ডিজিটেল সেৱা: সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে নগাঁও জিলাতো শ্ৰদ্ধাৰ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়দেৱৰ অমৰ সৃষ্টি, যুগজয়ী ‘বন্দে মাতৰম’ গীতটিৰ ১৫০ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানটি উৎসাহ আৰু গাম্ভীৰ্যতাৰে উদযাপন কৰা হয়। এই বিশেষ উপলক্ষে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

উল্লেখযোগ্য যে, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিনৰ আগতে তেখেতৰ ‘মন কী বাত’ অনুষ্ঠানত এই অনন্য ভাৰত মাৰ পূজ্য এই গীতটিৰ ১৫০ বছৰীয়া বৰ্ষপূৰ্তিৰ কথা উল্লেখ কৰিছিল। তেখেতে ৭ নৱেম্বৰ তাৰিখে সমগ্ৰ ভাৰতবাসীক এই দিনটো বিশেষভাৱে উদযাপন কৰিবলৈ আহ্বান জনাইছিল।

প্ৰধানমন্ত্ৰীৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৭ নৱেম্বৰ তাৰিখে, জিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া- কৰ্মচাৰীসকলে কাৰ্যালয়ৰ প্ৰাংগণত ‘বন্দে মাতৰম’ গীতটি সমবেতভাৱে পৰিৱেশন কৰে। এই পবিত্ৰ ক্ষণটিত আয়ুক্ত কাৰ্যালয়ৰ সমগ্ৰ চৌহদ দেশপ্ৰেমৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰে। ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে, জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়।

এই কাৰ্যসূচীত জিলা আয়ুক্ত, দেৱাশীষ শৰ্মাৰ লগতে, জিলা উন্নয়ন আয়ুক্ত, দেবযানী চৌধুৰী, অতিৰিক্ত জিলা আয়ুক্তসকল ক্ৰমে দেবাহুতি বৰা, সুদীপ নাথ, মনোৰমা মৰাং, চামগুৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ড৹ ময়ূৰ পংখী বৰা, সহকাৰী আয়ুক্তসকল ক্ৰমে শিল্পীৰেখা পণ্ডিত, ভাস্কৰ চৌধুৰী, অৰুণাভ চৌধুৰী, ধৰ্মৰাজ কলিতা প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ।