ডিজিটেল সেৱা,নগাঁও: কঠিয়াতলীৰ কঠালগুৰী অঞ্চলত শিক্ষাৰ পোহৰ অধিক বিস্তাৰ কৰাৰ লক্ষ্যৰে নতুনকৈ স্থাপন কৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডৰ দ্বাৰা স্বীকৃত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান স্বৰ্ণপীঠ কেন্দ্ৰীয় বিদ্যালয়ৰ আজি আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। ২০২৬-২৭ বৰ্ষৰ পৰা আৰম্ভ হ’বলগীয়া এই নতুন শৈক্ষিক যাত্ৰাৰ শুভাৰম্ভ কৰি আয়ুক্তগৰাকীয়ে তেওঁৰ মনৰ গভীৰ সন্তুষ্টি আৰু আনন্দ প্ৰকাশ কৰি কয় যে কঠালগুৰীৰ দৰে গ্ৰাম্য অঞ্চলত এনে এখন উন্নতমানৰ শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাই স্থানীয় ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চমানৰ শিক্ষা লাভৰ এক সোণালী সুযোগ কঢ়িয়াই আনিব। তেওঁ আশা প্ৰকাশ কৰে যে এই বিদ্যালয়খনে কেৱল পাঠ্যপুথিৰ জ্ঞানেই নহয়, বৰঞ্চ আধুনিক আৰু গুণগত শিক্ষাৰে অঞ্চলটোৰ নতুন প্ৰজন্মক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠিত হ’বলৈ সক্ষম কৰি তুলিব আৰু সমাজ গঠনৰ প্ৰক্ৰিয়াত এক বিশেষ ভূমিকা পালন কৰিব।
কঠালগুৰিত নতুন বিদ্যালয়ৰ দ্বাৰ মুকলি কৰে আয়ুক্ত দেৱাশীষ শৰ্মাই