●ডo নন্দ সিং বৰকলা
জুবিন গাৰ্গ, অসমীয়া মহাজাতিক এক অন্যতম সংস্কৃত মাত। শংকৰদেৱ, মাধৱদেৱ, ভূপেন হাজৰিকা, বিষ্ণু প্রসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰণেৰে বিশ্ব মানৱ চেতনাক প্রবল ব্রহ্মপুত্রক জলধাৰাৰে সাংস্কৃতিক মৰ্যদা আছিল জুবিন। য’ত শেষ হয় সাম্প্রদায়িকতাৰ উৎকট দুর্গন্ধময় বাটৰ বিৰক্তিকৰ খোজবোৰ, আৰম্ভ হয় মানৱ সভ্যতাৰ জীৱনবোধৰ সমদল। জুবিন সাগৰৰ নীলাপানীৰ বিহৰ বুকুত মানুহৰ চকুৰ আকাশৰ অমাবশ্যাত জিলিকি উঠা পূর্ণিমাৰ জোনাকৰ শীতলতা। গান, কবিতা, কথাছবি, গছ বিলাসী কথাৰ নাম দুৰন্ত জুবিন গাৰ্গ। যি নামত ওখ হয় গছ, ওখ হয় বিশাল মানৱতা। যি নামেৰে মানুহৰ বুকুৱে বুকুৱে ধ্বনিত হয়, মানুহৰ শঙ্খমাতৰ মর্যদাৰে আঢ্যৱন্ত কৰি তোলা নামঘৰৰ ডবা, কাঁহ, মৃদংগৰ খোলৰ বিনন্দীয়া মাত, জুবিন গাৰ্গ। ঐক্য সমন্বয়, বিশ্বাস সম্প্রীতিৰ বিৰল শোভাযাত্রা তেওঁ। য’ত শেষ হয় হিন্দু-মুছলমান, খ্রীষ্টিয়ান, শিখ, বৌদ্ধ সম্প্রদায়ৰ সীমাৰেখা। জুবিন গাৰ্গৰ খেয়ালী মনৰ মাজত জিলিকি আছে মাটিৰ স্বচ্ছ, বিকাশৰ প্ৰগতিৰ সভ্যতাৰ সেউজীয়া। য’ত ম্লান পৰে গর্বিত মানুহৰ অহংকাৰ। জাত-পাতৰ বাটেৰে সৃষ্টি হোৱা ৰক্ষণশীল সমাজ।সাম্যবাদৰ কথা বস্তুৰ ৰূপক চেতনাক মূর্ত্ত কৰি, সর্বহাৰাৰ অস্থিৰ খোজবোৰক সবল কৰাৰ বে-নজীৰ দৃষ্টিনন্দন ৰূপমাত্ৰা আছিল জুবিন গার্গ। তেওঁ স্বচ্ছ বগা সমাজৰ প্রতীক। যি প্রতীক স্থায়ী হৈ আছে, শ্রীকৃষ্ণ- সুধামাৰ জীৱন পৃ্ষ্ঠাত। ভীষ্মৰ শৰশয্যাত, বিদূৰৰ হস্তিনাপুৰৰ নান্দনিক প্রেমত, কৃষ্ণযাত্ৰাৰ কংস বধত, ভূপেন হাজৰিকাৰ বিশ্ব চেতনাত, শংকৰ, মাধৱ, চ্যুকাফাৰ-বৰঅসমৰ দৃষ্টিনন্দন সমাজত। জুবিন গাৰ্গ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ মাত, আন্ধাৰ বিৰুদ্ধে পোহৰৰ দিকচৌ বাট। জুবিন গাৰ্গে গানে গানে মানুহৰ হৃদয় বিন্দুক পৃথিৱীৰ মহাসিন্ধু মহাকাব্যৰ কীৰ্তন, ঘোষাৰ মনোৰম মাত হৈ জিলিকি আছে তেজৰ বাটক মাটিমণিৰ জ্যোতিৰ বাটৰ গৰিমাৰে। জুবিন গাৰ্গৰ তেজৰে কমলাপতি পৰভাতে নিন্দ ধ্বনিত বাটলৈ সমদল হোৱা মানুহৰ অন্ত নোহোৱা এটা বিশাল ৰং, য’ত ৰজাৰ অবয়ৱ নাই, নাই