ৰোহিত শৰ্মাৰ শতক: অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত ভাৰতৰ

ডিজিটেল সেৱা: ৰোহিত শৰ্মাৰ শতক আৰু বিৰাট কোহলীৰ অভিলেখ বাবেই তৃতীয়খন এদিনীয়া খেলত ভাৰতে অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে । এই পৰাজয়ৰ পিছতো অষ্ট্ৰেলিয়াই তিনিখন মেচৰ শৃংখলাটো ২-১ত জয়লাভ কৰে । প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াৰ দলটোৱে ৪৬.৪ অভাৰত ২৩৬ ৰাণ সংগ্ৰহ কৰি অল আউট হয় । হৰ্ষিত ৰাণাই ৪টা উইকেট দখল কৰে । ইয়াৰ বিপৰীতে ভাৰতে ৩৮.৩ অভাৰত এটা উইকেট হেৰুৱাই এই লক্ষ্যত উপনীত হয় । ৰোহিত শৰ্মাই ১২১ ৰাণ আৰু বিৰাট কোহলীয়ে ৭৪ ৰাণ কৰি অপৰাজিত হৈ থাকে । ৰোহিতে ৩৩ সংখ্যক এদিনীয়া শতক অৰ্জন কৰি মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে । এদিনীয়া ইতিহাসত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী শচীন তেণ্ডুলকাৰ (১৮৪২৬ ৰাণ) পাছতেই আছে কোহলী (১৪২৫৫ ৰাণ) ।

Related Articles