●মুৰুলী বৰুৱা
একাংশ লোকে ক’ব বিচাৰে যে অসমত দূর্গা পূজাৰ প্ৰচলন বঙালী সকলৰ পৰা আহিছে । প্ৰকৃততে সেয়া সত্য নহয় ।কাৰণ অসমৰ প্ৰাচীন অনাৰ্যমূলীয় অধিবাসী সকলৰ মাজত দেৱীপূজা আৰু মাতৃপূজাৰ প্ৰচলন অতিজৰে পৰা আছিল ৷ অসমৰ ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ পৰাই বাসন্তী দূৰ্গা পূজাৰ প্ৰচলন আছিল । সেই কথা ইতিহসে কয় । বাসন্তী কালত পূজিতা দূৰ্গাক ভিন্ন নামেৰে জনা গৈছিল । সেয়া যথাক্ৰমে কামাখ্যা, কেচাঁইখাইতী,তাম্ৰেশ্বৰী,দীঘেশ্বৰী, বাঘ্ৰেশ্বৰী, বুঢ়ীগোসানী, সিদ্ধেশ্বৰী , টুক্ৰেশ্বৰী ,জয়ন্তশ্বৰী আদি নাম উল্লেখযোগ্য ৷ এই সমূহ নামেৰে আজিও অসমত আহোমৰ যুগৰ বহু মন্দিৰ বিৰাজমান । বৰ’ৰজা ফুলেশ্বৰীকে আদি কৰি হিন্দু ধৰ্মত দীক্ষিত আহোম স্বগদেউসকলৰ এইয়া এক সংস্কৃতি ৷ সকলোতকৈ ডাঙৰ কথা গোসানী পূজাক এলাগী কৰি আহোমৰ ৰজা দিনীয়া সংস্কৃতি কেতিয়াও সম্পূৰ্ণ হ’ব নোৱাৰে ।উল্লেখ্য যে ইতিহাসে ঢুকি পোৱাৰ বহু পূৰ্বৰে পৰা দেৱী দুৰ্গাৰ পূজা অনুষ্ঠিত কৰি অহা হৈছে শিৱসাগৰৰ ঐতিহাসিক শ্ৰী শ্ৰী ৰামখাপীঠ দেৱালয়ত। আধুনিকতাৰ পৰশ এতিয়াও পৰিবলৈ দিয়া নাই এই পীঠৰ পূজাত ৷ বলি বিধানৰ লগতে বৈদিক নীতিৰে মূৰ্তিৰ পৰিৰ্ৱতে দেৱীৰ বিগ্ৰহক পূজা কৰি অহা হৈছে এই দেৱালয়ত।শিৱসাগৰৰ দিখৌমুখৰ দেওঘৰীয়া গাঁৱত অৱস্থিত এই পৌৰাণিক তন্ত্ৰ পীঠ ৰামখাপীঠ দেৱালয়। ১৭৬৯ চনৰ পৰা ১৭৭৫ চনৰ ভিতৰত ত্ৰিবেনী সংগম অৰ্থাৎ দিখৌ-দৰিকা-ব্ৰহ্মপুত্ৰৰ সংগম স্থল দিখৌমুখত স্বৰ্গদেও লক্ষ্মী সিংহই পুনৰ নিৰ্মান কৰিছিল এই ৰামখাপীঠ দেৱালয়।ইতিহাসৰ তথ্য অনুসৰি ১৭৬৯ চনৰ পৰা ১৭৭৫ চনৰ কোনোবা এটা দিনত আহোম স্বৰ্গদেও লক্ষ্মী সিংহই ৰংপুৰৰ ৰাজ কাৰেঙৰ পৰা ৰূপহী জান হৈ নাৱৰে গৈ থকা অৱস্থাত তেওঁৰ নাওখন দিখৌ মুখৰ দিখৌ, দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থলীত ৰৈ যায়। সৈন্য সামন্তৰ পৰা আৰম্ভ কৰি হাতীৰ দ্বাৰাও বহু চেষ্ঠা কৰি নাও খন লৰচৰ কৰাব নোৱাৰিলে। অৱশেষত ৰাতি ৰাজাই সপোন দেখিলে যে সেই স্থানত সতীৰ বিগ্ৰহ আছে আৰু বিশেষ কোনো এক স্থানৰ পৰা পূজাৰী আনি পূজা কৰি বিগ্ৰহ প্ৰতিষ্ঠা কৰিলেহে তেওঁ সেই স্থানৰ পৰা যাব পাৰিব।