ভূমি, বায়ু, জল, শব্দ প্ৰদূষণৰ গ্ৰাসত পৃথিৱী

মুৰুলী বৰুৱা

সাম্প্ৰতিক সময়ত মানুহ তথা জৈৱ বৈচিত্ৰৰ বাবে এক অন্যতম প্ৰধান সমস্যা ৰূপে দেখা দিছে প্ৰদূষণে । প্ৰদূষণ সম্পৰ্কে বা প্ৰদূষণৰ প্ৰসংগ আহিলেই তিনি প্ৰকাৰৰ প্ৰদূষণৰ কথা বেছিকৈ চৰ্চালৈ আহে । সেয়া হৈছে বায়ু প্ৰদূষণ, জল প্ৰদূষণ আৰু শব্দ প্ৰদূষণ । বায়ু আৰু জল প্ৰদূষণে বিগত দুটা দশকত অতি ভয়ংকৰ বিৰূপ প্ৰভাৱ পেলাইছে জীৱ জগত তথা প্ৰকৃতিৰ ওপৰত । তাৰ সামন্তৰালভাৱে একমাত্ৰ মানৱসৃষ্ট কাৰণতেই ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰা জল প্ৰদূষণে আন এক অভাৱনীয় সংকট নমাই আনিছে পৃথিৱীৰ জীৱকুলৰ প্ৰতি । পৃথিৱীত যি দৰে বায়ু প্ৰদূষণে বায়ুমণ্ডল দূষিত কৰে থিক তেনেকৈ জল প্ৰদূষণে পানী তথা নদী আৰু সামুদ্ৰীক জীৱন আৰু শব্দ প্ৰদূষণে শ্ৰৱণ শক্তি তথা জীৱ জন্তুৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় । দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰা সৰু বৰ অসংখ্য কল-কাৰখানা ,অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ ধৰা বিভিন্ন ধৰণৰ পেট্ৰল ডিজেল চালিত যান বাহন , উন্নয়নৰ নামত ধ্বংস কৰি পেলোৱা প্ৰকৃতিৰ লগতে প্ৰাকৃতিক সম্পদ আহৰণৰ বাবে চলোৱা ব্যাপক খনন কাৰ্যৰ বাবেই সাম্প্ৰতিক সময়ত এই তিনিপ্ৰকাৰৰ প্ৰদূষণে গ্ৰাস কৰি পেলাব ধৰিছে পৃথিৱীক । এই প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বিশ্বৰ লগতে ভাৰতবৰ্ষতো বিভিন্ন আইন প্ৰণয়ন হৈছে যদিও এতিয়াও বৰ বিশেষ সফলতা লাভ কৰিব পৰা নাই । তাৰ মাজতো বিশ্বৰ কেইবাখনো সৰু বৰ উন্নত ৰাষ্টই প্ৰদূষণ নিয়ন্ত্ৰণ আইনখন অতি কঠোৰ ভাৱে বলবৎ কৰা দেখা গৈছে । বায়ুৰ মান আৰু প্ৰদূষিত চহৰ চিহ্নিত কৰা ছুইজাৰলেণ্ডৰ ‘আইকিউএয়াৰ’ নামৰ সংস্থাটোৰ সমীক্ষাত বিশ্বৰ শীৰ্ষস্থানত থকা দহ খন মহানগৰৰ ভিতৰত কেৱল ভাৰতৰে তিনিখন মহানগৰৰ নাম অন্তৰ্ভুক্ত হৈছে । এই মহানগৰ কেইখন হৈছে দিল্লী, কলিকতা আৰু মুম্বাই । এই সমীক্ষাৰ শীৰ্ষ তিনিটা স্থানত আছে ভাৰতৰ ৰাজধানী মহানগৰ দিল্লী, পাকিস্তানৰ লাহোৰ আৰু বোলগেৰিয়াৰ ছোফিয়া মহানগৰ । থিক তেনেকৈ বিশ্ব স্বাস্থ্য সংস্থাৰ ফালৰ পৰা বিশ্বৰ সৰু বৰ ২৯৭৩ খন চহৰ মহানগৰৰ প্ৰদূষণৰ ওপৰত চলোৱা সমীক্ষাত ভাৰতৰ ৩৪ খন চহৰৰ নাম সন্নিবিষ্ট হৈছে । এই ৩৪ খন চহৰ এশ খন অতি প্ৰদূষিত চহৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে । ইয়াতো শীৰ্ষস্থানত আছে দিল্লী । ভাৰতৰ কলিকতা আৰু মুম্বাই মহানগৰ ,সামন্তৰালভাৱে এলাহাবাদ আৰু ৰাইপুৰো অতি প্ৰদূষিত মহানগৰৰ তালিকাত আছে । সেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰেও ইতিমধ্যে প্ৰদূষিত মহানগৰ তালিকাত নাম সন্নিবিষ্ট হৈছে আৰু প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীৰ বায়ুমান সূচাংক ৫০০ ৰ অতিৰিক্ত কৰে । দুৰ্ভাগ্যজনক কথা যে ব্যাপক প্ৰদূষণৰ কবলত পৰা ভাৰতবৰ্ষত প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজিও একো বিশেষ সফলতা অৰ্জন কৰিব পৰা নাই । উল্লেখিত তিনি প্ৰকাৰৰ প্ৰদূষণৰ প্ৰসংগত মানুহ সামান্য ভাৱে সচেতন যদিও আৰু এক প্ৰকাৰৰ প্ৰদূষণ আছে যাক লৈ গৰিষ্ঠ সংখ্যাক লোকেই উদাসীন । ভাৰতবৰ্ষৰ ক্ষেত্ৰত এই চতুৰ্থবিধ প্ৰদূষণৰ ক্ষেত্ৰত ৰজাঘৰ প্ৰজাঘৰ সকলোৱে একপ্ৰকাৰ কবলৈ গলে সম্পূৰ্ণ ৰূপে উদাসীন । প্ৰতি মূহুৰ্ততে এই বিধ প্ৰদূষণৰ বৃদ্ধিত হাত উজান দি আহিছে ভাৰতবৰ্ষৰ প্ৰতিখন চৰকাৰে । সেই বিধ প্ৰদূষণ হৈছে ভূমি প্ৰদূষণ ।বৰ্তমান সময়ত কৃষিত অধিক উৎপাদনৰ লক্ষৰে ভাৰতবৰ্ষৰ কৃষি পথাৰত অত্যাধিক পৰিমাণে ৰাসায়নিক সাৰ আৰু কিট নাশক দ্ৰব্য প্ৰয়োগ কৰি অহা হৈছে । এই ৰাসায়নিক সাৰ উৎপাদনৰ বাবেও দেশত চৰকাৰী আৰু বেচৰকাৰী ভাৱে অসংখ্য উদ্যোগ প্ৰতিষ্ঠা কৰা হৈছে । এতিয়া পথাৰত এই ৰাসায়নিক সাৰ তথা ৰাসায়নিক দ্ৰব্য সমূহ বছৰৰ পাছত বছৰ ধৰি ব্যৱহাৰৰ কৰাৰ বাবে ভাৰতবৰ্ষৰ কৃষি ভূমি সাংঘাতিক ধৰণে প্ৰদূষিত হৈ পৰিছে । যি কৃষি ভূমিত এবাৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয় সেই কৃষি ভূমিত পৰৱৰ্তী সময়ত জৈৱিক পদ্ধতিৰে কৃষকে খেতি কৰিব বিচাৰিলেও উপযুক্ত উৎপাদন লাভ কৰিব নোৱাৰে । ৰাসায়নিক সাৰ প্ৰয়োগৰ বাবেই একপ্ৰকাৰ সম্পূৰ্ণ ৰূপে প্ৰদূষিত হৈ পৰে সেই কৃষি ভূমি । মাতিত নাথাকিবলগীয়া কৃত্ৰিম ৰাসায়নিক পদাৰ্থৰ উপস্থিতিয়ে সেই ভূখণ্ড প্ৰদূষিত কৰাৰ উপৰিও জীৱকুললৈ বিপদ মাতি আনে । ব্যাপক হাৰত বৃদ্ধি পোৱা উদ্যোগীকৰণ, খনিজ পদাৰ্থৰ খনন,কৃষিভূমিত প্ৰয়োগ কৰা ৰাসায়নিক দ্ৰব্য সমূহে ব্যাপক ক্ষতি কৰিছে ভাৰতৰ লগতে বিশ্বৰ ভূখণ্ডক । উল্লেখ্য যে এই ভূমি প্ৰদূষণ প্ৰাকৃতিক কাৰকতকৈ মানৱসৃষ্ট কাৰক যে বেছি সেই কথা সকলোৱে জানে । ঘৰুৱা চহৰ সমূহৰ আৱৰ্জনা,কৃষিকাৰ্যত ব্যৱহৃত ৰাসায়নিক দ্ৰব্যৰ উপৰিও পেট্ৰলিয়ামৰ পৰা উৎপাদিত পদাৰ্থ সমূহ, যাতায়তৰ আন্ত:গাঠনি,যান