মহিলাৰ বিৰুদ্ধে অপৰাধ ৰোধৰ বাবে নগাঁও জিলা আয়ুক্তৰ তৎপৰতা

ডিজিটেল সেৱা, নগাঁও : মহিলাৰ বিৰুদ্ধে যিকোনো হিংসাৰ ঘটনা ৰোধ কৰাৰ বাবে প্ৰচলিত আইনী সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ লগতে প্ৰশাসনিক সষ্টমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই। কালি জিলা মহিলা কোষৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰি তেওঁ কয় যে, আজিৰ আধুনিক সমাজতো মহিলা নিপীড়নৰ ঘটনা অতি দুৰ্ভাগ্যজনক। মহিলা সকলৰ বাবে বহুতো আইনী সুৰক্ষাৰ ব্যৱস্থা আছে যদিও, সেই সম্পৰ্কে বহুতো মহিলা অবগত নহয়। জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকখনত ঘৰুৱা হিংসা, যৌতুকজনিত নিৰ্যাতন, সামাজিক বা মানসিক উৎপীড়নৰ সন্মুখীন হোৱা তথা কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা কেনেকৈ তৎকালিনভাৱে আইনী সাহায্য, সুৰক্ষা, মানসিক সকাহ আৰু পৰামৰ্শ প্ৰদান কৰিব পৰা যায়, সেই সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। ​বৈঠকত, মহিলাই সমাজ বা পৰিয়ালৰ ভয়ত কোনো ধৰণৰ অন্যায় বা অত্যাচাৰ নীৰৱে সহ্য নকৰি ঘৰুৱা হিংসা অথবা মানসিক নিৰ্যাতনৰ বলি হোৱা প্ৰতিগৰাকী মহিলাকে মনে মনে নাথাকি নিজৰ অধিকাৰৰ বাবে সাহসেৰে মাত মাতিবলৈ আহ্বান জনোৱাৰ লগতে ২৪ ঘণ্টাই কাৰ্যক্ষম হৈ থকা চৰকাৰৰ মহিলা সুৰক্ষাৰ বিনামূলীয়া জৰুৰীকালীন হেল্পলাইন নম্বৰ ১৮১ৰ সঠিক ব্যৱহাৰৰ সন্দৰ্ভত সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। একেদৰে যিকোনো জৰুৰী পৰিস্থিতিত ভুক্তভোগী মহিলাসকলে যাতে পলম নকৰি জিলা , সমজিলা অথবা খণ্ড পৰ্যায়ত থকা মহিলা কোষৰ সৈতে পোনপটীয়া যোগাযোগ স্থাপন কৰিব পাৰে, সেই সন্দৰ্ভত প্ৰশাসনৰ সক্ৰিয়তা আৰু মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰা বিভিন্ন আইনী ব্যৱস্থাসমূহৰ সৰলীকৰণৰ বিষয়ে বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত কমল জিৎ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ প্ৰমুখ্যে সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।

Related Articles