◆ড০ দিলীপ শৰ্মা◆
ভাৰতৰ সাংস্কৃতিক ঐক্যৰ বাবে অতীত কালৰে পৰা বিজ্ঞ জনে বিভিন্ন প্ৰকাৰে যত্নপৰ হৈ আহিছে। ভাৰতত বসবাস কৰা ভিন্ন সম্প্ৰদায়ৰ আৰু মতাৱলম্বীৰ মাজত একতা স্থাপন কৰি পৰষ্পৰৰ মাজত সম্প্ৰীতি আৰু ভ্ৰাতৃত্ববঝধ সৃষ্টি কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি অহা ভাৰতীয় সকল প্ৰকৃতৈ আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস।আমি এই লেখাত দীপাৱলী আৰু এই উৎসৱৰ সাংস্কৃতিক গুৰুত্ব সম্বন্ধে এটি থূলমূল আভাস দিয়াৰ চেষ্টা কৰিব খুজিছোঁ।দীপাৱলীৰ সময়ত একেলগে পাঁচোটা উৎসৱ আৰম্ভ হয়, য’ত গনেশ আৰু লক্ষ্মী পূজাই বিশেষ গুৰুত্ব লাভ কৰা দেখা যায় । লক্ষ্মীপূজাৰ সমান্তৰাল ভাৱে গনেশ পূজা পতাৰ উদ্দেশ্য হৈছে ভাৰতীয় ধৰ্ম দৰ্শনত গনেশ দেৱতাক বিঘিনি নাশক দেৱতা ৰূপে পূজা অৰ্চনা কৰা হয়। লগতে গনেশ দেৱতাক মঙ্গলকাৰী দেৱতা ৰূপেও পূজা অৰ্চনা কৰা হৈ আহিছে।আনহাতে আকৌ লক্ষ্মী দেৱীক বিষ্ণুৰ অৰ্দ্ধাঙ্গিনী বুলিও ভবা যায়, কিয়নো বিষ্ণুৰ দ্বিতীয় অৱতাৰ ( কুৰ্ম্ম) অৰ্থাৎ সমুদ্ৰ মন্থনৰ সময়ত লক্ষ্মী দেৱীয়ে সাগৰত জন্মিছিল।এই সময়ত পালন কৰা অন্য এটা উৎসৱ হৈছে ‘ধন তেৰশ’। এই উৎসৱটিৰ লগতো বহুতো লোক-কথা আৰু বেদবাণী জড়িত হৈ থকা দেখা যায়।সমুদ্ৰ মন্থনৰ সময়ত লক্ষ্মী দেৱীৰ লগতে মানৱ জাতিক আয়ুস প্ৰদান কৰোঁতা ধন্বতৰিয়েও হাতত অমৃতৰ কলহ লৈ আৰ্ৱিভাব হৈছিল। তেওঁ আৰ্ৱিভাব হোৱা দিনটো আছিল কাতি মাহৰ ‘ত্ৰয়োদশী তিথি’।পৰৱৰ্তী সময়ত এই দিনটোতেই ‘ধন তেৰশ’ নামৰ উৎসৱ ভাগ পতাৰ দিহা কৰা হৈছিল বুলি বিশ্বাস চলি আহিছে। এই দিনটোৰ তাৎপৰ্য হৈছে যে এই দিনা প্ৰায়বোৰ ব্যক্তিয়েই বজাৰৰ পৰা কিবা নহয় কিবা এটা বস্তু ‘অমৃত কলহ’ বুলি ভাবি ক্ৰয় কৰে। লোক বিশ্বাস প্ৰচলিত হৈ আহিছে যে এই অমৃত কলহ বুলি ভবা কলহটিয়ে পৰিয়ালটি লৈ আহিব পৰা আগন্তুক সকলোবোৰ অপায় অমঙ্গল দূৰ কৰি শান্তি সমৃদ্ধি বঢ়ায়।ধন তেৰশৰ আগদিনা ‘নৰক চতুৰ্দশী ‘ বা সৰু দীপাৱলী পালন কৰা হয়। এই সৰ্ম্পকেও অনেকবোৰ লোক-কথা সমাজত প্ৰচলিত হৈ আহিছে। তাৰ ভিতৰত এটা লোক কথা এনেধৰণৰ যে শ্ৰী কৃষ্ণই নৰকাসুৰক বধ কৰি নৰকাসুৰে কাৰাবন্দী কৰি ৰখা প্ৰায় ১৬ হেজাৰ নাৰীক মুক্ত কৰিছিল তেতিয়া সেই ১৬ হেজাৰ নাৰীয়ে শ্ৰী কৃষ্ণক এই কথা কৈ মিনতি কৰিছিল যে “আমি ইমান দিনে নৰকাসুৰৰ ৰাজ্যত বন্দী হৈ থকাৰ বাবে আমাক আমাৰ স্বামী বা গৰাকীয়ে গ্ৰহণ নকৰিব। সেয়ে হে প্ৰভু আপুনি আমাক মৃত্যু দণ্ডেৰে দণ্ডিত কৰক অথবা এনে এক অভয় প্ৰদান কৰক যাৰ দ্বাৰা আমি শান্তি পূৰ্ণ ভাৱে জীৱন যাপন কৰিব পাৰো।”সেই নাৰীসকলৰ এনে কঠোৰ আহ্বান শুনি শ্ৰীকৃষ্ণই কৈছিল যাৰ কোনো পতি বা স্বামী নেথাকে তেওঁ লোকৰ কাৰণে জগতৰ স্বামী,জগৎপিতা পৰমাত্মাই পতি হয়, সেয়ে তোমালোকে মোকেই স্বামী বুলি ভাবি মোৰ লগতে বসবাস কৰা।
ইয়াৰ মাজত অৰ্ন্তনিহিত হৈ থকা দৰ্শনটো হৈছে লেতেৰা বা দুষ্কৃতিকাৰীক আঁতৰ কৰি সংস্কৃতিৰ স্থাপনা কৰা। সেয়ে হয়তু বৰ্তমানেও ভাৰতীয় লোকসকলে দীপাৱলীৰ আগে আগে নিজৰ নিজৰ ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি এক নিকা বাতাবৰণ সৃষ্টি কৰাৰ মানস কৰে। যিদৰে শ্ৰীকৃষ্ণই নৰকাসুৰ ৰূপী দূস্কৃতিক ধ্বংস কৰি সংস্কৃতিক প্ৰতিষ্ঠা কৰিছিল।আন এক জনশ্ৰুতি অনুসৰি এনেদৰে বিশ্বাস কৰা হয় যে বিষ্ণুৰ পঞ্চম অৱতাৰ বামনে নিজৰ দুয়োখন ভৰিৰে পৃথিৱীৰ জল স্থল তথা আকাশ অধিগ্ৰহণ কৰি তৃতীয় পদ ক’ত থব বুলি বলি ৰজাক সুধিলে, তেতিয়া বলিৰাজে অতি বিনম্ৰভাৱে বিষ্ণুৰ তৃতীয় পদ বলিৰাজৰ মূৰত থোৱাৰ কথা ক’লে আৰু বিষ্ণুদেৱে সেই কথাত সন্তুষ্ট হৈ বলীৰাজক বৰ দিবৰ বাবে প্ৰস্তুত হ’ল। বলিৰাজে বৰস্বৰূপে বিষ্ণুৰ পৰা লক্ষ্মীক প্ৰদান কৰাৰ বাবে কাকূটি কৰিলে। তেতিয়াৰ পৰাই কিছু চৰ্তত লক্ষ্মী বলিৰাজৰ গৃহত আছিল। চৰ্তটো এনেকুৱা আছিল যে যিদিনাই বলিৰাজে ধৰ্ম কৰ্ম ত্যাগ কৰি ব্যভিচাৰী হ’ব সেইদিনাই লক্ষ্মী তেওঁৰ কাষৰ পৰা আঁতৰি যাব।বিধিৰ বিপাক কিছুদিনৰ পিচত বিধিৰ কু-চক্ৰত পৰি বিপথে পৰিচালিত হৈ নিজৰ ধাৰ্মিক প্ৰবৃত্তি এৰি উদণ্ড হৈ পৰিল। তেতিয়া লক্ষ্মীয়ে তেওঁক ত্যাগ কৰি বিষ্ণুৰ শৰণাপন্ন হয়গৈ বুলি জনবিশ্বাস প্ৰচলিত আছে।দীপাৱলী উৎসৱ কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা পালন কৰা হয়। শাস্ত্ৰত উল্লেখ কৰা আছে যে এই দিনাই সমুদ্ৰ মন্থনৰ সময়ত লক্ষ্মী দেৱীৰ আৰ্বিভাব হৈছিল যাক বিষ্ণু ভগৱানে বৰণ কৰিছিল। আন এক বিশ্বাস অনুসৰি এই দিনটোতে ভগৱান শ্ৰীৰাম চন্দ্ৰই ৰাৱনক নিধন কৰি বান্দৰ সেনা আৰু অন্যান্য সেনা সমন্বিতে লংকাৰ পৰা অযোধ্যালৈ উলটি আহিছিল। ৰামচন্দ্ৰৰ অযোধ্যা আগমনত আনন্দিত হৈ অযোধ্যা বাসী জনসাধাৰণে ঘৰে ঘৰে দ্বীপ প্ৰজ্জ্বলন কৰি আতচবাজি ফুটাই ৰং-তামাসা কৰিছিল বুলিও কোৱা যায়। যাক ভাৰতৰ সনাতনী সকলে আজিও সেই একেদৰেই পালন কৰি আহিছে।
