◆জমিৰ উদ্দিন তালুকদাৰ◆
উত্তৰ-পূৱৰ সৰ্ববৃহৎ ইছলামী আৰু আধুনিক শিক্ষাৰ পীঠস্থান জামিয়া অসম দাৰুল হাদীছ জয়নগৰৰ ৭৪ তম বাৰ্ষিক সমাৱৰ্তন আৰু পবিত্ৰ বুখাৰী খতম অনুষ্ঠান আজি জামিয়াৰ বাকৰিত সম্পন্ন হয়৷ অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মস্তাক আহমদ আনফৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ আৰম্ভণিতে হবিব মোহাম্মদ চৌধুৰী নেতৃত্বাধীন মাদ্ৰাছাৰ কাৰ্যকৰী সমিতিয়ে বিগত এটা বৰ্ষত সম্পন্ন কৰা প্ৰায় পাঁচটা বিভাগৰ কামৰ খতিয়ান পাঠ কৰে মাদ্ৰাছাৰ সহকাৰী সম্পাদক মৌলানা বাহাৰ উদ্দিন বাহাৰ চাহাবে৷ সভাখনত মাদ্ৰাছাৰ সভাপতি হবিব মোহাম্মদ চৌধুৰীয়ে নিজৰ বক্তব্যত মাদ্ৰাছাৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে ৰাইজক অৱগত কৰে৷ ৰাইজে মাদ্ৰাছাখনৰ প্ৰতি আগবঢ়োৱা অকুণ্ঠ সমৰ্থনৰ বাবে ধন্যবাদ জনায়৷ সভাত মাদ্ৰাছাৰ আয়-ব্যয়ৰ চমু খতিয়ান দাঙি ধৰে মাদ্ৰাছাৰ সম্পাদক মৌলানা তৈয়বুৰ ৰহমান কাছিমী চাহাবে৷ মাদ্ৰাছাৰ আগন্তুক বৰ্ষৰ বাবে প্ৰয়োজনীয় ১০ কোটিটকাৰ এক সাম্ভাব্য বাজেটৰ কথা মুকলি সভাত উল্লেখ কৰে৷ সভাখনত মাদ্ৰাছাৰ শিক্ষা বিভাগৰ উপদেষ্টা মৌলানা মস্তাক আহমদ আনফৰে মাদ্ৰাছাৰ শৈক্ষিক ৰূপৰেখাৰ এক তথ্য ৰাইজৰ আগত দাঙি ধৰে৷

সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে উত্তৰ প্ৰদেশৰ দাৰুল উলুম দেওবন্দৰ শ্বেখুল হাদীছ মৌলানা চৈয়দ চলমান মনচুৰপুৰী৷ মৌলানা চলমান মনচুৰপুৰীয়ে নিজৰ বক্তব্যত হাদীছৰ শ্ৰেষ্ঠ কিতাপ বুখাৰী গ্ৰন্থৰ ওপৰত এক বক্তব্য প্ৰদান কৰে৷ মাদ্ৰাছা শিক্ষিতসকলক শিক্ষিত হোৱাৰ সমানে নৈতিক আৰু চাৰিত্ৰিক দিশত সমাজক নেতৃত্ব দিয়াৰ গুণাৱলীৰে সমৃদ্ধ একো গৰাকী নাগৰিক হোৱাৰ আহ্বান জনায় বিশিষ্ট ইছলামী পণ্ডিত গৰাকীয়ে৷ সমাৱৰ্তনত মাদ্ৰাছাৰ পৰা বিভিন্ন বিষয়ত স্নাতক আৰু ডিপ্লমা গ্ৰহণ কৰা ১১২ গৰাকী ছাত্ৰক সন্মানজনক পাগুৰি (দস্তাৰে ফজিলত) প্ৰদান কৰা হয়৷ চলিত বৰ্ষত দাওৰায়ে হাদীছত ৬০ গৰাকী, পবিত্ৰ কুৰআন মুখস্থ শাখাত ২৯ গৰাকী, কিৰাত শাখাত ২৩ গৰাকী আৰু ইংৰাজী আৰু কম্পিউটাৰ শাখাত ৫ গৰাকী ছাত্ৰক এই সন্মান প্ৰদান কৰা হয়৷ জামিয়াৰ বাৰ্ষিক সমাৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি ৫ জানুৱাৰী সন্ধিয়া জামিয়াত অনুষ্ঠিত এখন সভাত মাদ্ৰাছাৰ বাৰ্ষিক আলোচনী ‘পয়ামে দাৰুল হাদীছ’ মাদ্ৰাছাৰ মাহেকীয়া নিউজ বুলেটিন ‘দাৰুল হাদীছ দৰ্পণ’ উন্মোচন কৰা হয়৷ লগতে একেটা অনুষ্ঠানত মাদ্ৰাছাৰ শিক্ষকসকলে লিখি উলিওৱা ভিন্ন বিষয়ৰ অন্য তিনিখন গ্ৰন্থও উন্মোচন কৰা হয়৷ গ্ৰন্থ কেইখন উন্মোচন কৰে ডবকা হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডঃ হাছিনুচ চুলতানে৷ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডঃ আনোৱাৰ হুছেইন চৌধুৰী, মৌলানা মুজাহিদুল ইছলাম কাছিমী সহ বহুকেইগৰাকী বিশিষ্ট নাগৰিক৷ আজি বুখাৰী খতমৰ অনুষ্ঠানত অসমৰ বিভিন্ন প্ৰান্তৰ ২০ সহস্ৰাধিক লোক উপস্থিত থাকে৷