ডিজিটেল সেৱা, গোলাঘাট: আই চি চি মহিলা ক্ৰিকেট বিশ্বকাপ জিনি শুকুৰবাৰে বোকাখাতৰ নিজা ঘৰত উপস্থিত হয় ক্ৰিকেটাৰ উমা ছেত্ৰী । গৃহভূমিত উপস্থিত হৈয়ে উমা ছেত্ৰীয়ে ঐতিহ্যমণ্ডিত চিকন আতা থানত বন্তি প্ৰজ্বলনেৰে অদৃষ্টজনৰ ওচৰত সেৱা লয় । প্ৰথমগৰাকী বিশ্বকাপ জয়ী খেলুৱৈ হিচাপে ইতিহাস সৃষ্টি কৰা উমা ছেত্ৰী কান্ধুলিমাৰীৰ ঘৰত উপস্থিত হোৱাৰ পিছতে লোকাৰণ্য হৈ পৰে । গোলাঘাটৰ জিলা আয়ুক্ত পুলক কুমাৰ মহন্ত, জিলা আৰক্ষী বিষয়া ৰাজেন সিং, বোকাখাত সমজিলা আয়ুক্ত শিৱানী জেৰ্ণগল, অসম ক্ৰিকেট সন্থাৰ টেকনিকেল সমিতিৰ সদস্য পৰীক্ষিত দত্ত, সমজিলা আৰক্ষী বিষয়া ৱাৰ্ডি বড়ো, বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাগজ্যোতি বুঢ়াগোঁহাই, চক্ৰ বিষয়া দেবাহুতি ডেকাকে ধৰি বিষয়াসকলে বিশ্বজয়ী মহিলা ক্ৰিকেটাৰগৰাকীক চেলেং, গামোচা, ফুলাম জাপি, সঁফুৰা, মিঠাইৰ টোপোলাৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ।আনহাতে, বোকাখাত মহকুমা সাংবাদিক সন্থা, প্ৰেছ ক্লাব, ইমজাকে ধৰি সাংবাদিক সংগঠন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় আৰু জিলা সমিতি আৰু স্থানীয় নেতৃত্বই উমাৰ সুদৃশ্য প্ৰতিকৃতিৰ লগতে অংগবস্ত্ৰৰে শুভেচ্ছা জনায় । শুভেচ্ছা জ্ঞাপন কৰে কাজিৰঙা অৰ্কিড পাৰ্ক, ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে বোকাখাত ক্ৰীড়া সন্থায়ো ।নিজৰ অনুভৱ সন্দৰ্ভত সাংবাদিকৰ আগত ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে কয়, “গাঁৱৰ ঘৰলৈ অহাৰ পাছত মোক ইমান মৰম দিছে, মোৰ বহুত ভাল লাগিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ লগত সুন্দৰকৈ কথা পাতিছে । আমি কেনেদৰে থাকো আৰু বহু ধৰণৰ কথা আমাক শিকাইছে । মই বিশ্বকাপ জিনি আহিছোঁ আৰু আগলৈ মোৰ এই ধাৰা অব্যাহত ৰাখিব বিচাৰিম, তেতিয়া আমাক লক্ষ্য কৰি আৰু খেলুৱৈ ওলাই আহিব । আমাৰ কেপ্টেইনগৰাকীয়ে আমাৰ লগত সুন্দৰকৈ কথা-বতৰা পাতে আৰু সুন্দৰকৈ সকলো কথা বুজাই দিয়ে ।”
বিশ্বজয়ী উমা ছেত্ৰীক গোলাঘাট জিলা প্ৰশাসন,দল-সংগঠনৰ বিপুল সম্বৰ্ধনা