ডিজিটেল সেৱা,নতুন দিল্লী : ৰাষ্ট্ৰপতি ভৱনে অসম, ত্ৰিপুৰা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ মুখ্য সচিবসকলক চাহ জনজাতি আৰু আদিবাসী জনগোষ্ঠীৰ বিষয়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।এই নির্দেশনা আধুনিক ইণ্ডিয়া ফাউণ্ডেচনে ৯ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক দাখিল কৰা এক বিস্তৃত স্মাৰকপত্ৰৰ ভিত্তিত আহিছে। উক্ত স্মাৰকত এই জনগোষ্ঠীসমূহৰ ঐতিহাসিক অৱদানৰ লগতে সাম্প্ৰতিক সময়ত তেওঁলোকে মুখামুখি হোৱা বহুমুখী সমস্যাৰ ওপৰত আলোকপাত কৰা হৈছিল। স্বাধীনতা সংগ্ৰাম, চাহ উদ্যোগ আৰু সাংস্কৃতিক ঐতিহ্যত অপৰিসীম ভূমিকা থকাৰ পিছতো এই জনগোষ্ঠীয়ে আজিও আৰ্থ-সামাজিক বঞ্চনা, মৌলিক সেৱাৰ সীমাবদ্ধতা আৰু স্বীকৃতিৰ অভাৱৰ সৈতে সংগ্রাম কৰি আহিছে।স্মাৰকত শিক্ষাক্ষেত্ৰত উচ্চ ড্ৰপআউটৰ হাৰ, শিক্ষকৰ ঘাটতি, ডিজিটেল সুবিধাৰ অভাৱ আৰু দক্ষতা তথা প্ৰাক-নিযুক্তি প্রশিক্ষণৰ অনুপস্থিতি উল্লেখ কৰা হয়। স্বাস্থ্যক্ষেত্ৰত চাহ বাগিচাত অপৰ্যাপ্ত স্বাস্থ্যসেৱা, অপুষ্টি, মাতৃ আৰু শিশুমৃত্যুৰ উদ্বেগজনক পৰিস্থিতি, লগতে সুৰক্ষিত পানীয় জলৰ অভাৱৰ কথা উত্থাপন কৰা হয়।

নিয়োগ আৰু জীৱিকাৰ ক্ষেত্ৰত দৈনিক মজুৰিৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীলতা, নূন্যতম মজুৰি কার্যকৰী নকৰা, আৰু মহিলাসহ যুবসমাজৰ বাবে বিকল্প জীৱিকাৰ সীমাবদ্ধতা চিহ্নিত কৰা হৈছে।ইয়াৰ উপৰিও গৃহ-আন্তঃগাঁথনিৰ জৰাজীৰ্ণ অৱস্থা, বিদ্যুৎ-সংযোগৰ অনিয়মিতা, দুৰ্বল পথঘাট, মহিলাৰ দীর্ঘসময়ীয়া কাম আৰু কম মজুৰি, প্ৰসূতি সুবিধাৰ অনুপস্থিতি, শিশুৰ পুষ্টিহীনতা, লগতে চাহ জনজাতিক এছ টি মর্যাদা প্ৰদান নকৰা আদি বিষয়সমূহত জোৰ দিয়া হয়। সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰতো ঐতিহ্য সংগ্ৰহালয় স্থাপন, চাহ পৰ্যটনৰ প্ৰচাৰ আৰু শিল্পীসকলৰ সহায়তাৰ আৱশ্যকতা প্ৰস্তুত কৰা হয়।ৰাষ্ট্ৰপতিৰ সচিবালয়ে এই সমস্যা সমূহৰ সমাধানৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগৰ সৈতে সমন্বয় কৰি বিশেষ কল্যাণমূলক আঁচনি, সাংবিধানিক সুৰক্ষা আৰু লক্ষ্যভিত্তিক উন্নয়নমূলক পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিছে।আধুনিক ইণ্ডিয়া ফাউণ্ডেচ্যনৰ ৰাষ্ট্ৰীয় সভাপতি ডি. কে. চৌহানে এই পদক্ষেপক ঐতিহাসিক বুলি অভিহিত কৰি কয়, “ৰাষ্ট্ৰপতি ভৱনৰ এই হস্তক্ষেপ লাখ লাখ চাহ জনজাতি আৰু আদিবাসীৰ বাবে ন্যায় আৰু স্বীকৃতিৰ দিশত এক ঐতিহাসিক পদক্ষেপ। এতিয়া আমাৰ সম্প্ৰদায়সমূহক উন্নীত কৰাৰ বাবে সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ হ’ব বুলি আমি আশাবাদী।”
চাহ জনজাতি আৰু আদিবাসীসকলৰ কণ্ঠ যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰবণযোগ্য হয়, সেই লক্ষ্যৰ সৈতে চৰকাৰ, প্ৰতিষ্ঠান আৰু নাগৰিক সমাজৰ অংশীদাৰিত্বত আগলৈও কাম কৰাৰ প্ৰতিশ্ৰুতি ফাউণ্ডেচনে পুনৰ দৃঢ় কৰিছে। ৰাষ্ট্ৰপতিৰ সচিবালয়ৰ এই নির্দেশনা সমগ্ৰ উত্তৰ-পূবৰ চাহ জনজাতি আৰু আদিবাসী জনগোষ্ঠীৰ বাবে এক ব্যাপক উন্নয়নমূলক ৰোডমেপৰ দিশে আগুৱাই লৈ যাব বুলি আমি আশাবাদী।