ প্ৰগ্ৰাম কৰি থাকোঁতে হাজাৰ হাজাৰ গুণমুগ্ধ অনুৰাগীৰ আগত ঘোষণা কৰিছিল যে, তেওঁ মৰাৰ পিছত যেন অসমৰ আকাশে-বতাহে তেওঁৰ “মায়াবিনী ” গীতটি বাজি থাকে ।এই গৰাকী অনন্য প্ৰতিভাৰ অধিকাৰী জুবিন গাৰ্গ কি নাছিল? তেওঁ আছিল একাধাৰে কণ্ঠশিল্পী, গীতিকাৰ, সংগীত ব্যৱস্থাপক, চলচ্চিত্ৰ অভিনেতা, পৰিচালক, বাদ্যযন্ত্ৰী , কবি ,সমাজ-কৰ্মী ।জুবিন গাৰ্গে ৪০ টি ভাষাত প্ৰায় ৩৯ হাজাৰ গীতত কণ্ঠদান কৰিছিল। তাৰ ভিতৰত অসমীয়া, বাংলা আৰু হিন্দী ভাষা উল্লেখযোগ্য। তেওঁ ১৯ বছৰ বয়সতে ১৯৯২ চনত ” অনামিকা” নামৰ প্ৰথম অসমীয়া গীতৰ এলবাম মুকলি কৰিছিল। তাৰ পিছত তেওঁ থমকি ৰোৱা নাছিল। তাৰ পিছত তেওঁ ক্ৰমে অনুৰাধা (১৯৯২), মায়া (১৯৯৪), আশা ( ১৯৯৫),জুবিনৰ গান ( ১৯৯৬), ৰং (১৯৯৬), মুক্তি ( ১৯৯৭) , জানমণি (১৯৯৮),মেঘৰ বৰণ( ১৯৯৯) , পাখি( ১৯৯৯),ৰাংঢালী (১৯৯৯), সপোন (১৯৯৯) , হিয়ামন( ২০০১), শিশু (২০০২),উৰণীয়া মন( ২০০৭), ৰুমাল ( ২০০৮),অভিমানী মন (২০০৯), যন্ত্ৰ ( ২০০৪) , ৰুণজুন ( ২০১২), কিং( ২০১৫) কে আদি কৰি অসংখ্য অসমীয়া এলবাম গীত ৰচনা কৰিছিল।এজন সংগীত পৰিচালক, গীতিকাৰ আৰু অভিনেতা হিচাপেও তেওঁ জনাজাত।
জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা অসমীয়া বোলছবি কেইখন হ’ল — হিয়া দিয়া নিয়া, তুমি মোৰ মাথোঁ মোৰ, দাগ, নায়ক,প্ৰেম আৰু প্ৰেম, কন্যাদান, জীৱন নদীৰ দুটি পাৰ, জোনাকী মন, বিধাতা, প্ৰিয়া মিলন, অগ্নিসাক্ষী, জুমন সুমন, বাৰুদ, অধিনায়ক, আমি অসমীয়া, দীনবন্ধু, ৰং,মন যায়, ৰ’দৰ চিঠি,গানে কি আনে, মিছন চাইনা, প্ৰিয়াৰ প্ৰিয় ইত্যাদি।তেওঁ ফিজা, কাঁটে ,মুড্ডা, ব্ৰাইডছ ৱান্টেট, গেংষ্টাৰ,প্যাৰ কে ছাইড ইফেক্ট, গুড বয়,বেড বয়, বিগ ব্ৰাদাৰ, হমাৰী অধুৰী কাহিনী ইত্যাদি সংগীতত কণ্ঠদান কৰিছিল।বঙালী চিনেমা ” শুধু তুমি” ৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। আৰু হিন্দী গীত ” য়া আলি ” শীৰ্ষক গীতটিৰ বাবে তেওঁ ২০০৭ চনত গ্লোবেল ইণ্ডিয়ান ফ্লিম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য সংগীত শিল্পীৰ বঁটা ( পুৰুষ) লাভ কৰিছিল। জুবিন গাৰ্গৰ যাদুকৰী কণ্ঠ আৰু একৈশ শতিকাৰ আধুনিক প্ৰাচ্য আৰু পাশ্চাত্যৰ সংমিশ্ৰণত গঢ়ি তোলা সংগীত পৰিৱেশন আৰু বোলছবি নিৰ্মাণ কৰাৰ বাবে কলাকাৰ এৱাৰ্ড ২০০৮,(বেষ্ট মিউজিক এলবাম ) ৫৫ তম নেচনেল ফ্লিম এৱাৰ্ড ( ২০০৯), প্ৰাক চিনে এৱাৰ্ড( ২০১১) আৰু অসমীয়া সংগীত জগতত নতুন ধাৰা সৃষ্টি কৰাৰ বাবে “ৰেনেছাঁ অসম বঁটা,২০১৪ আদি বিভিন্ন বঁটা-বাহনেৰে বিভূষিত হৈছিল। অসমীয়া কাব্য জগতলৈ আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো তেওঁৰ অৱদান অপৰিসীম।