অস্ত্ৰ-শস্ত্ৰ, আনকি সৈনিকো। জুবিন মানৱ বন্দনাৰ কুশল সংবাদ বুলি মই অনুভৱ কৰো। এই অনুভৱৰ বিশাল বাটে গানৰ অলিয়ে-গলিয়ে লৈ ফুৰিছে অসম ভূ-খণ্ডৰ নৃ-গোষ্ঠীয় মানুহৰ চেতনালব্ধ কৃষ্টি, সংস্কৃতিক দিখৌ, দিহিঙ, দিচাং, পাগলাদিয়া, জীয়াবৰলী, ধনশিৰি, ভোগদৈ, ডিব্ৰু, কপিলী, হাৰিয়া, কিলিং, কলং, যমুনা, গাইনদী, মানস, চিয়াঙৰ লুইত হৈ বৰলুইতৰ মানুহ বন্দনাৰ সোঁতবোৰেৰে।জুবিন গাৰ্গৰ অপৈইতা অকাল বিয়োগ হৈ পৰিল প্রতিজন সঁচা মাটিৰ প্ৰেমত থকা অসমীয়াৰ বুকু ভাঙি পেলোৱা এটা সময়। এই সময়ক বতাহৰ, বৰষুণৰ আকাশত হতাশা আৰু যাতনাই ক্লান্ত কৰি তুলিছে গ্ৰহ-গ্ৰহান্তৰৰ চকুবোৰক। মানুহৰ সমদলৰ বিৱৰণে আকাশক ভাঙি টুকুৰা-টুকুৰ কৰিছে। মানুহ অনন্য। সেই অনন্য ৰঙে জুবিনৰ মৃতদেহৰ চৌপাশে সৃষ্টি কৰা শোকৰ মিছিল, অস্ফুট আৰ্তনাদ, বিষাদৰ খোজে খোজে পৃথিবীৰ কহিনুৰ হেৰুৱাৰ বেদনাত জৰ্জৰিত হৈ উঠিছে মানুহৰ পৃথিবী। এই পৃথিবীৰ জীৱনৰ সৌন্দৰ্যক সাগৰে কাঢ়ি লৈ গ’ল। জুবিনৰ বাবে যেন জীৱনটোয়েই ডাঙৰ শাস্তি হৈ জিলিকি উঠিল। এই শাস্তিৰ অপৰাধ কি এই কথা সাগৰে ক’ব পৰা নাই। ঢৌবোৰে আকাশ স্পৰ্শৰ তাড়ণাৰে উপৰ্যুপৰি কৰি আকাশৰ বিশালতাক সুধিছে জুবিনৰ অপৰাধ কি আছিল? সাগৰ মন্থনত ওলোৱা বিষ জুবিনে পান কৰি আমাক দি গ’ল পৃথিবীৰ শেষ নোহোৱা বিষাদৰ ভড়াল।জুবিন গাৰ্গৰ বিশাল জীৱনটোৱেই ভাৰতীয় মহাকাব্যৰ দৰে এক অসমৰ সংস্কৃতিৰ বিশাল বাট, জুবিন গাৰ্গ সংস্কৃতিৰ ওখ হিমালয়ৰ দৰে জোনবিৰি আছিল। তেওঁ মানবীয় সম্পদ বাবেই জুবিনৰ বাবে সমাজ জীৱনৰ স্বচ্ছ জীৱন আছিল সাম্যবাদৰ মনোৰম সমাজ নির্মাণৰ প্ৰখৰ চেতনা। দেশ, দেশপ্রেমৰ বিশাল প্রেমৰ বন্দনাৰে তেওঁৰ গানে মানুহক জীৱনৰ মৰ্ম শিকাই গ’ল। সংস্কৃতিৰ বিনন্দীয়া ৰামায়ণ, কীর্তন ঘোষাৰে তেওঁ মানুহৰ পৃথিৱীৰ অনন্য ওখ শ্ল’গান হৈ মাটি আৰু মানুহক সমাজৰ মৰ্যদাৰ মহাভাৰতত জিলিকাই গ’ল। নতুন প্রজন্মই জুবিন গাৰ্গৰ গীত, মাত, কথা, ছবি নাটকত নিজকে বিচাৰিব পাৰিলেই অসমৰ ভূ-খণ্ডৰ সংস্কৃতিৰ প্রগতিৰ বিজ্ঞানসন্মত সভ্যতাৰ মাটিত সুপ্ত হৈ থকা সমন্বয়ক, প্ৰেম ঐক্যমিলন, ভালপোৱাৰ বাটেৰে সংস্কৃতি বিকাশৰ বাটটোক