●মুৰুলী বৰুৱা
জুবিন বিহীন অসমত আজি অসংখ্য জনে কান্দিছে । জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে বাকৰূদ্ধ কৰি পেলাইছিল সমগ্ৰ অসমবাসীক । জুবিন গাৰ্গৰ সাগৰ সদৃশ বিশাল সৃষ্টি তথা সাংস্কৃতিক সম্ভাৰে অনন্ত কাললৈ সমৃদ্ধিশালী কৰিলে অসম আৰু অসমীয়াক । জাতিটোক সাহস আৰু শক্তি দিছিল তেওঁ । যিটো কথা জুবিন জীৱিত কালত অনুভৱেই হয়তো কৰিব পৰা নাছিল অসমবাসীয়ে । আজি জুবিন আমাৰ মাজত নাই । এতিয়াহে অসমীয়া তথা অজস্ৰ জনে কি হেৰুৱালে সেয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে । জুবিন অসমীয়াৰ বাবে আছিল এক অহংকাৰ , এক গৌৰৱ । সৌ সিদিনালৈকে অসমৰ অগণন জুবিন অনুৰাগীয়ে জুবিনৰ কন্ঠ আৰু তেওঁৰ খেয়ালি স্বভাৱটোক পণ্য বুলি গণ্য কৰি তেওঁৰ সোৱে বাৱে ভিৰ কৰিছিল। এই সকল অনুৰাগীৰ বাবে জুবিন আছিল মনোৰঞ্জনৰ এক মাধ্যম মাত্ৰ। অসম আৰু অসমীয়াৰ বাবে তেওঁ কি সৃষ্টি কৰিলে , জুবিনে জাতিটোৰ পৰা কি বিচাৰিছিল সেই কথা ভাবিবলৈ কাৰো আহৰিয়েই নাছিল । জুবিন আছিল ঈশ্বৰহীন পৃথিৱীৰ সপোন দেখা মানুহ । কিন্ত্ত তেওঁ বিচৰা সেইখন পৃথিৱী,সেইখন সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত অনুৰাগী সকলৰ পৰা কোনো সহযোগ পোৱা নাছিল। আজি যি গৰাকী জুবিন গাৰ্গৰ বিয়োগত অসংখ্য জনে হাহাকাৰ কৰিছে , হিয়া ঢাকুৰি কান্দিছে সেইজন জুবিনকেই বহুতেই এদিন বিভিন্ন সমালোচনাৰে থকা সৰকা কৰিছিল । ৰাজপথত জুবিনক আগচি চুড়ান্ত অপমান কৰিবলৈকো কুণ্ঠাবোধ কৰা নাছিল একাংশই । আজি সেই সকলেই জুবিনৰ বিয়োগৰ পাছত জুবিন গাৰ্গৰ ডাঙৰ ডাঙৰ প্ৰতিচ্ছবিত ফুলৰ মালাৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ভাও দিছে । অসমৰ বাবে এয়া কোনো অস্বাভাৱিক কথা নহয় । কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা আৰম্ভ কৰি সুধাকণ্ঠ ড° ভূপেন হাজৰিকা , কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈকে সকলোৱে এই অসম ভূমিত জীৱন কালত বিভিন্ন অপমান তথা বহু অবাঞ্চিত পৰিস্থিতিৰ লগত সহবাস কৰিব লগা হৈছিল । সেই কথা প্ৰতিজন অসমীয়াই জানে । কিন্তু সকলোতকৈ পৰিতাপৰ কথা , দুখ লগা কথা যে অসমৰ যি গৰাকী বৰেণ্য শিল্পীয়ে জীৱনৰ সকলোবোৰ সুখ সমৃদ্ধি ত্যাগ কৰি নিজকে কেৱল অসম তথা অসমীয়া জাতিটোৰ নামত উচৰ্গা কৰি দিছিল সেই গৰাকী শিল্পীক তেওঁৰ মৃত্যুৰ পাছতো তেওঁৰ আত্মাক অকনমান শান্তিত থাকিবলৈ দিয়া নাই একাংশই । দুৰ্ভাগ্যজনক