◆জ্যোতিপ্ৰসাদ বৰা◆
নগাঁৱৰ অবিনশ্বৰ গোষ্ঠী । ১৯৯০ ৰ ১০ অক্টোবৰত প্ৰতিষ্ঠা লাভ কৰা নাট্যচৰ্চাৰ এক অন্যতম প্ৰতিষ্ঠান । যিটো সু-সংগঠিত প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সভাপতি/সম্পাদক আছিল মুকুতা বৰা আৰু দীপক বৰা । এই অগ্ৰণী অনুষ্ঠানটিয়ে বহু মননশীল নাট নগঞা ৰাইজক উপহাৰ দি আহিছে । শেহতীয়াকৈ আহিনৰ শেষান্তত আন এখন কাব্যিক নাট কলংপৰীয়াসকলৰ সন্মুখত উপস্থাপন কৰিলে তেওঁলোকে । খ্যাতিমান নাট্যকাৰ-পৰিচালক দীপক বৰাৰ ৰচনা আৰু পৰিচালনাত ১৫ অক্টোবৰৰ সন্ধিয়া নগাঁও জিলা পুথিভঁৰালত মঞ্চস্থ হোৱা এই নাটখন হৈছে ‘ৰামৰায়-বালীৰায়’ । সপ্তকাণ্ড ৰামায়ণৰ কিষ্কিন্ধাৰ অংশক; মূলতঃ বালীবধৰ ঘটনাক নাট্যৰূপ প্ৰদান কৰি সজাই তোলা হৈছে দীপক বৰাৰ এই নৱতম নাটখন । জ্যেষ্ঠ নাট্যশিল্পী গৰাকীৰ বহু কেইখন নাটকে তেওঁৰ নিজা পৰিচালনাতে প্ৰাণ পাই উঠিছে । সেইসমূহৰ ভিতৰত ‘হাঁহিৰামৰ হাহাকাৰ’, ‘ইতি বনলতা’, ‘শৈশৱৰ সোণালী সপোন’, ‘শিশুনাট সেউজী ধৰণী ধুনীয়া’, ‘আহা সৱে মিলি-জুলি’ আদি উল্লেখযোগ্য । শেহতীয়াকৈ মঞ্চস্থ হোৱা ছন্দোবদ্ধ সংলাপেৰে পৰিপূৰ্ণ তেওঁৰ ‘ৰামৰায়-বালীৰায়’ নাটখনত সামান্য ত্ৰুটী-বিচ্যুতি ৰৈছে যদিও উপস্থাপন শৈলীয়ে উৎকৃষ্টতাৰ নিদৰ্শন দাঙি ধৰিছে । মসৃণ শব্দ নিয়ন্ত্ৰণ, গৌতম শইকীয়াৰ সঠিক পোহৰ সঞ্চালনে নাটখন মনোগ্ৰাহী কৰি তোলাত যথেষ্ট অৰিহণা আগবঢ়াইছে । ইয়াৰোপৰি পৰিচালক দীপক বৰাৰ মঞ্চ জ্যামিতিয়েও চৰাই তুলিলে নাটৰ জেউতি । গুণকান্ত দাসৰ সংগীত, ইন্দ্ৰজিৎ পাঠকৰ সাজসজ্জা, প্ৰকাশ বৰা আৰু নেত্ৰকমল বৰাৰ ৰূপসজ্জাও আছিল নাটৰ অন্যতম আকৰ্ষণ ।

সেয়ে হয়তো শেষ মূহুৰ্তলৈকে প্ৰতি গৰাকী দৰ্শকেই উপভোগ কৰিলে নাটখন । অহংকাৰ, বিশ্বাস, অভিসন্ধি, অন্যায়, সহৃদয়তাক সুন্দৰ চিত্ৰৰে চিত্ৰায়িত কৰা হৈছে নাটখনত । এশ পাঁচ মিনিটৰ নাটখনত মঞ্চ সমৃদ্ধ কৰি ৰখা অভিনয় শিল্পীসকল হৈছে হীৰক জ্যোতি বৰা, ত্ৰিদিপ নন্দন শইকীয়া, নিবেদিতা গৌতম, চিৰঞ্জীৱ বাৎস্য, সঞ্জীৱ কুমাৰ বৰা, প্ৰণৱজ্যোতি বৰদলৈ, সুস্মিতা শইকীয়া, মনস্বিতা গগৈ, ৰক্তিম নাথ, ৰূপজ্যোতি ভূঞা, গুঞ্জন শইকীয়া, নৱজ্যোতি গোস্বামী, কৃষ্ণকমল বৰা, হেমন্ত কলিতা, আমিৰ হামজা, ৰূপজ্যোতি দাস, দীপক বৰা আৰু লক্ষ্যজ্যোতি শইকীয়া । নাটৰ প্ৰযোজনা নিয়ন্ত্ৰকৰ ভূমিকাত আছিল দিলীপ শিৰোমণি লস্কৰ আৰু পৰিচালনা সহযোগীৰ ভূমিকাত আছিল সুস্মিতা শইকীয়া । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অৰ্থ সাহাৰ্য্যৰে মঞ্চস্থ হোৱা এই নাটখন হৈছে অন্যায়ৰ পৃষ্ঠত ন্যায়ৰ এখন তয়াময়া যুঁজ । সময়ৰ বালিত ৰৈ যোৱা চলনা আৰু কৌশলৰ কেইটিমান গহীন খোজ । যৰ্থাথতে ই হৈছে – নিৰ্মল পৃথিৱীৰ পৰা অপশক্তি আঁতৰোৱাৰ আন এক বিদ্ৰোহ …।