দীপাৱলীৰ আগদিনা খন ‘গোবৰ্ধন’ পূজাৰ’ আয়োজন কৰা যায়। এই সৰ্ম্পকেও দ্বাপৰ যুগৰ এক বিশেষ দন্ত কথা স্মৰণীয়। বালক কৃষ্ণই ইন্দ্ৰৰ অভিমান আঁতৰ কৰাৰ বাবে গকূলবাসী সকলক এনেদৰে কৈছিল যে “তোমালোকে নিজৰ স্থানৰ দেৱতাক এৰি অন্য স্থানৰ দেৱতাক পূজন কৰাটো অনুচিত।” আমি আটায়ে ব্ৰজৰ দেৱতা গিৰিৰাজকহে পূজা অৰ্চনা কৰিব লাগে, ইন্দ্ৰৰ পূজা নহয়। কৃষ্ণৰ এনে কথাত দেৱতা ইন্দ্ৰ অভিমানত ৰুষ্ট হৈ গকূলত ধাৰাষাৰ বৃষ্টিপাত কৰাবলৈ ধৰিলে, ইন্দ্ৰই এই কথা পাহৰি গৈছিল যে যাৰ সৈতে তেওঁ শত্ৰুতা কৰিছে বা যুদ্ধ কৰিবলৈ ওলাইছে, তেওঁ আন কোনো নহয় তেওঁ হৈছে স্বয়ং বিষ্ণু ভগৱান।সেয়ে ভগৱান শ্ৰীকৃষ্ণই নিজৰ কনিষ্ঠ আঙুলিৰে গোবৰ্ধন পৰ্বততুলি ধৰি তাৰ তলত সমস্ত গকূলবাসীক ৰাখি সেই মুছলধাৰ বৰষুণৰ পৰা ৰক্ষা কৰিছিল। এনে কথাৰ ভূ পাই ইন্দ্ৰ লজ্জিত হৈ বিষ্ণুৰ শৰণাপন্ন হোৱাৰ কথা জানিব পৰা যায়। গোৰ্বদ্ধনৰ মূৰ্তি ভাগ যৱন কালত গোৰ্বদ্ধনৰ পৰা আতঁৰাই নি ৰাজস্থানৰ শ্ৰীনাথদ্বাৰত স্থাপন কৰা হৈছিল, য’ত আজিও শ্ৰীনাথজীৰ অন্নকূট উৎসৱ বৰ উলহ মালহেৰে পালন কৰা হৈ আছে।কাতি মাহৰ দীপাৱলীৰ সময়ত পালন কৰা আন এক উৎসৱ ‘ভাইফুটা’ বা ভাইদুজ। এই উৎসৱৰ লগতো বিশেষ কিছু লোক- কথা জড়িত হৈ আছে। এবাৰ যমৰাজে নিজৰ ভগ্নী যমুনাক দেখা কৰিবৰ বাবে মথুৰা লৈ আহিছিল, যমুনাই নিজৰ ককায়েকক দেখি বৰ আদৰ সাদৰ কৰি সেৱা আগবঢ়ালে তেনে কাৰ্যত প্ৰসন্ন হৈ বৰ দিব বিচাৰিছিল। তেতিয়া যমুনাই নিজৰ ডাঙৰ ভ্ৰাতৃৰ স্বভাব জানি কলে, তুমি সদায় পৰক কষ্ট দিয়েই আহিছা এতিয়ানো মোক কি বৰ দি আনন্দ দিবা? তেতিয়া যমৰাজে ক’লে মই দুষ্টৰ বাবে ‘যমৰাজ’ আৰু ধৰ্মাচাৰণ কৰোঁতা সকলৰ বাবে ‘ধৰ্মৰাজ’। সেয়ে তুমি নকলেও মই তোমাক এই বৰ দিলো যে আজিৰ দিনটোত যিসকল ভাতৃয়ে ভগ্নীৰ ঘৰলৈ আহি আতিথ্য গ্ৰহণ কৰি দুয়ো একেলগে যমুনাত স্নান কৰিব তেওঁ লোকৰ ওপৰত মোৰ দূতৰ কূপদৃষ্টি কেতিয়াও নপৰিব। এইবাবেই ‘ভ্ৰাতৃদ্বিতীয়া’ক যম দ্বিতীয়া বুলিও কোৱা হয়।গতিকে নকলেও অনুমান কৰিব পাৰি যে ভাৰতত অতীতৰে পৰা এটা নহয় অনেকটা ৰূপেৰে সমস্ত সমাজক একত্ৰিত কৰাৰ বাবে কিবা নহয় কিবা নিয়ম তৈয়াৰ কৰি পৰষ্পৰৰ মাজত সমানতা আৰু ভ্ৰাতৃত্ববোধ স্থাপনৰ বাবে চিন্তা-চৰ্চা চলি আহিছে,যিয়ে ভাৰতীয় সংস্কৃতিক অধিক কটকটীয়া কৰি গঢ় দিবলৈ সক্ষম হৈছে।
ড০ দিলীপ শৰ্মা।
অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ,
নগাঁও কলেজ( স্বতন্ত্ৰ)
দূৰভাষ: 9401209649