সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী আয়োজন সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল

ডিজিটেল সেৱা, নগাঁও: ভাৰত ৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি অহা ৫ নৱেম্বৰ তাৰিখটো মহান শিল্পী গৰাকীৰ চতুৰ্দশ সংখ্যক মৃত্যুবাৰ্ষিকী ভাগ অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ জিলা সমূহৰ লগতে সম জিলা সমূহতো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজনৰ দিহা কৰা হৈছে। সুধাকণ্ঠ গৰাকীৰ মৃত্যু বাৰ্ষিকী ভাগ নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অহা ৫ নৱেম্বৰ তাৰিখে নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালি খেলপথাৰত আড়ম্বৰপূৰ্ণ ভাৱে আয়োজনৰ প্রস্তুতি চলোৱা হৈছে । এই প্ৰস্তুতিৰ সন্দৰ্ভত ৩ নৱেম্বৰ তাৰিখে জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভা কক্ষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এখনি সংবাদ মেল সম্বোধন কৰে ।সংবাদমেল খনত জিলা আয়ুক্ত গৰাকীয়ে কয় যে, সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাটো অহা ৫ নৱেম্বৰ তাৰিখে সুধাকণ্ঠ গৰাকীৰ মৃত্যু বাৰ্ষিকী ভাগ নেহৰুবালি খেলপথাৰত আড়ম্বৰপূৰ্ণ ভাৱে জিলা প্ৰশাসনৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে দিনৰ ১১ বজাত উদযাপন কৰা হব।এই অনুষ্ঠানৰ অংশস্বৰূপে সুধাকণ্ঠ গৰাকীৰ মানৱতাৰ কালজয়ী সৃষ্টি “মানুহে মানুহৰ বাবে” গীতটি ৫০০০ (পাঁচ হাজাৰ)ৰৰো অধিক বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, স্বেচ্ছাসেৱী সংগঠনৰ সদস্য আৰু জিলাবাসী ৰাইজৰ উপস্থিতিত সমূহীয়া ভাবে পৰিবেশন কৰা হব । জিলা আয়ুক্ত গৰাকীয়ে এই মহান শিল্পী গৰাকীৰ মৃত্যু বাৰ্ষিকীৰ উপলক্ষে আয়োজিত অনুষ্ঠানটিত সমূহ জিলাবাসী ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

Related Articles