◆জমিৰ উদ্দিন তালুকদাৰ◆
“প্ৰকৃত শিল্পী এজন ফুলি থকা গোলাপ এপাহৰ দৰে নিষ্পাপ, নিৰ্দোষ৷ বাটৰ কাষৰ ফুলনি এখনত ফুলি থকা গোলাপৰ সুবাস লোৱাৰ অধিকাৰ যিদৰে প্ৰতিজন পথচাৰীৰে থাকে, সেইদৰে শিল্পী এজনকো প্ৰতিজন মানুহেই ভালপোৱাৰ অধিকাৰ থাকে” এই মন্তব্য ডবকা হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক, বিশিষ্ট সাহিত্য সমালোচক ডঃ হাছিনুচ চুলতানৰ৷ ডঃ চুলতানৰ মতে, গীতৰ পেটেণ্ট থাকে। পিছে গীত আৰু গীতৰ স্রষ্টাক ভালপোৱাৰ কোনো পেটেণ্ট নাথাকে বুলি মন্তব্য কৰে৷ অসমীয়াৰ হাৰ্টথ্ৰব জুবিন পৃথিৱীৰ সকলো মানুহৰ, সকলো মানুহৰ যিসকলে তেওঁ আৰু তেওঁৰ সৃষ্টিক সঁচা অন্তৰেৰে ভাল পায় বুলিও কয় ডঃ চুলতানে৷ আজি ডবকাৰ মদাৰতলি উচ্চ মাধ্যমিক বিদ্যালয়ত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত আৰু হোজাই জিলা সাংবাদিক সন্থাৰ আতিথ্যত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত ডঃ হাছিনুচ চুলতানে প্ৰয়াত শিল্পী জুবিন গাৰ্গ বিষয়ত মূল বক্ত ৰূপে বক্তব্য আগবঢ়ায়৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত পুৱাৰ ভাগত ৰাজ্যিক সাংবাদিক সন্থাৰ পতাকা উত্তোলন কৰে হোজাই জিলা সমিতিৰ সভাপতি কফিল উদ্দিন বৰভূঞাই৷ প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তিনি জোপা নাহৰৰ গছ মদাৰতলি হাইস্কুল চৌহদতে ৰোপন কৰা হয়৷ তাৰ পিছতে প্ৰয়াত শিল্পী গৰাকীলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তী প্ৰজ্বলন কৰে মদাৰতলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হাছান আহমেদ বৰভূঞাই৷ স্থানীয় ৰাইজেও প্ৰয়াত শিল্পী গৰাকীলৈ শ্ৰদ্ধা তৰ্পণ কৰে৷ তাৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা৷ স্থানীয় চাংমাজী গাঁও পঞ্চায়তৰ সভানেত্ৰী মিনাক্ষী শইকীয়া বাগলাৰীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত জুবিন গাৰ্গ বিষয়ক বক্তব্য আগবঢ়ায় ডঃ হাছিনুচ চুলতান আৰু হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অচ্যুত কুমাৰ ঠাকুৰীয়াই৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ ওপৰত আলোকপাত কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই৷ ৰাজখোৱাই কয়– অসমৰ মফচলীয়া সাংবাদিকসকল সংবাদ প্ৰতিষ্ঠানৰ মালিক পক্ষৰ শোষণৰ বলি হৈছে৷ মুকলি সভাত স্থানীয় শিল্পীৰ দ্বাৰা জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰা হয়৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত হোজাইৰ বিশিষ্ট সংগীত শিল্পী আফতাব আহমেদৰ উপৰি পাঁচ গৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়৷ সম্বৰ্ধিত ব্যক্তিসকল হৈছে ক্ৰমে ডিব্ৰুগড় জিলাৰ ৰাজীৱ বৰগোঁহাই, প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ খুৰায়েক মনোজ বৰঠাকুৰ, ঢেকিয়াজুলিৰ সাংবাদিক পলিমা চেতিয়া বসুমতাৰী, মৰিগাঁৱৰ সাংবাদিক চাইফুল ইছলাম, কাকজান যোৰহাটৰ ৰামপ্ৰসাদ ফুকন৷ তেওঁলোকক একোখনকৈ ফুলাম গামোছা, জাপি, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ সভাখনত উপস্থিত থাকে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা, অসম ৰাজ্যিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ হবিব মোহাম্মদ চৌধুৰী, সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক পলিমা চেতিয়া বসুমতাৰী, আব্দুল কাদিৰ, কেন্দ্ৰীয় পত্ৰিকা সম্পাদক জমিৰ উদ্দিন তালুকদাৰ, উপদেষ্টা বুবুল দত্ত সহ কেবাখনো জিলাৰ প্ৰতিনিধি উপস্থিত থাকে৷ সভাখনত অঞ্চলটোৰ শতাধিক ৰাইজ, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