কথা যে জাতিটোৰ নামতেই নিজৰ জীৱন উচৰ্গা কৰা একবিংশ শতিকাৰ এইগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ অন্তিম সৎকাৰৰ সময়খিনিতো একাংশই জুবিনক কেন্দ্ৰ কৰি আৰম্ভ কৰি দিলে অতি নিকৃষ্ট ৰাজনীতি । ইয়াৰ উপৰিও অনন্ত কাললৈ জাতিটোক বিশাল সাংস্কৃতিক সম্ভাৰেৰে সমৃদ্ধিশালী কৰি থৈ যোৱা জুবিন নামৰ সত্তাটোৰ চাৰিত্ৰিক দিশটো অতি নিলৰ্জ ভাৱে প্ৰশ্ন অৱতাৰণা কৰিবলৈ কুণ্ঠাবোধ নকৰিলে এচামে । জুবিনৰ সৃষ্টি, তেওঁৰ দৰ্শন বা তেওঁৰ চিন্তা চৰ্চাৰ শুদ্ধ বিশ্লেষণ তেওঁৰ জীৱিত কালত আমি কিমান জনে কৰিছিলোঁ ! সচাঁ অৰ্থত জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগীৰ সংখ্যা তেনেই সীমিত । তোষামোদকাৰীৰ সংখ্যা কিন্তু তাৰ তুলনাত যঠেষ্ট । মঞ্চত জুবিনৰ গীত ভাল পালেই , নিজৰ মোবাইলৰ ৰিং ট’নত জুবিনৰ গীত এটা থাকিলেই বা জুবিন গাৰ্গৰ দৰে এই বিশাল সত্বা লগত এখন ফটো উঠিলেই এজন প্ৰকৃত জুবিন অনুৰাগী হ’ব নোৱাৰে । যিটো কথা জুবিনে জীৱিত কালতেই বুজি পাইছিল,অনুভৱ কৰিছিল । তাৰ বাবেই জুবিনৰ খং উঠিছিল । সেই খঙাল ৰূপটো সকলোৱে প্ৰত্যক্ষ কৰিছিল । জুবিনক সমালোচনা কৰিছিল । কিন্তু গৰিষ্ঠ সংখ্যক জুবিন অনুৰাগীয়ে সেই খঙাল জুবিন জনৰ আৰৰ মানুহ জনক বিশ্লেষণ কৰি চোৱা নাছিল । একাংশই খেয়ালি মনৰ জুবিনৰ সেই খঙাল ৰূপটোক উপভোগ কৰিছিল আৰু একাংশই সমালোচনা কৰিছিল । জুবিন গাৰ্গৰ পত্নী গৰীমা গাৰ্গে প্ৰায়বোৰ সাক্ষাৎকাত জুবিন সম্পৰ্কে এটা কথা কৈছিল যে জুবিনৰ আচৰণ শিশুসুলভ । সেয়ে বিভিন্ন সময়ত তেওঁ নিজৰ সাজ পোছাক নিজৰ মতে পৰিধান কৰিছিল । সাধাৰণ দৃষ্টিত বহুতৰ বাবে সেয়া আচহুৱা যেন লাগিব পাৰে । তাক লৈও বিভিন্ন সমালোচনা হৈছিল । সেই সমালোচনাত একপ্ৰকাৰ গৌণ হৈ পৰিছিল জুবিন গাৰ্গৰ বৰ্ণাঢ্য সৃষ্টি সমূহ । যি সৃষ্টিয়ে যুগ যুগান্তৰলে প্ৰতিজন অসমীয়াৰ হৃদয় জীপাল কৰি ৰাখিব , অসমৰ সাংস্কৃতিক বৰঘৰ শুৱনি কৰি ৰাখিব । জীৱিত কালত যি সকলে জুবিনক বিভিন্ন সমালোচনাৰে থকা সৰকা কৰিছিল তেওঁলোকক কৈছো- জুবিনে ভুল কৰিছিল সেয়া হৈছে , নিজৰ স্বাস্থ্যৰ প্ৰতি অলপো গুৰুত্ব নিদিয়াকৈ অত্যাধিক পৰিশ্ৰম কৰি জুবিনে অসমীয়া সংস্কৃতিক , অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোক সংগীতক ন ৰূপত ভাৰতবৰ্ষৰ লগতে বিশ্ব দৰবাৰলৈ লৈ গল । জুবিনে ভুল কৰিছিল , সেয়া হৈছে তেওঁ প্ৰকৃত জুবিন অনুৰাগী সকলৰ লগতে একাংশ ছদ্মবেশী জুবিন অনুৰাগীকো সমানেই