নতুন প্রজন্মই উপলব্ধি কৰিব পাৰিব। বুজি উঠিব অসম তথা ভাৰতৰ বিশাল দৰ্শণৰ জীৱনকলাক। চাণক্যৰ দেশ, দেশৰ মানুহৰ জীৱনৰ সংজ্ঞাৰে সমাজ নিৰ্মাণৰ মৰ্মমাতৰ নিভাজ শিক্ষাৰ মূল্যমানক আৰু চানক্যৰ সেই ভাৰতীয় দৰ্শণৰ শিক্ষাৰ মূল্যমানৰ সৈতে আমাৰ সমাজতো নতুন প্রজন্মই বিকশাই তুলিব পাৰিব ব্ৰহ্মপুত্ৰৰ গতিবেগক পৃথিবীৰ বুকুত নতুন ধ্বনি, প্ৰতিধ্বনিৰে। এনে হ’লে সেয়াই হ’ব শিল্পী, শিল্প, সংস্কৃতি মানুহৰ বুকুৰ মৰ্মচেতনা।
মানুহৰ সংজ্ঞা বৰ বিশাল,আৰু বর্ণিল আৰু বর্ণাঢ্য এই কথাটো জুবিন গাৰ্গৰ মৃত্যুৱে নতুনকৈ শিকাই গ’ল। ব্যক্তিৰ ব্যক্তিকেন্দ্রিক চৰিত্ৰটোক ভাঙি চিঙি সমষ্টিগত ব্যক্তিত্ব বিকাশৰ সমাজ চেতনা এটাক দুৰন্ত ৰূপত জুবিনৰ গানে মানুহক কৈ গ’ল । তেওঁৰ মৃত্যুত হেৰায় থাকিল, সংকীৰ্ণ মানুহৰ চিন্তা চেতনা । কোনো মানুহেই নিজৰ ধর্মীয় সম্প্রদায়ক পোছাক পিন্ধি জুবিন গাৰ্গৰ মৃতদেহৰ শোকৰ সমদলত অংশ লোৱা নাছিল। প্রত্যেক মানুহেই কাপোৰ পিন্ধিছিল, সেই কাপোৰ আছিল সামাজিক কাপোৰ, যি কাপোৰক পৃথিবীৰ সকলো মানুহে সন্মান কৰে মানুহৰ সমাজৰ বিনন্দীয়া আত্মপৰিচয়ৰ বস্ত্ৰৰূপে। যি বস্ত্ৰ নেহেৰায়, নপচে, কিম্বা কোনেও চোৰ কৰিব নোৱাৰে। সেই বস্ত্ৰ গুৰুদুজনাই, চ্যাওলুং চ্যুকাফাই আমাৰ সামাজিক পোছাক কৰি গৈছে। জুবিনৰ মৃত্যুৱে মননশীল মানুহক সেই পোছাকৰ জ্যোতিৰ বাটেৰে কুৰুক্ষেত্ৰৰ অধৰ্মৰ কথা কৈ গ’ল। অগণন মানুহৰ পাঠশালা, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ প্ৰজ্ঞাৰ পোহৰ সমবেত হ’ল জুবিনৰ শ-দেহৰ চৌদিশে। সেই সামাজিক শিক্ষাৰ পোহৰ অমূল্য, বিনন্দীয়া, মনোৰম, দৃষ্টিনন্দন, নান্দনীক ৰূপেৰে আমাৰ হৃদয়ৰ অন্ত্ঃপাশে-অন্তপাশে আমি বিছাৰি ফুৰা বাঞ্চিত সমাজ চেতনাৰ আত্মাটোক জুবিনে আমাৰ বুকুত খোদিত কৰি থৈ গ’ল। সেয়ে জুবিনৰ প্ৰতি অশ্রুভৰা শ্রদ্ধাঞ্জলি মানুহৰ হাতে হাতে বিনয় প্ৰাৰ্থনাৰে সমাদৃত হৈ উঠিল। সেই শ্ৰদ্ধাঞ্জলি জুবিনৰ জীৱন পৰিক্ৰমাৰ ডঁৰিয়লিয়ে ডঁৰিয়লিয়ে বিশাল হৈ অসমীয়াৰ জাতিৰ বাটক ভূপেন হাজৰিকা, বিষ্ণু প্রসাদ ৰাভা, জ্যোতিপ্রসাদ আগৰৱালা, আমাৰ গুৰু দুজনাৰ বাটেৰে মহিমামণ্ডিত কৰি থাকক। সেয়াই হ’ব সমাজৰ অমৃত গংগাৰ বিশালতা।