নগাঁও জিলা নাট্য সন্মিলনৰ বাৰ্ষিক অধিবেশন আৰু শিশু নাট সমাৰোহ

ডিজিটেল সেৱা: অসম নাট্য সন্মিলন, নগাঁও জিলা সমিতিৰ দ্বি- বাৰ্ষিক অধিবেশন আৰু শিশু নাট সমাৰোহ শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসুচীৰে নগাঁও জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছে। পুৱা পতাকা উত্তোলনৰে অধিবেশনৰ শুভাৰম্ভ কৰে জিলা সমিতিৰ সভাপতি মনোজ কুমাৰ বৰদলৈয়ে। স্মৃতি তৰ্পন অনুষ্ঠান মুকলি কৰে কাৰ্যকৰী সভাপতি ৰঞ্জন তামুলীয়ে।

ইয়াৰ পিছত বিষ্ণুপ্ৰসাদ ৰাভা ,অসম নাট্য সন্মিলনৰ প্ৰয়াত উপসভাপতি অৰূপ বৰঠাকুৰ ,হিয়াৰ আমঠু জুবিন গাৰ্গ , বিশিষ্ট বাহী বাদক দীপক শৰ্মা ,নটৰাজৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্য প্ৰদান কৰে সন্মিলনৰ বিষয়ববীয়া ক্ৰমে প্ৰশান্ত শৰ্মা , চন্দ্ৰধৰ ডেকা ,বুদ্ধিন্দ্ৰ মহন্ত ,সুৰজ কুমাৰ শইকীয়া ,জিতুমণি মহন্ত ,জয়ন্ত কুমাৰ বৰাই। দিনৰ ১১ বজাৰ পৰা সন্মিলনৰ নগাঁও জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

দুপৰীয়া শিশু নাট সমাৰোহৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। অনুষ্ঠানত অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাস , কাৰ্যকৰী সভাপতি হিৰণ্য হাজৰিকা ,সাধাৰণ সম্পাদক সন্তৰাম দাস ,বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌতম বৰা আদিয়ে অংশগ্ৰহণ কৰে।

অনুষ্ঠানত বিশিষ্ট লোকশিল্পী ভাবুৰাম কেওটক সম্বৰ্ধনা জনোৱা হয়। বিয়লি শিশু নাট সমাৰোহ অনুষ্ঠিত হয়। কাইলৈ শ্ৰদ্ধাঞ্জলি আৰু বন্তি প্ৰজ্বলন অনুষ্ঠানৰ পিছত সন্মিলনৰ নগাঁও জিলা সমিতিৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হব। বিয়লি শিশু নাট সমাৰোহৰ মঞ্চ উদ্ধোধন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হব। এই অনুষ্ঠান উদ্ধোধন কৰিব প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই। খাগৰিজান খণ্ড উন্নয়ন বিষয়া কৃষ্ণকান্ত শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব লগা অনুষ্ঠানত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ দক্ষিণা শৰ্মাক সম্বৰ্ধনা জনোৱা হব। ইয়াৰ পিছত শিশু নাট সমাৰোহ অনুষ্ঠিত হব।

Related Articles