বিশ্বাস কৰিছিল । অতি নিৰ্ভীক ভাৱে সাধাৰণ জনতাৰ ন্যায়ৰ হকে মাত মাতি জুবিন গাৰ্গে ভুল কৰিছিল । জুবিনে ভুল আছিল , তেওঁ কোনো তোষামোদকাৰীক প্ৰশ্ৰয় দিয়া নাছিল । ইয়াৰ উপৰিও তেওঁ আন এটা ভুল হৈছে তেওঁ বিপদত পৰাজন তথা দুখীয়া নিছলা জনক সহায় কৰিছিল । জুবিনৰ প্ৰকৃতিৰ প্ৰতি সীমাহীন প্ৰেম আছিল । তেওঁৰ জীৱনত ভগৱানৰ স্থান দিছিল প্ৰকৃতিক । চিৰ সেউজ কৰি ৰাখিব বিচাৰিছিল অসমক । অতি নিভাঁজ ৰূপত উদ্ভাসিত কৰি তুলিব বিচাৰিছিল অসমৰ সাতামপুৰুষীয়া কৃষ্টি সংস্কৃতিক । অসমৰ জাতি, বৰ্ণ , ধৰ্ম নিৰ্বিশেষে সকলোকে এটা পৰিয়াল বুলি ভাবিছিল জুবিনে । সেয়াও হয়টো এই গৰাকী বৰেণ্য শিল্পীৰ ভুল আছিল । সৌ সিদিনালৈকে জুবিন গাৰ্গে সুৰাপান কৰি মঞ্চত গীত পৰিবেশন কৰাক লৈ সততে সৰৱ হৈ আছিল অসংখ্য জন । কিন্তু জুবিন গাৰ্গৰ অসংখ্য অনুৰাগীৰ ভিতৰত কেইজনে এই অভ্যাস ত্যাগ কৰিব লাগে বুলি তেওঁক অনুৰোধ জনাইছিল । জুবিনে প্ৰকৃতিক ভাল পাইছিল । গছ ভাল পাইছিল । জুবিনক যদি কোৱা হল হেতেন , জুবিন তুমি সুৰাপান নকৰিবা । তাৰ বিনিময়ত প্ৰতিবছৰে আমি অসমত এক লাখ গছ পুলি ৰোপন কৰিম । কিয় কোৱা নহল । মোৰ বিশ্বাস জুবিনে তেওঁৰ অনুৰাগী সকলৰ এই প্ৰস্তাৱ মানি ললেহেতেন ।এজোপা গছ ৰোপন কৰাটো দুৰৰে কথা নিজৰ বাৰিৰ চুকত এটা জলকীয়া পুলি ৰোপন নকৰা, এটকা এটা দি দুখীয়া নিছলা জনক সহায় কৰি নোপোৱা জন কেনেকৈ জুবিন অনুৰাগী হ’ব পাৰে । জুবিনে বিচৰা কোনো কামেই আমি কৰিব নোৱৰিলো । একাংশই এই গৰাকী বিশ্ব বৰেণ্য শিল্পীক মনোৰঞ্জনৰ মাধ্যম বুলি ভাবিলে আৰু তেওঁৰ লগত গাতে লাগি থকা একাংশই জুবিন গাৰ্গক ধন ঘটাৰ এক যন্ত্ৰলৈ ৰূপান্তৰিত কৰি পেলালে । যি কথা বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ আগত জুবিনে নিজেই প্ৰকাশ কৰিছিল । মৃত্যুৰ কেইদিনমান পূৰ্বে লোৱা জুবিনৰ এই অন্তিম সাক্ষাৎকাৰটোত অতি ভাগৰুৱা আৰু হতাশ হৈ পৰা জুবিনৰ ক্ষোভ বোৰ অতি স্পষ্ট ৰূপত প্ৰকাশ পাইছিল । মুঠতে জুবিন নামৰ এই সত্বাটোৰ অকল বিয়োগৰ বাবে দায়ী আমাৰ সমাজ খন ,আমাৰ সমাজ ব্যৱস্থা । জুবিন অসমীয়াৰ বাবে এক জাতীয় সম্পদ ,এক জাতীয় অনুষ্ঠান । এই সম্পদক আমি সুৰক্ষিত কৰি ৰাখিব নোৱাৰিলোঁ । জুবিনে কিমান পৰিশ্ৰম কৰিছে, তেওঁ কিমান ভাগৰুৱা, তেওঁৰ স্বাস্থ্য কি অৱস্থাত আছে, তেওঁ কলৈ গৈছে , কাৰ লগত গৈছে ,তেওঁৰ লগত থকা মানুহবোৰ কেনেকুৱা , জুবিন কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হৈছে