পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সন্মুখতেই নৰেন্দ্ৰ মোদীক প্ৰশংসা ড’নাল্ড ট্ৰাম্পৰ

ডিজিটেল সেৱা: ভাৰতৰ বিৰুদ্ধে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক অৱনমিত হোৱাৰ সময়তেই আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সোমবাৰে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম নোলোৱাকৈ প্ৰশংসা কৰিলে ।ইজৰাইল-হামাছ যুদ্ধৰ অন্ত পেলোৱা গাজাত যুদ্ধবিৰতিৰ পিছত অনুষ্ঠিত হৈছে বিশ্ব নেতাসকলৰ শান্তি সন্মিলন । এই সন্মিলতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পুনৰ প্ৰশংসা কৰিলে ভাৰতক ।ট্ৰাম্পে কয়, “ভাৰত এখন মহান দেশ, য’ত মোৰ এজন ভাল বন্ধু শীৰ্ষত আছে”। ইজৰাইল-হামাছ যুদ্ধৰ অন্ত পেলোৱা গাজাত যুদ্ধবিৰতিৰ পিছত ইজিপ্তৰ এই চহৰখনত বিশ্ব নেতাসকলৰ সন্মিলনত ভাষণ দি এই মঞ্চৰ পৰাই ট্ৰাম্পে কয় যে তেওঁ ভাবে যে “ভাৰত আৰু পাকিস্তানে একেলগে অতি সুন্দৰভাৱে জীয়াই থাকিব”। এই মঞ্চতেই উপস্থিত আছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ । পিছফালে থিয় হৈ আছিল পাক প্ৰধানমন্ত্ৰী শ্বৰীফ। ট্ৰাম্পে কয়, “ভাৰত এখন মহান দেশ, য’ত মোৰ এগৰাকী অতি ভাল বন্ধু শীৰ্ষত আছে । তেওঁ মাত্ৰ এটা কল্পনাতীত কাম কৰিছে । মই ভাবো পাকিস্তান আৰু ভাৰতে একেলগে অতি সুন্দৰকৈ জীয়াই থাকিব ।”আনহাতে নোবেল বঁটাৰ পৰা বঞ্চিত হোৱাৰ পিছত ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধকে ধৰি আঠখন যুদ্ধৰ সমাধান কৰা বুলি দাবী কৰি কয় যে তেওঁ নোবেলৰ বাবে এই কাম কৰা নাছিল । উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ সংঘাত বন্ধ কৰা বুলি ট্ৰাম্পে কেইবাবাৰো দাবী কৰি আহিছে । ভাৰত আৰু পাকিস্তানৰ সংঘাতকে ধৰি এতিয়ালৈকে ট্ৰাম্পে ৭টা সংঘাত সমাধান কৰাৰ দাবী কৰি আহিছে । অৱশ্যে ইজৰাইল-গাজা সংঘাত যোগ কৰাৰ পিছত তেওঁ এতিয়া সেই সংখ্যা আঠলৈ বৃদ্ধি পাইছে ।

Related Articles