ডিজিটেল সেৱা: নগাঁও জিলাত ‘মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনি’ ৰ প্ৰকল্প ৰূপায়ণ আৰু ধনৰ ব্যৱহাৰ সম্পৰ্কীয় বিভিন্ন বিষয়ৰ সন্দৰ্ভত পৰ্যালোচনাৰ উদ্দেশ্যৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত ‘মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ’ আঁচনিৰ বাবে পুঁজিৰ প্ৰাপ্তি আৰু ব্যৱহাৰ, নতুনকৈ দাখিল কৰা প্ৰকল্পৰ আনুমানিক ব্যয়ৰ অনুমোদন, প্ৰকল্পৰ স্থান পৰিৱৰ্তনৰ অনুমোদন আৰু প্ৰকল্পসমূহৰ ৰূপায়ণ ফলপ্ৰসূভাৱে তদাৰক কৰাৰ বাবে এখন নিৰীক্ষণ সমিতি গঠন কৰাৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। সংশ্লিষ্ট সমিতিসমূহৰ দ্বাৰা সময়মতে কামৰ অগ্ৰগতিৰ প্ৰতিবেদন আৰু ব্যৱহাৰিক প্ৰমাণপত্ৰ দাখিল কৰাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়, যাতে সম্পূৰ্ণ হোৱা প্ৰকল্পসমূহ পৰৱৰ্তী জিলা পৰ্যায়ৰ সমিতিৰ বৈঠকত উপস্থাপন কৰিব পৰা যায়। সমিতিয়ে লগতে লক্ষ্য কৰে যে চলিত বিত্তীয় বৰ্ষত ‘মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনি”ৰ অধীনত কোনো নতুন প্ৰস্তাৱ লাভ কৰা হোৱা নাই। এই সন্দৰ্ভত, জিলা আয়ুক্তই সকলো সহযোগী বিভাগক যোগ্য হিতাধিকাৰী চিনাক্ত কৰাত আৰু চৰকাৰলৈ প্ৰেৰণ কৰাৰ উদ্দেশ্যে উপযুক্ত প্ৰকল্পৰ প্ৰস্তাৱ প্ৰস্তুত কৰাত সক্ৰিয় সহায় আগবঢ়াবলৈ অনুৰোধ জনায়। জিলাখনৰ উন্নয়নমূলক পদক্ষেপসমূহৰ নিৰ্ধাৰিত সময়ত আৰু ফলপ্ৰসূ ৰূপায়ণ সুনিশ্চিত কৰাৰ লগতে আন্তঃবিভাগীয় সমন্বয় অধিক শক্তিশালী কৰাৰ বাবে সকলো অংশীদাৰক তেওঁ আহ্বান জনায়। এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত (উদ্যোগ) গোপাল শৰ্মা, পঞ্জাৱ নেচনেল বেংকৰ অগ্ৰণী জিলা প্ৰৱন্ধক, নগাঁও সদৰ, ৰহা আৰু ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল, এপেক্স বেংকৰ নগাঁও শাখাৰ প্ৰৱন্ধক, নগাঁৱৰ চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰৱন্ধক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়াসকলৰ লগতে আন আন সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধিসকল উপস্থিত থাকে। উল্লেখ্য যে এই আচঁনিৰ অধীনত ৰাজ্যৰ সৰু উদ্যোগীসকলক সঁজুলি, কেঁচামাল আৰু নতুন মেচিন ক্ৰয় কৰিবলৈ পোনপটীয়াকৈ আৰ্থিক অনুদান প্ৰদান কৰা হয়। থলুৱা উদ্যোগসমূহৰ বিকাশৰ বাবে চৰকাৰে ১৫ লাখ টকা পৰ্যন্ত সাহায্য প্ৰদান কৰে।
মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা জিলা আয়ুক্তৰ