নেকি এইবোৰত দৃষ্টি ৰখাৰ দায়িত্ব আমাৰ সমাজ খনৰো আছিল , অসমৰ প্ৰতিটো জাতীয় দল সংগঠনৰ আছিল । আমি সেই দায়িত্ব পালন নকৰিলো । এই অসচেতনতাৰ অভাৱত কেৱল জুবিন গাৰ্গেই নহয় আমি অসমৰ বহু শিল্পী সাহিত্যিক তথা জাতীয় সম্পদক অকালতে হেৰুৱাই পেলাইছোঁ । আজি জুবিনৰ বিয়োগৰ পাছত জুবিন বিহীন অসমখন যি দৰে স্তব্ধ হৈ গৈছিল , যি দৰে সমগ্ৰ অসমৰ জনতাই চিঞৰি চিঞৰি কান্দিছিল সেই গুৰুত্ব জুবিনে জীৱিত অৱস্থাত পোৱাহেতেন জুবিনৰ এই অকল মৃত্যু নহলহেতন । তেতিয়া জুবিনৰ কাষত থকা ছদ্মবেসী অনুৰাগী সকলেও জুবিনৰ নিৰাপত্তা দিশটোক লৈ সচেতন হৈ থাকিল হেতেন । অতি কৌশলেৰে জুবিনক জুবিনৰ অতি আপোন মানুহ খিনিৰ পৰা আতৰাই ৰখা সকলে জুবিনৰ জীৱনটোক অতি সহজ ভাৱে লৈছিল । যাৰ পৰিণতিত জুবিন অনন্ত কাললৈ আমাৰ মাজৰ পৰা হেৰাই গ’ল ।জুবিনৰ মৃত্যু যে স্বাভাৱিক নাছিল সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে । সেয়ে আজি সকলোৱে জুবিনৰ ন্যায় বিচাৰি আকাশ বতাহ কপাই তুলিছে । জুবিন অসমৰ সম্পদ । জুবিন অসমৰ দাপোন স্বৰূপ । সেয়ে জুবিনৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচৰাটো স্বাভাৱিক কথা । জুবিনৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ জানিব বিচৰাটো প্ৰতিজন অসমীয়াৰ ,প্ৰতিজন জুবিন অনুৰাগীৰ নৈতিক অধিকাৰ । এই কাম কৰিব দেশৰ ন্যায় ব্যৱস্থাই । তাত প্ৰত্যক্ষ সহযোগ কৰিব চৰকাৰী ব্যৱস্থাটোৱে । ইতিমধ্যে চৰকাৰ খনেও অসমৰ লগতে দেশবাসীয়ে যি দৰে বিচাৰিছে সেই দৰই জুবিনৰ মৃত্যুৰ সামগ্ৰিক তদন্তৰ প্ৰক্ৰিয়া অতি ক্ষিপ্ৰতাৰে আগুৱাই নিছে । সেয়া আমি দেখিছোঁ । কিন্তু দুৰ্ভাগ্যজনক ভাৱে জুবিনৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচৰাৰ নামত একাংশই অতি নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে । যি গৰাকী বৰেণ্য শিল্পীয়ে জীয়াই থাকোতে নিজকে ৰাজনৈতিক ক্ষেত্ৰ খনৰ পৰা আতৰাই ৰাখিছিল আজি সেইজন শিল্পীৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজনীতি কৰাটো বা তেওঁৰ মৃত্যুক ৰাজনৈতিক ইছু কৰাতো সমগ্ৰ অসমীয়া জাতিটোৰ বাবে অতি দুৰ্ভাগ্যজনক কথা আৰু নিন্দনীয় কথা। সকলোৱে এটা কথা মনত ৰখাটো ভাল যে জুবিন গাৰ্গ কোনো ৰাজনৈতিক দলৰ সম্পদ নহয় । জুবিন অসম আৰু অসমীয়াৰ জাতীয় সম্পদ । একাংশই নিজৰ নিকৃষ্ট মানসিকতাক আৰু ওপৰলৈ নি কব বিচাৰিছে জুবিনে ন্যায় নাপালে