নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও প্ৰেছ ক্লাবত প্ৰেছ দিৱস উদযাপন

ডিজিটেল সেৱা, নগাঁও: নগাঁও জিলা প্ৰশাসন, তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু নগাঁও প্ৰেছ ক্লাবৰ সহযোগত দেওবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকীৰ সভাপতিত্বত নগাঁও প্ৰেছ ক্লাবৰ ডঃ আবু হানিফা সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিবসৰ কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে- নৱপ্ৰজন্মৰ কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ কমিছে।

বৰ্তমান বাতৰি কাকতে একাংশ লোকৰ দ্ৰয়িং ৰোম শুৱনি কৰি আছে। আনহাতে নৱপ্ৰজন্মৰ মবাইলৰ প্ৰতি থকা আসক্তিত শংকা প্ৰকাশ কৰি বিধায়ক শৰ্মাই কয় যে- ছপা আখৰৰ উজ্বলতা উঠি অহা প্ৰজন্মই অনুভৱ কৰিব পৰা নাই।সামাজিক মাধ্যম সংবাদ মাধ্যমৰ প্ৰতি প্ৰত্যাহ্বানহৈ আহিছে। সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি সাংবাদিক সকলে সুস্থ সাংবাদিকতা কৰিব লাগিব। অনুষ্ঠানত আন এগৰাকী সন্মানীয় অতিথি তথা চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই সংবাদ মাধ্যমলৈ অহা প্ৰত্যাহ্বান সম্পৰ্কত কয় যে তথ্যৰ লগে লগে সংবাদ ক্ষেত্ৰৰ স্বাধীনতা বৰ্তাই ৰাখিব লাগিব।

কীৰ্তিনাথ হাজৰিকা, ৰাধিকামোহন ভাগৱতীৰ দৰে বৰেণ্য সাংবাদিকে কেনেদৰে সাংবাদিকতা কৰিছিল সেই আদৰ্শৰে সাংবাদিক সকলে বাট বুলিব লাগিব। আবেগক সকলো সময়তে সৰ্বস্ব নিদি যুক্তিনিষ্ঠভাবে আগুৱাই যাব লাগিব।সভাত নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই ভাষন প্ৰদান কৰি কয় যে সংবাদ মাধ্যমৰ ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমতাই কৃত্ৰিমতা আনি দিছে। সৰ্বোচ্চ ত্যাগ কৰি সাংবাদিকতা কৰা সাংবাদিক সকলৰ প্ৰতিও ই প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। এনে ক্ষেত্ৰত সাংবাদিক সকলক সুৰক্ষা প্ৰদানত ৰাইজৰ দায়িত্ব আছে।

নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয় যে বাতৰি সংগ্ৰহ কৰোতে তথ্যৰ পৰীক্ষা কৰা প্ৰয়োজন।প্ৰতিযোগিতাৰ দৌৰত বহু সময়ত সাংবাদিক সকলে তথ্য সংগ্ৰহ নকৰে। তদুপৰি চৰজমিন অনুসন্ধান কৰাৰ প্ৰয়োজন। নগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়াই আদৰণি ভাষন প্ৰদান কৰা আৰু প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক নিলোৎপল বৰাই উদ্দেশ্য বাখ্যা কৰা সভাত ‘বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ বিশ্বাসযোগ্যতাৰ সুৰক্ষা প্ৰদান’ শীৰ্ষক চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিষয় বস্তুৰ ওপৰত আলোকপাত কৰি নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকীয়ে কয় যে বৰ্তমান সংবাদ জগতৰ বিশ্বাসযোগ্যতাকলৈ সৃষ্টি হোৱা সমস্যা চৰকাৰী পক্ষৰ পৰা অহা নাই।

আজিৰ বিষয়বস্তু নিৰ্ভৰ কৰিছে বিভ্ৰান্তিমূলক তথ্যই সৃষ্টি কৰা সমস্যাৰ ওপৰত। বৰ্তমান সময়ত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাক বিভিন্ন কাৰকে সন্দেহৰ মাজলৈ আনিছে। ইয়াৰ মূল উৎস তিনিটা।প্ৰথমটো প্ৰযুক্তিগত সম্প্ৰসাৰণ,দ্বিতীয়টো অৰ্থনৈতিক আৰু তৃতীয়টো ৰাজনৈতিক। এটা সময়লৈকে ‘ইনফৰমেচন’ আৰু এন্টাৰটেইনমেন্ট বেলেগ আছিল।বৰ্তমান ‘ইনফটেনমেন্ট’ হৈ পৰাৰ বাবে বিভ্ৰান্তিমূলক তথ্যৰ সম্প্ৰচাৰ বেছি হৈছে। এই সমগ্ৰ কথাবোৰে সংবাদ মাধ্যমৰ ইক চিষ্টেমটোক ক্ষতি কৰিছে।য’ত মানুহৰ মন আছে তাত বিভ্ৰান্তি সৃষ্টিৰ সম্ভাৱনা আছে।

কৃষ্ণ কিংকৰ খাটনিয়াৰে আঁত ধৰা প্ৰেছ দিৱসৰ অনুষ্ঠানত নগাঁও সদৰৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সংবাদ কৰ্মী সকলক জিলা প্ৰশাসন আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱা, নগাঁও প্ৰেছ ক্লাবৰ উপদেষ্টাত্ৰয়ক্ৰমে কনক হাজৰিকা, শৈলেন শইকীয়া,অসীম ‌ভাৱেলৰ লগতে নগাঁও প্ৰেছ ক্লাবৰ সদস্য সকলৰ উপৰিও চামগুৰি, পুৰণিগুদাম বেবেজীয়া, বঢ়মপুৰ, বটদ্ৰৱা, জুৰীয়া, কলিয়াবৰকে ধৰি জিলাখনৰ বিভিন্ন প্ৰেছক্লাবৰ সদস্য সকল উপস্থিত থাকে।

Related Articles