বাহনত ব্যৱহৃত হাইড্ৰকাৰ্বন ,যুদ্ধত ব্যৱহৃত লেণ্ডমাইণ্ড,গোলা বাৰুদ তথা তেজস্কীয় পদাৰ্থ আদিয়ে প্ৰতি মুহূৰ্ততে প্ৰদূষিত কৰিছে পৃথিৱী খনক । যাৰ প্ৰভাৱ অনন্ত কাললৈ থাকিব পৃথিৱীৰ ভূখণ্ডত । ভাৰতবৰ্ষত কেৱল ব্যাপক হাৰত বৃদ্ধি পোৱা জনসংখ্যাৰ খাদ্যসামগ্ৰীৰ চাহিদা পুৰাবৈলেকে অনন্ত কাললৈ ৰুগীয়া কৰি তোলাৰ হৈছে পথাৰ সমূহক । শস্য উৎপাদনৰ পথাৰ খন যদি ৰুগীয়া হয় তেতিয়া তাত উৎপাদিত শস্য খোৱা সকলোযে এদিন ৰুগীয়া হৈ পৰিব সেই কথা বেলেগে বাখ্যা কৰাৰ হয়তো প্ৰয়োজন নাই । ভূমি প্ৰদূষণ এই প্ৰক্ৰিয়া যদি বন্ধ কৰিব পৰা নাযায় তাৰ বিৰূপ প্ৰভাৱে ক্ৰমান্বয়ে পংগু কৰি পেলাব জীৱ কুলক । ক্ৰমান্বয়ে বৃদ্ধি পাব অস্বাভাৱিক মৃত্যুৰ হাৰ । পাদুৰ্ভাৱ ঘটিব নতুন নতুন ৰোগৰ । পৃথিৱীৰ পৰা ক্ৰমান্বয়ে বিলুপ্তি ঘটিব বিভিন্ন থলুৱা প্ৰজাতিৰ মাছৰ লগতে বহু আপুৰুগীয়া জীৱ জন্তু ,উদ্ভিদ আদি । এনেবোৰ কাৰণতেই প্ৰকৃতিৰ শুভাবৰ্ধন কৰা জোনাকী পৰুৱা, পখিলা ক্ৰমান্বয়ে নাইকিয়া হবলৈ ধৰিছে । দ্ৰুত গতিত বৃদ্ধি পোৱা ক্ৰংকিটৰ পৃথিৱী খনে উসাহ নোপোৱা অৱস্থা এটা সৃষ্টি হৈছে । দিনক দিনে শুকাই যাবলৈ ধৰিছে ভূগৰ্ভৰ জলস্তৰ । মুঠতে সামগ্ৰিক ভাৱে পৰিবেশ বাবে ভয়ংকৰ অভিশাপ স্বৰূপ এই প্ৰদূষণ যদি নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেতিয় অনাগত সময়ত আমি এখন অসুস্থ পৃথিৱী দি থৈ যাব লাগিব আমাৰ উত্তৰাধিকাৰী সকলক । এই বিনন্দীয়া পৃথিৱী খনৰ বিনন্দীয়া ৰূপটোক ধৰি ৰখাৰ ক্ষমতা মানুহৰ হাততেই আছে । অৰণ্য ধ্বংস নহয়, পাৰিলে অৰণ্য সৃষ্টি কৰক । কাৰণ এতিয়া ক্ৰমাগত ভাৱে বৃদ্ধি পোৱা কাৰ্বনডাইঅস্কাইডে সূৰ্য ৰ উত্তাপ বায়ুমণ্ডলত ধৰি ৰাখি পৃথিৱীৰ উত্তাপ বৃদ্ধি কৰিবলৈ ধৰিছে । ইতিমধ্যেই ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিয়োজিত বিশেষজ্ঞ সকলে সতৰ্ক কৰি দিছে এই উত্তাপ যদি কমোৱা নহয় অনাগত আৰু তিনিটা দশকৰ পাছত বিশ্বৰ বহু অঞ্চল মানুহ আন জীৱ জন্তু থকাৰ অনুপযোগী হৈ পৰিব । অভাৱনীয় হাৰত মৃত্যু হব মানুহ তথা অন্যান্য জীৱ জন্তুৰ । সেয়ে সময় থাকোঁতেই আমাৰ ভূমি পানী বতাহক বিশুদ্ধ কৰি ৰাখি অত্যাধিক যান্ত্ৰিকতাৰ পৰা আতৰি প্ৰাকৃতিক ভাৱেই জীয়াই থকাৰ অভ্যাস গঢ়ি তুলিব লাগিব । তাকে যদি কৰিব পৰা নাযায় তেতিয়া পৃথিৱীয়ে নিজেই নিজৰ সিধান্ত লব । পৃথিৱী থাকিলেও তাত নাথাকিব পৃথিৱী দূষিত কৰা মানুহ ।

Related Articles