দিল্লীৰ ঘটনাক সমৰ্থন কৰা ব্যক্তিক নিৰীক্ষণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ডিজিটেল সেৱা, ৰহা: সোমবাৰে দেশ কঁপাই যোৱা দিল্লীৰ বিস্ফোৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে । মঙ্গলবাৰে নগাঁও জিলাৰ ৰহাত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ বিস্ফোৰণৰ ঘটনাক গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰে । “ইতিমিধ্যেই আপোনালোকে গম পাইছে যে বিগত দুটা দিনত এক বিশেষ ব্যক্তিৰ হাতৰ পৰা বহু বেছি বিস্ফোৰক নিৰাপত্তাৰক্ষী আৰু চোৰাংচোৱাই জব্দ কৰিছে । নিশ্চিতভাৱে এটা ডাঙৰ ডিজাইন আছিল । আজি গধূলিলৈকে এখন ভাল ছবি দেখা পাম । দেশত যাতে সন্ত্ৰাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে দেশৰ সকলো জনগণ একত্ৰিত হ’ব লাগিব । ”আনহাতে, দিল্লীৰ বোমা বিস্ফোৰণক লৈ হাই এলাৰ্ট জাৰি কৰাৰ সময়ত অসমতো কোনো শংকা আছে নেকি বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “কালিৰে পৰা ফেচবুকত একাংশ লোকে এই ঘটনাক হয় আদৰণি জনাইছে, নহ’লে খুব ফুৰ্তিৰে ইম’জি প’ষ্ট কৰি এই ঘটনাক আদৰণি জনাইছে । তাৰ মানে এইসকল ব্যক্তিয়ে সন্ত্ৰাসবাদক সমৰ্থন কৰে । এইসকল ব্যক্তিৰ আমি বেকগ্ৰাউণ্ড নিৰীক্ষণ কৰি আছোঁ কালি ৰাতিৰ পৰা । “সন্দেহযুক্ত ব্যক্তিক গ্ৰেপ্তাৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “প্ৰয়োজনত কিছু ব্যক্তিক আমি গ্ৰেপ্তাৰো কৰিম । কাৰণ অসমত যাতে সন্ত্ৰাসবাদে কোনো কাৰণত মূৰ দাঙি উঠিব নোৱাৰে । আৰু তেওঁলোকে উৎসাহো যাতে পাব নোৱাৰে তাৰ কাৰণে আমি কঠোৰ হ’বই লাগিব ।”এচাম লোকে সন্ত্ৰাসবাদক সমৰ্থন কৰি অহা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “কালিৰে পৰা আমি দেখিছোঁ এচাম লোকে বিৰাট ফুৰ্তি পাইছে । সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত, মানুহৰ মৃত্যুৰ পাছত যদি কোনোবাই ফুৰ্তি পাব পাৰে তাৰ মানে তেওঁলোকেও সন্ত্ৰসবাদক প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে সমৰ্থন কৰে । ইতিমধ্যেই মই ডি জি পিক নিৰ্দেশ দিছোঁ সকলো নিৰীক্ষণ কৰিবলৈ ।

Related Articles