বিজেপিক ভোট নিদিও । তাৰ অৰ্থ এইটোৱেই নেকি যে নিৰ্বাচনত বিজেপি পৰাজিত হলে জুবিন গাৰ্গ নামৰ সাহসী সত্বাটোৱে ন্যায় পোৱাটো বুজাব । কোনোবা ৰাজনৈতিক দলৰ জয় পৰাজয়ৰ লগত জুবিনক ন্যায় দিয়াৰ প্ৰসংগটোৰ কি সম্পৰ্ক আছে ? মুঠতে জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি কোনোবাই যদি ৰাজনীতি কৰিম বুলি ভাবিছে সেয়া এশ শতাংশই অসম্ভৱ কথা । কাৰণ অসমৰ জনতাই এইবাৰ সকলোৰে ওপৰত দৃষ্টি ৰাখিছে । বিভিন্ন সামাজিক মাধ্যমত একাংশ ৰাজনৈতিক দল তথা লোকে নিজকে বহুত ডাঙৰ জুবিন অনুৰাগী বুলি বুজাবলৈ গৈ কিছুমান অতি দৃষ্টিকটু চৰ্চা আৰম্ভ কৰিছে । তেওঁলোকলৈ অনুৰোধ এইবোৰ বন্ধ কৰক । জাতি, বৰ্ণ,ধৰ্ম আৰু ৰাজনীতিৰ উৰ্দ্ধত থাকি সকলৱে জুবিনৰ অস্বাভাৱিক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া আৰু জুবিন ,জুবিনৰ পৰিয়াল আৰু সমগ্ৰ অসমবাসীয়ে ন্যায় পোৱাৰ বিষয়টোৰ ওপৰত নিজৰ মনবোৰ কেন্দ্ৰীভূত কৰক আৰু পাৰিলে তদন্ত প্ৰক্ৰিয়াটোত নিজৰ সামৰ্থ্যৰ ভিতৰত সহযোগ কৰক । তেতিয়াহে আমি আমাৰ লক্ষ্যত উপনিত হ’ব পাৰিম । ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য পোহৰলৈ অনাৰ ক্ষেত্ৰত অসম চৰকাৰে এতিয়ালৈকে যি পদক্ষেপ গ্ৰহণ কৰিছে তাত সম্পূৰ্ণ আস্থা আছে বুলি জুবিন গাৰ্গৰ পত্নী গৰীমা শইকীয়া গাৰ্গৰ লগতে পৰিয়াল বৰ্গই প্ৰকাশ কৰিছে । জুবিনৰ বিয়োগত আমি যি হেৰুৱাইছো তাতকৈ বহু বেছি হেৰুৱাইছে জুবিনৰ পিতৃ, পত্নী তথা পৰিয়ালে । সেয়ে এই দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰ খনৰ ওপৰত আস্থা ৰাখি সুচাৰুৰূপে আৰু নিৰপেক্ষ ভাৱে তদন্ত হোৱাটো বিচাৰিছে । সেয়ে পৰিয়ালটোৰ কাষত থাকি আমিও তাকেই বিচৰাটো উচিত । তাৰ বাবে আমি ধৈৰ্য্য ধৰিবই লাগিব আৰু এগৰাকী ভাৰতীয় হিচাপে এই ন্যায়িক প্ৰক্ৰিয়াটোৰ ওপৰত আস্থা ৰাখিব লাগিব । এটা কথা নিশ্চিত যে সত্য শুদ্ধ ন্যায় পাবলৈ কিছু সময় লাগিবই । উদাহৰণ স্বৰূপে উল্লেখ কৰিব পাৰি যে এইখন ভাৰতবৰ্ষৰতেই দেশবাসীৰ চকুৰ সন্মুখত দেশৰ দুগৰাকী প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ হত্যা হৈছিল । সকলোৱে দেখিছিল সেই হত্যা কোনে কৰিছিল । তাৰ পাছতো দোষীয়ে শাস্তি পাওঁতে যঠেষ্ট সময়ৰ প্ৰয়োজন হৈছিল । এই কথাবোৰ আমি পাহৰি যাব নালাগে । বিভিন্ন সামাজিক মাধ্যমত নিজেই এগৰাকী ন্যায়পালিকাৰ ভূমিকা গ্ৰহণ কৰাতকৈ সামগ্ৰিক তদন্ত প্ৰক্ৰিয়াটোত সহযোগ কৰক ,আস্থা ৰাখক ।