মানুহৰ সমদল, সমৰোল, সমতালৰ কলাত্মক ছান্দসিক, ছন্দোৱদ্ধ চৰিত্ৰদৰ্শণে জুবিনৰ শ দেহক লৈ পৃথিবীৰ ইমূৰে-সিমূৰে গঢ়ি তোলা মানুহৰ সমাজৰ প্ৰতি থকা বিশ্বাসক প্ৰবলভাবে আস্থাৰে বিধৌত কৰিলে। কেৱল গুৱাহাটী মহানগৰীৰ চৌকোণৰ মানুহৰ বিশাল সমাগমে পৃথিবীক অসমৰ মাটিলৈ ডিঙি মেলি মেলি চাবলৈ বাধ্য কৰিছে। এই মাটিৰ নামত কিমান সংস্কৃতিৰ মিলন, কিমান খাদ্য, পোছাক, ভাষা, দোৱান, উপভাষা, ৰীতি-নীতি, আচাৰ-আচৰণৰ বিভিন্নতা সত্বেও একত্ৰিত সংস্কৃতিৰ মহাসিন্ধুৰ অসমৰ সমাজ সজঅৰ্থতেই ভাৰতৰ বিৰল প্ৰকাশ। অনন্য, নমস্য বিৰল জগত। ডo ভূপেন হাজৰিকাৰ বিশাল জীৱনৰ বৰলুইতখন আকৌ জিলিকি উঠিল জুবিনৰ জীৱন চেতনাৰে মিছিচিপি, ভল্গা, ৰাইন, থেমচ, গংগাৰ পানীৰে নীলনৈৰ উপত্যকাই উপত্যকাই জীৱনৰ বাটক মহীয়ান কৰা অসম ভূমিৰ মাটিমণিৰ উজ্জ্বলতাৰে। সেই উজ্জ্বলতাৰ গৰিমা ভীষ্ম চেতনাৰে সমৃদ্ধ। কৃষ্ণ, বিষ্ণুৰ সুদৰ্শণ চক্ৰৰ ঘূৰ্ণীয়মান কাল গতি অবিৰত। সেই গতিক অনুবাদ কৰি গ’ল, অনুসৰণ, অনুসন্ধান, কৰ্ষণ আৰু নদী চেতনাৰ প্ৰবাহমান সোঁতেৰে জুবিন গাৰ্গে। যি কাম কৰিছিল গুৰু শংকৰ, মাধৱে, চ্যুকাফাই, কৃতধী সাহিত্যভীষ্ম পদ্মনাথ গোহাঞি বৰুৱাই। সংস্কৃতিৰ ৰজা বেজবৰুৱা দেৱে। জ্যোতি ককাইদেউ, বিষ্ণুপ্ৰসাদ ৰাভা, শোভাব্ৰহ্ম, ফণী শৰ্মা, পাৰ্বতীপ্ৰসাদ বৰুৱাৰ সাংস্কৃতিক পাণ্ডিত্যৰ খোজবোৰে।
এনে সমাজৰে আমি প্ৰত্যেকেই মানুহ হ’ব পাৰিলে মানুহ সমাজৰ অমূল্য, অতুল্য, সম্পদ হৈ পৃথিবীক আলোকিত কৰিব পাৰিম। ঘৃণাৰ বিৰুদ্ধে, কপটতাৰ বিপৰীতে, ষড়যন্ত্ৰ, অপবাদক মষিমূৰ কৰি ঔৰংগজেৱ, হিটলাৰৰ হিংসাৰ চকুবোৰক সমবেত মানুহৰ চকুৰ জুইৰে পুৰিব পাৰিম। এনে জুইৰ পোহৰে মানুহক চিঞৰি কৈ থাকিব কংস, ৰাৱণ, হিৰণ্যকশিপুৰ, কুঁজীমন্থৰা, শুকুণি, দুৰ্যোধনৰ সাম্ৰাজ্যৰ দানৱ চৰিত্ৰৰ কথা। সংস্কৃতিয়েই সমাজ বিশাল কৰে। ঐক্য আৰু প্ৰেমৰ বাটেৰে সুন্দৰ কৰে মানুহৰ ভৰিৰ খোজবোৰৰ আলি-পদূলি। সেই আলি-পদূলিৰ মাটিয়ে জুবিনৰ মৃত্যুত মানুহৰ ভৰিবোৰক বিশাল কৰি তুলিল বিদুৰ চেতনাৰ কৃষ্ণদৰ্শণেৰে। শংকৰ গুৰুৰ বিশাল আকাশৰ মানৱ নক্ষত্ৰৰ পোহৰেৰে।