নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচন’ৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সেৱা: “উদ্বিগ্নতাৰ মাজতো আশাৰ বতৰাতো হৈছে প্লাষ্টিক পচন কৰিব পৰা কিছুমান ভেঁকুৰ আৱিস্কৃত হৈছে আমাৰ ভাৰততে । যিবিলাক ভেঁকুৰে এনজাইম নিঃসৰণ কৰি প্লাষ্টিকৰ অণুবোৰ ভাঙি প্ৰকৃতিৰ কোনো ক্ষতি নোহোৱাকৈ মাটিত মিহলাই দিয়ে । ইতিমধ্যে এই সন্দৰ্ভত বিস্তৃত গৱেষণা চলি আছে আৰু অসমতো সেই ভেঁকুৰৰ বাতাবৰণ উপলব্ধ হোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে । প্লাষ্টিকে পৰিৱেশ তন্ত্ৰলৈ ভাবুকি নমাই অনাৰ সময়তে এয়া আমাৰ বাবে এক আশাৰ বতৰা ।” – এই বক্তব্য নগাঁৱৰ বিশিষ্ট পৰিৱেশ কৰ্মী, চিত্ৰ নিৰ্মাতা তথা শিল্পী প্ৰশান্ত কুমাৰ বৰদলৈৰ । নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচনৰ ষষ্ঠদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি অনুষ্ঠিত ‘অসমৰ জনসমষ্টি, পৰিৱেশ আৰু প্ৰকৃতি’ শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে সেউজ আন্দোলনৰ অন্যতম সংগ্ৰামী গৰাকীয়ে । লগতে তেওঁ উল্লেখ কৰে যুদ্ধৰ বিভীষিকাই আমাৰ পৃথিৱীৰ উত্তাপ বৃদ্ধি কৰাৰ উপৰিও বনাঞ্চল সংকুচিত কৰি আহিছে ।

ইয়াৰোপৰি খেতিপথাৰৰ ৰাসায়নিক সাৰো হৈছে পৃথিৱী ধবংসৰ আন এক অন্যতম উপাদান । যাক প্ৰতিহত নকৰিলে আমাৰ ভৱিষ্যত হৈ পৰিব থানবান । আমি হেৰুৱাম উশাহ লোৱাৰ চোতাল । নগাঁও চহৰৰ ‘আৰ্ট ভিলেজ’ৰ সভাগৃহত অনুষ্ঠিত হোৱা এই বক্তৃতানুষ্ঠানটিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী সুজিত দাসৰ লগতে নগাঁও জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও উপস্থিত থাকে । নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচনৰ সাধাৰণ সম্পাদক জ্যোতিপ্ৰসাদ বৰাই আঁতধৰা এই অনুষ্ঠানটিত প্ৰবীণ সাংবাদিক তথা নিবন্ধকাৰ কনক হাজৰিকায়ো পৰিৱেশ তন্ত্ৰৰ ওপৰত চমু বক্তব্য প্ৰদান কৰে । ২০১১ চনতে প্ৰতিষ্ঠা লাভ কৰা নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচনৰ ষষ্ঠদশ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা ১০ বজাত নগাঁও জিলাৰ আয়ুক্ত দেৱাশিস শৰ্মাৰ চৰকাৰী বাসভৱনৰ চৌহদত ইলেক্ট্ৰ’নিক মিডিয়াৰ সদস্যসকলে গছপুলি ৰোপন কৰে । এটি নাহৰ গছৰ পুলি ৰুই এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত গৰাকীয়ে ।

পুলি ৰোপন কৰি তেওঁ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচনে গ্ৰহণ কৰি ভূমিকাৰ শলাগ লোৱাৰ উপৰিও সকলোকে এই আন্দোলনৰ অংশীদাৰ হ’বলৈ আহ্বান জনায় । আজিৰ এই অনুষ্ঠানসূচীত নগাঁও ইলেক্ট্ৰ’নিক মিডিয়া এছ’চিয়েচনৰ সভাপতি মানৱজ্যোতি বৰা, উপ সভাপতি বীৰেন বৰা, বিত্ত সম্পাদক ৰঞ্জন বৈৰাগী আদিকে ধৰি সমূহ বিষয়ববীয়া তথা সদস্যসকল উপস্থিত থাকে । বিয়লিলৈ সংবাদকৰ্মীৰ অন্তৰংগ আলাপ আৰু ইলেক্ট্ৰ’নিক মিডিয়াৰ কাৰ্যালয় চৌহদত বন্তি প্ৰজ্বলনৰ জৰিয়তে ষষ্ঠদশ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি পৰে ।

Related Articles