ৰজাই সপোনত দেৱীয়ে কৰা নিৰ্দেশ মতে সেই বিশেষ স্থানৰ পূজাৰীক নি বলি বিধান দি পূজা সম্পন্ন কৰায় ৷পূজা সম্পন্ন হোৱাৰ পিছত নদীৰ মাজৰ পৰা সতীৰ শিলৰ বিগ্ৰহ উদ্ধাৰ কৰি সেই স্থানত প্ৰতিষ্ঠা কৰে। দেৱীৰ বুকুৰ পৰা নাভী অংশৰ শিলৰ মূৰ্তি উদ্ধাৰ কৰিছিল। স্বৰ্গদেও লক্ষ্মী সিংহই আৰু সেই স্থানত এখন পীঠ নিৰ্মাণ কৰি দিয়ে। সেই পীঠ খনেই ৰামখাপীঠ হিচাপে জনাজাত হয়।অৱশ্যে পূৰ্বে সেই শক্তিপীঠ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য কতো উল্লেখ নাই ৷ বুৰঞ্জীবিদ সকলে চুতীয়া সকল ইয়াৰ প্ৰতিষ্ঠাতা বুলি ধাৰণা কৰিছে ৷ যিহেতু আহোম সকলৰ অসম আগমনৰ বহু পূৰ্বে দিখৌমুখত এই পীঠ আছিল ৷ তেতিয়া দেৱালয় খনক দেওশাল বুলিহে জনা গৈছিল ৷ যি খন দেওশালত স্বৰ্গদেউ চাওলুং চুকাফাই বলি বিধান দিছিল ৷
যুদ্ধ জয়ৰ পিছত চাওলুং চুকাফাই এই দেওশালত পূজা দিছিল ৷ আনকি দেওশালৰ উন্নয়ণৰ বাবে স্বৰ্গদেউৱে ধন সোণ পৰ্যন্ত আগবঢ়াইছিল ৷ ইমানেই নহয় , স্বৰ্গদেউ চুকাফাই এই দেওশাল প্ৰত্যক্ষ কৰি খাজনা ৰেহাই দিছিল ৷ কালক্ৰমত সেই পীঠ খন ব্ৰহ্মপুত্ৰ আৰু দিখৌ নদীৰ খহনীয়াত চাৰিবাৰ কৈ আন স্থানত প্ৰতিষ্ঠা কৰিব লগা হৈছিল ।ব্ৰহ্মপুত্ৰৰ বুকুত যেতিয়া এই পীঠখন বিলীন হৈ পৰিছিল তেতিয়া বহু সামগ্ৰী উদ্ধাৰ কৰিব নোৱাৰিলে যদিও শিলত খোদিত কেইটামান মূৰ্তি, বলি দিয়া তিনিখন দা, শিলৰ প্ৰকাণ্ড মন্দিৰৰ টোপ উদ্ধাৰ কৰি এতিয়া দেৱালয়খনত সংৰক্ষণ কৰি ৰাখা হৈছে ।ৰামখাপীঠ দেৱালয়ত প্ৰতিবছৰে দূৰ্গা পূজা উলহ মালহেৰে পতা হয়। সপ্তমী আৰু অম্তমীত ইয়াত বলি দিয়াৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। আহোমৰ যুগৰ এনেকুৱা শক্তি পূজাৰ অলেখ উদাহৰণ আছে । এটা কথা সত্য যে সাম্প্ৰতিক সময়ৰ তথাকথিত দূৰ্গা পূজাৰ ৰূপটো আহোমৰ শক্তি পূজাৰ পৰম্পৰাতকৈ কিছু পৃথক । বৰ্তমানৰ দূৰ্গা পূজাৰ ৰং ৰূপ অথবা গোসানী সাজ পাৰ আৰু কিছু পৰম্পৰা অসমৰ ঐতিহাসিক শক্তি পূজাতকৈ কিছু পৃথক । আধুনিক এই পৰম্পৰা সমূহৰ নিশ্চিত ভৱে বঙালী সকলৰ অহাটো নুই কৰিব নোৱাৰি। কিন্তু শক্তি পূজাৰ পৰম্পৰা অতিতৰে পৰা আছে অসমত ।