সাগৰৰ দৰে বিশাল আৰু গহীন, হিমালয়ৰ এভাৰেষ্ট শৃংগৰ দৰে সুউচ্চ আৰু ভূমণ্ডলৰ দৰে পৰিবেষ্টিত ডঃ ভূপেন হাজৰিকাৰ পিছতেই জুবিন গাৰ্গ অসমৰ উজ্জ্বল ভোটাতৰা। তেওঁ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰাৰ বাবে জুবিন গাৰ্গে ২০০১ চনত গোৱা কেইবাটাও গান – যেনে – মায়াবিনী ৰাতিৰ বুকুত, দাগ মোৰ বুকুতে , লাহে লাহে, নায়ক হ’ব খুজি ইত্যাদি অসমীয়া, হিন্দী, বঙালী, কোঁচ ৰাজবংশী, বড়ো, গোৱালপৰীয়া দেশী, কমতাপুৰী, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি,গাৰো, ৰাভা, ডিমাচা,টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী,ওৰিয়া, তামিল, তেলেগু, কানাড়া, মালায়ালম, মাৰাঠী,গালো আৰু ইংৰাজী ভাষাত কণ্ঠদান কৰি সকলো ভাৰতবাসীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল। কেৱল সেয়ে নহয়, তেওঁ আছিল এজন সক্ৰিয় সমাজসেৱক। তেওঁ এজন অনুষ্ঠান বুলি গণ্য কৰিব পাৰি ; যিয়ে দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত ৰোগীৰ ওচৰত সদায় থিয় হৈছিল, শিল্পীৰ সহায়ৰ বাবে শিল্পী ন্যাস গঠন কৰিছিল,কি গঁড় হত্যাৰোধ কি বানপানীত দুৰ্গতৰ ওচৰত সকলোতে অগ্ৰগামী ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ আছিল দুখীয়া নিচলাৰ পৰম বন্ধু ; প্ৰকৃত গণশিল্পী।জুবিন গাৰ্গৰ এই অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে অসম তথা ভাৰতবাসী। অসমীয়া সাহিত্য সংস্কৃতি আৰু সংগীত জগতৰ এই অপূৰণীয় ক্ষতি বা শূন্য স্থান কোনোৱে পূৰ্ণ কৰিব নোৱাৰে। তেওঁ মৰিও অমৰ। তেওঁৰ সুৰৰ ঝংকাৰ, বাদ্যযন্ত্ৰত সৃষ্টি কৰা অপূৰ্ব সোৱাদ আৰু শক্তিশালী অভিনয় দক্ষতাই অসমীয়া জাতিক বিশ্বদৰবাৰত স্বকীয় বৈশিষ্ট্যৰে পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত অতিকৈ মৰমৰ শিল্পীগৰাকীক লৈ আৱেগ ভৰা পোষ্ট মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । অসমৰ ৰাইজৰ হৃদয়ত জুবিন চিৰদিন জীয়াই থাকিব। প্ৰতি অসমৰ জনসাধাৰণৰ যি অপৰিসীম মৰম আৰু প্ৰশংসা আছিল তাৰ আঁৰৰ কাৰণসমূহৰ ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰীয়ে । জুবিন গাৰ্গৰ মৃত্যুৰ দুঃসংবাদটো লাভ কৰাৰ পিচত মনত কেনে অৱস্থাৰ সৃষ্টি হৈছিল সেই কথা ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ দুঃসংবাদ মই যেতিয়া পাইছিলোঁ, তেতিয়া বি টি আৰত এক নির্বাচনী সভাত আছিলোঁ ।কোনোবাখিনিত দুখ এটাই ক্ৰিয়া কৰিব বিচাৰিছিল যদিও কিছু মুহূর্তও পলম নকৰি সম্পূৰ্ণকৈ এই বিষয়টোত নিজকে নিয়োজিত কৰিবলৈ মন বান্ধিছিলোঁ । ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব পালন কৰিবলৈ বদ্ধপৰিকৰ হৈছিলোঁ । মই ভাবিছিলোঁ আমাৰ বাবে এই যাত্রা যদিও সহজ নহ’ব, তথাপি আমি পাৰিবই লাগিব ।”বিশ্বতে এনে জনশ্ৰোত বিৰল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, “বিশ্বতে বিৰল এই লক্ষ লক্ষ জনতাৰ স্রোতৰ শান্তিপূর্ণ শ্ৰদ্ধাঞ্জলি আমাৰ বাবে নহয়, আপোনালোকৰ অতুল্য জুবিন প্ৰেমৰ বাবেহে সম্ভৱ হৈছিল । সেইবাবেই অসমৰ প্ৰতিগৰাকী জনতাক মই নতশিৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।”

Related Articles