◆জমিৰ উদ্দিন তালুকদাৰ◆
হোজাই জিলাৰ ডবকাৰ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ ৬০০০ বিঘা ভূমিত আজি পুৱাৰ পৰা চলিল প্ৰশাসনৰ ব্যাপক বুলডজাৰ৷ আশীৰ দশকৰ এখন অটব্য অৰণ্য যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰি কেবাখনো গাওঁ গঢ় লৈ উঠিছিল৷ শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ হয় উচ্ছেদ অভিযান। জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু বন বিভাগৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত আৰক্ষী-চিআৰপিএফৰ সহযোগত প্ৰশাসনে জেচিবি লগাই বন বিভাগৰ ৬০০০ বিঘা ভূমিত চলায় ব্যাপক উচ্ছেদ অভিযান৷ বাতৰি অনুসৰি ডবকাৰ যমুনা-মৌডংগা ফৰেষ্ট ৰিজাৰ্ভৰ ৬০০০ বিঘা ভূমি প্ৰায় ১২৫০টা পৰিয়ালে বেদখল কৰি ৰাখিছিল৷ এই গাওঁসমূহত স্কুল, মছজিদৰ লগতে পানী যোগান আঁচনি, অংগনৱাড়ী কেন্দ্ৰ, বিদ্যুৎ যোগান ধৰা হৈছিল৷ আজিৰ পৰা আৰম্ভ হোৱা উচ্ছেদত অসংখ্য ঘৰ-বাৰী, খেতি পথাৰৰ লগতে ১২ টা মছজিদ গৃহও ভাঙি পেলায় প্ৰশাসনে৷ যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলত থকা ১৫২ টা পৰিয়ালে আদালতত গোচৰ তৰাত গোচৰ অমীমাংসিত হৈ থকাত তেওঁলোকৰ ঘৰবোৰত উচ্ছেদ চলোৱা নাই প্ৰশাসনে৷ বাকী ১০৯৮টা পৰিয়ালক কৰা হয় উচ্ছেদ।

ইফালে উচ্ছেদ চলি থকাৰ মাজতে বিন্নাকান্দি সমষ্টিৰ বিধায়ক চিৰাজুদ্দিন আজমলৰ প্ৰতিনিধি তথা এআইইউডিএফ নেতা বিলাল উদ্দিন বৰভূঞাৰ নেতৃত্বত যোৱা এটা দলে উচ্ছেদত বাধা প্ৰদানৰ চেষ্টা কৰে। তেওঁলোকৰ অভিযোগ–প্ৰশাসনে চলোৱা উচ্ছেদৰ সময়ত গছ কাটি খাস্তাং কৰিছে৷ অৱশ্যে প্ৰশাসনে তেওঁলোকৰ বিৰোধক কোনো কেৰেপ নকৰি চলাই যায় উচ্ছেদ৷ ইফালে ভুক্তভোগী ৰাইজৰ মতে, ইউডিএফ নেতা বিলাল উদ্দিনে ৰাজনৈতিক মুনাফা লোৱাৰ চেষ্টা কৰাৰ অভিযোগ তোলে। উচ্চতম ন্যায়ালয়ত গোচৰ তৰা গোচৰীয়াৰ মতে আজমল উচ্চতম ন্যায়ালয়ৰ কাষেই চপা নাছিল৷ প্ৰশাসনে চলোৱা উচ্ছেদত ঘৰ-বাৰী হেৰুৱা লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ যুগ যুগ ধৰি থাকি অহা ঘৰখন নিমিষতে থানবান হোৱাত অসহায় লোকসকলে এই প্ৰচণ্ড শীতত মুকলি পথাৰৰ মাজত তম্বু সাজি আশ্ৰয় লবলগীয়া হৈছে৷ এই লোকসকলৰ বিকল্প সংস্থাপনৰ কোনো ব্যৱস্থা নকৰাৰ অভিযোগ প্ৰশাসনৰ বিৰুদ্ধে।

ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে, আজিৰ পৰা আৰম্ভ হোৱা উচ্ছেদিত গাওঁবোৰত বন বিভাগ আৰু ৰাজহ বিভাগে যৌথ জৰীপ চলাই বেদখলকৃত ভূমি চিনাক্ত কৰি বেদখলকাৰীলৈ জাননী জাৰি কৰিছিল৷ অসম বন আইনৰ নিয়মাৱলী, ১৮৯১ (১৯৯২ চনত সংশোধিত) ৰ ২৪ আৰু ২৫ নং ধাৰাৰ অধীনত বেআইনী বুলি বিবেচিত কৰা হয়। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ Suo Moto PIL No. 1/2022 ৰ লগতে WA No. 251/2025 & WA No. 252/2025 (১৮/০৮/২০২৫ তাৰিখৰ আদেশ) মর্মে বন বিভাগৰ সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধ বেদখল আঁতৰাবলৈ নিৰ্দেশ দিয়ে আৰু বেদখলকাৰীক যুক্তিসংগতভাৱে তেওঁলোকৰ উপস্থিতি বুজাবলৈ ১৫ দিনৰ সময়সীমা বান্ধি দিয়াৰ লগতে অতিৰিক্তভাৱে বনাঞ্চলৰ ভিতৰৰ মাটি খালি কৰিবলৈ আৰু ১৫ দিনৰ সুযোগ দি নিৰ্দেশ দিছিল৷ বেদখলকাৰীয়ে কোনো বৈধ নথি পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰাত আজিৰ পৰা এই উচ্চেদ আৰম্ভ হয়৷ অহা দুই তিনি দিনৰ ভিতৰত সম্পূৰ্ণ ৰূপে উচ্ছেদ হব যমুনা-মৌডংগা সংৰক্ষিত বনাঞ্চলৰ অবৈধ বেদখল৷