ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেৱাশীষ শৰ্মাৰ আকস্মিক পৰিদৰ্শন

ডিজিটেল সেৱা: নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ বিদ্যালয়সমূহৰ শিক্ষাৰ মানদণ্ড নিৰীক্ষণ কৰাৰ উদ্দেশ্যেৰে নগাঁও চহৰৰ মাজমজিয়া স্থিত ডচন  উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত ৩ নৱেম্বৰ তাৰিখে আকস্মিক পৰিদৰ্শন কৰে । এই পৰিদৰ্শন কালচোৱাত আয়ুক্ত গৰাকীয়ে ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত এক গুৰুতৰ অনিয়মৰ তথ্য পোহৰলৈ আনে ।অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা বিশেষকৈ কন্যা শিক্ষাৰ্থীসকলক সামৰি লোৱা অভিলাসী পদক্ষেপ “মুখ্যমন্ত্ৰী নিযুত মইনা ২.০” আঁচনিৰ নামত বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ পৰা ধন সংগ্ৰহ কৰাৰ দৰে এক দুৰ্ভাগ্যজনক কাৰ্য জিলা আয়ুক্ত দৃষ্টিগোচৰ হয়।

এই ঘটনাৰ অনুসন্ধান কালত বিদ্যালয়খনৰ জ্যেষ্ঠ সহায়ক পৱন কুমাৰ বৰাই শিক্ষাৰ্থীসকলৰ পৰা নাম ভৰ্তি, নৱম শ্ৰেণীৰ পঞ্জীয়ন আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ প্ৰমাণিত হোৱাত জিলা আয়ুক্ত গৰাকীয়ে  অভিযুক্ত জ্যেষ্ঠ সহায়কগৰাকীক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা নিলম্বিত কৰাৰ লগতে নগাঁও জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথক এই সমগ্ৰ বিষয়টোৰ ওপৰত কঠোৰ বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ লগতে  বিদ্যালয়খনৰ অধ্যক্ষ  গৰাকীক কাৰণ দৰ্শোৱাৰ (শ্ব’কজ) জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

জিলা আয়ুক্ত গৰাকীয়ে কয় যে, বিদ্যালয় হৈছে শিক্ষাৰ মন্দিৰ। চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক উপকৃত কৰিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন সময়ত ন ন আঁচনি গ্ৰহণ কৰি আহিছে । কিন্তু তেনে পৱিত্ৰ অনুষ্ঠানতে শিক্ষাগুৰু বা অন্যান্য কৰ্মচাৰীয়ে যদি শিক্ষাৰ্থীসকলৰ সৈতে এনে ধৰণৰ অনিয়ম চলায়, তেন্তে তেনে কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু তেনে ব্যক্তিৰ ওপৰত কঠোৰভাৱে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। 

Related Articles