ডিজিটেল সেৱা: ত্ৰিপুৰাত কৰ্তব্যৰত এগৰাকী কাৰাৰক্ষীক দলবদ্ধ আক্ৰমণ কৰি একেলগে ৬ জন কুখ্যাত অপৰাধীয়ে জে’লৰ পৰা পলায়ন কৰে । এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বুধবাৰে ৰাতিপুৱা ৬ বজাত ত্ৰিপুৰাৰ ধৰ্মনগৰ কালীকাপুৰস্থিত চাব জে’লত ।জে’লৰ মূল গেট খুলি অপৰাধী কেইজন পলায়ন কৰা সমগ্ৰ দৃশ্য বন্দী হৈছে জে’লৰ ভিতৰত থকা চিচিটিভি কেমেৰাত। প্ৰথমে এগৰাকী অপৰাধীয়ে পিন্ধি থকা গামোচা খনেৰে কাৰাৰক্ষী জনৰ ডিঙিত চেপি ধৰে। তাৰ পিছত বাকী কেইজন অপৰাধীয়ে দলবদ্ধ ভাবে কাৰাৰক্ষী জনক আক্ৰমণ কৰি গুৰুতৰ আহত কৰি জে’লৰ গেট খুলি পলাই যায়। পলাই যোৱা অপৰাধী কেইজন কুখ্যাত ডকাইত নাজিম উদ্দিন,ৰহিম আলী, সুনীল দেৱবৰ্মা, নাৰায়ণ দত্ত, ৰোছন আলী আৰু আব্দুল পাট্টা বুলি জানিব পৰা গৈছে। ইয়াৰে নাৰায়ণ দত্ত বাংলাদেশৰ আৰু আব্দুল পাট্টা অসমৰ শ্ৰীভূমি জিলাৰ নিলামবাজাৰৰ আৰু বাকী কেইজন ত্ৰিপুৰাৰ। ছয় জনকৈ অপৰাধী জে’লৰ পৰা পলায়ন কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ত্ৰিপুৰাত। ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীৰ শীৰ্ষ বিষয়া সকলে জেলত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
কাৰাৰক্ষীক আক্ৰমণ কৰি ৬ কুখ্যাত অপৰাধীৰ জে’লৰ পৰা পলায়ন